ETV Bharat / state

সত্ৰনগৰীত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ তিৰােভাৱ তিথিত ঘোষাপাঠ - Mahapurush Srimanta Sankaradeva

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 1:42 PM IST

Death anniversary of Sankaradeva : নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে । সত্ৰসমূহত পুৱাৰে পৰাই ভক্তসকলে নাম- প্ৰসঙ্গত অংশগ্ৰহণ কৰিছে ।

Death anniversary of Sankaradeva
শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি (ETV Bharat Assam)

বৰপেটা, ৪ ছেপ্টেম্বৰ: অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শন, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ আজি সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ সমূহত পালন কৰা হৈছে ৷ গুৰুজনাৰ একান্ত শিষ্য মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ ৷

সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে পুৱাৰে পৰাই বৰপেটা সত্ৰত ভক্তসকলে গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে সত্ৰত পালিত নাম প্ৰসঙ্গত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য় যে বৰপেটা সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথিটো 'কীৰ্তন মহোৎসৱ' হিচাপে পালন কৰি আহিছে ৷ গুৰুজনাৰ কীৰ্তন মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰত পুৱাৰ গীত আৰু ভটিমা গোৱাৰ পিচতে ঘোষাপাঠ কৰা হয় ৷

আনহাতে, সত্ৰৰ গায়ন-বায়নে গুৰুঘাট পৰিবেশন কৰি ভোজন ব্যৱহাৰ অংক ৰূপায়ন কৰে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসঙ্গ আৰু হৰি নাম কীৰ্তনৰ ধ্বনিত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে ৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গায়ন-বায়নৰ বিবিধ সত্ৰীয়া ৰীতি পৰম্পৰা পৰিবেশনৰ লগতে সত্ৰৰ প্ৰসঙ্গত ভক্তসকলে সভক্তিৰে অংশগ্ৰহণ কৰে ৷

গুৰুজনাৰ তিথি মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত আজি পুৱাৰে পৰাই বহু লোকৰ সমাগম হয় ৷ সত্ৰৰ ডেকাসত্ৰীয়াই প্ৰসংগত ভাগ লোৱাৰ লগতে ভক্তসকলক আশিস-নিৰ্মালী প্ৰদান কৰে ৷ ইপিনে, বিয়লি সত্ৰত ঘোষা কীৰ্তন আৰু ব্যাস কীৰ্তন কৰা হ'ব ৷ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ বৃন্দাবনহাটীৰ ভক্তসকলে গায়ন-বায়ন,ওজাপালি আৰু নাম-কীৰ্তনৰে সৈতে বিশাল সমদল কৰি সত্ৰত কৰভাৰ প্ৰদান কৰিব ৷ ভক্তসকলে সত্ৰত কৰভাৰ প্ৰদান কৰিবলৈ যোৱাৰ সময়ত পথৰ দুয়োকাষে অজস্ৰ ভক্তৰ সমাগম হয় ।

লগতে পঢ়ক:বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰৰ ৫৩৪ সংখ্যক জন্মজ‌য়ন্তী পালন - MATHURA DAS BURHA ATA

মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি : হৰি নামৰ অমিয়া সুৰত মুখৰিত কলিয়াবৰ আৰু বৰপেটা সত্ৰ - Madhabdev Birth Anniversary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.