ETV Bharat / state

মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিত মংগল কামনাৰে অক্ষয় বন্তিত দিলে তেল - Death anniversary of Madhavdev

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 9:29 PM IST

428th Death anniversary of Madhavdev : আজি হৰিনামৰ ধ্বনিৰে মুখৰিত হয় ৰাজ্য । মাধৱদেৱৰ তিথি উপলক্ষে সত্ৰসমূহত ভীষণ ব্যস্ততা পৰিলক্ষিত হয় । ৰাইজৰ কুশলৰ বাবে অক্ষয় বন্তিত তেল, শৰাই আগবঢ়াইছে ভকতে ।

428 Death anniversary of Madhavdev
ৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য (ETV Bharat Assam)

নিউজ ডেস্ক, ২৪ আগষ্ট : আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি । ৰাজ্যৰ অনান্য ঠাইৰ লগতে যোৰহাট জিলাৰ পূব প্ৰান্তত মাধৱদেৱে নিজহাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দিনযোৰা কাৰ্যসূচীৰে মাধৱদেৱ তিথি উদযাপন কৰা হয় । পুৱা প্ৰাতঃ প্ৰসংগ, দিহানামেকে ধৰি গুৰু কাৰ্যসূচীৰে আৰম্ভ কৰি নাম কীৰ্তনৰে সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তোলে ।

টীয়কত পালন মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি (ETV Bharat Assam)

ইপিনে আজিৰ এই বিশেষ দিনটোত পূৰ্বৰ দৰে পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে হাতে হাতে শৰাই, ধূপ, চাকি লৈ নেদেখাজনৰ চৰণত সেৱা জনায় । সমান্তৰালকৈ নামঘৰ পৰিচালনা সমিতিয়েও সকলো ৰাইজৰ কুশল মংগলৰ অৰ্থে অক্ষয় বন্তিত তেল, এখনি শৰাই আগবঢ়ায় । জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে পূৰ্ণ সহযোগত মাহজোৰা পালনাম আৰু মহাপুৰুষ মাধৱদেৱৰ তিথি উদযাপন কৰা হৈছে ।

  • মৰিগাঁৱত শোভাযাত্ৰা :

আজি মাধৱদেৱৰ দাস্য ভকতিত মুখৰিত হয় মৰিগাঁও আকাশ-বতাহ । বিভিন্ন নামঘৰ, কীৰ্তন ঘৰৰ সমান্তৰালকৈ মৰিগাঁৱত ঘোষা, পদ পৰিৱেশনৰে সনাতনী সমাজে উদযাপন কৰিলে শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ, কীৰ্তন ঘৰ, মঠ-মন্দিৰৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন নামঘৰ, কীৰ্তন ঘৰত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় । হৰিনামৰে মুখৰিত হয় মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চল ।

মৰিগাঁৱত পালন মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি (ETV Bharat Assam)

মৰিগাঁও সনাতনী সমাজে প্ৰথমবাৰৰ বাবে উদযাপন কৰিলে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি । জাউৰিয়ে জাউৰিয়ে মাধৱদেৱৰ বিভিন্ন ঘোষা, পদ, বৰগীত আদি পৰিৱেশনৰে ছন্দিত হয় মৰিগাঁৱৰ আকাশ-বতাহ । এক কথাত ক'বলৈ গ'লে গুৰু দুজনাৰ সৃষ্টিৰাজি তথা দেৱবাদ্যৰ তাল, লয়ত নাচি-বাগি আয়তীসকলে ৰাজপথত পৰিৱেশন কৰিলে ঘোষা, পদ আদি । স্বেচ্ছাসেৱী সংগঠন সহায় অসমৰ উদ্যোগত আৰু সনাতনী ৰাইজৰ সহযোগত মৰিগাঁও চহৰত উলিওৱা হয় এক শোভাযাত্ৰা ।

সহায় অসমৰ সভাপতি ৰাজু মহন্তই কয়, "আমি সকলো সনাতনী ৰাইজ একেলগে আছো আৰু ভৱিষ্যতে একেলগে থাকি সকলো সনাতনী ৰাইজ যে একেডাল সমন্বয়ৰ ডোলেৰে বন্ধা তাকেই প্ৰমাণ কৰিবলৈ বিচাৰিছো ।"

  • ধুবুৰীত মাধৱদেৱৰ তিৰভাব তিথি উদযাপন :

ৰাজ্যৰ অন্য় প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ জিনকাটাৰ শ্রীশ্রী ৰাজহুৱা সত্ৰত দিনযোৰা কাৰ্যসূচীৰে মাধৱদেৱ তিথি উদযাপন কৰা হয় । পুৱা প্ৰাতঃপ্ৰসংগ,দিহা নামেকে ধৰি গুৰু কাৰ্যসূচীৰে আৰম্ভ কৰি নাম কীৰ্তনৰ সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তোলে । ইপিনে, নামঘৰ পৰিচালনা সমিতিয়েও ৰাইজৰ কুশলৰ অৰ্থে অক্ষয় বন্তিত তেল দিয়াৰ লগতে এখনি শৰাই আগবঢ়ায় ।

ধুবুৰীত পালন মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি (ETV Bharat Assam)

লগতে পঢ়ক:বৰপেটা আৰু মাজুলীত মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি পালন - Death anniversary of Madhavdev

মুখাৰ উদ্যোগত নৱম বাৰ্ষিক বিষ্ণু জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ - Theatre Group Mukha Barpeta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.