ETV Bharat / state

গোৱালপাৰাত উদ্ধাৰ নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ - TEENAGER DEATH IN GOALPARA

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 4:10 PM IST

Suspicious death: গোৱালপাৰা চহৰৰ হাচিলা বাছষ্টেণ্ডৰ চৌহদত কিশোৰৰ মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো দস্তিনগৰৰ এগৰাকী কিশোৰৰ বুলি চিনাক্ত কৰা হৈছে ৷ শনিবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰজন ৷

TEENAGER DEATH IN GOALPARA
নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ (Etv Bharat Assam)

গোৱালপাৰা, 12 মে’ : গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা হাচিলা বেচৰকাৰী বাছষ্টেণ্ডৰ সমীপত মৃতদেহ উদ্ধাৰ ৷ বাছষ্টেণ্ডটোৰ সমীপত থকা নলাত অৰ্ধ নগ্ন অৱস্থাত দেওবাৰে পুৱা উদ্ধাৰ এগৰাকী 16 বছৰীয়া কিশোৰৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ মৃতদেহটো ইতিমধ্যে গোৱালপাৰা চহৰৰ দোস্তিনগৰ নিবাসী মাজুম হকৰ পুত্ৰ নিজামুল হকৰ বুলি চিনাক্ত কৰা হৈছে ৷

এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি, শনিবাৰৰ সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল কিশোৰগৰাকী ৷ পৰিয়ালৰ লোকে গোৱালপাৰা চহৰৰ সম্ভাব্য সকলো স্থান আৰু আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিও কিশোৰগৰাকীৰ সন্দৰ্ভত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷

পিছে দেওবাৰে পুৱা ঘৰৰ কাষতে থকা হাচিলা বেচৰকাৰী বাছষ্টেণ্ড চৌহদৰ এটি নলাত কিশোৰগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷ এই ঘটনাই পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে, কিশোৰগৰাকীৰ মৃতদেহটো অৰ্ধ নগ্ন অৱস্থাত নলাত পৰি আছিল ৷

এই মৃতদেহটো প্ৰথমে একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰি পৰিয়ালৰ লগতে খবৰ দিয়ে আৰক্ষীক ৷ এই খবৰ লাভ কৰা মাত্ৰকে গোৱালপাৰা সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, কিশোৰগৰাকীৰ ডিঙিৰ সন্মুখৰ ভাগত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে মৃতদেহৰ কাষতে পৰি আছিল‌ এখন চোকা ব্লেড ৷ এই অৱস্থালৈ লক্ষ্য কৰি নিজামুল হক নামৰ কিশোৰজনক কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে ৷

বিপৰীতে নিজামুলৰ পিতৃয়ে সদৰী কৰা মতে, কিশোৰগৰাকী বিগত আঠ বছৰ‌ ধৰি মৃগী ৰোগত আক্ৰান্ত হৈ আছিল ৷ যেতিয়াই এই ৰোগে দেখা দিয়ে, কিশোৰগৰাকীয়ে তেতিয়াই য'তে-ত'তে পৰি গৈ মূৰ্ছা যায় ৷

এনে অৱস্থাত কিশোৰগৰাকী ৰোগত আক্ৰান্ত হৈ নলাত পৰি মৃত্যুক সাৱটিলে নে কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে হত্যা কৰি নলাত অৰ্ধনগ্ন‌ কৰি পেলাই থৈ গ’ল,‌ তাক লৈ সৃষ্টি হৈছে ৰহস্য ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিচতহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি দাবী কৰে গোৱালপাৰা সদৰ আৰক্ষীয়ে ৷ কিন্তু স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, এই ঘটনা সংঘটিত হোৱাৰে পৰা কিশোগৰাকীৰ এজন বন্ধুও নিখোঁজ হৈ আছে ৷ বন্ধুজনে সেই অঞ্চলতে গাড়ীত কাম কৰি জীৱন নিৰ্বাহ কৰে ৷

লগতে পঢ়ক: ঘৰৰ ওচৰতে খেলিবলৈ গৈছিল অভিলাষ, তাৰ পিচৰে পৰাই নাই শুংসূত্ৰ - Missing Case In Guwahati

পুখুৰীত উদ্ধাৰ তিনিদিনে নিৰুদ্দেশ হৈ থকা কিশোৰৰ মৃতদেহ - Teenagers DIES BY DROWNING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.