ETV Bharat / state

ড৹ নগেন্দ্র নাথ শর্মা-ইদ্রিছ আলীলৈ 'দৰং ৰত্ন' সন্মান - Darrang Sahitya Sabha

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:05 PM IST

Darang Ratna : ২০১৮ চনৰ পৰা দৰং জিলা সাহিত্য সভাই 'দৰং ৰত্ন' সন্মান প্রদান কৰি আহিছে । সামাজিক, সাংস্কৃতিক, বৌদ্ধিক বিষয়ৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়োৱা ব্য়ক্তিক প্ৰদান কৰি অহা হৈছে এই সন্মান ।

Darrang Sahitya Sabha Press meet
দৰং জিলা সাহিত্য সভা (ETV Bharat Assam)

দৰং, ২১ জুলাই: দৰং জিলা সাহিত্য সভাই ২০২৩-২৫ বৰ্ষৰ কাৰ্যকালত দৰঙৰ দুগৰাকী কৃতী সন্তান ক্রমে ড৹ নগেন্দ্র নাথ শর্মা আৰু অধ্যাপক ইদ্রিছ আলীক দৰঙৰ সৰ্বোচ্চ সন্মান 'দৰং ৰত্ন' সম্মান প্রদান কৰিব । মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক,বিশিষ্ট লেখক, অসম সাহিত্য সভাৰ সীতানাথ ব্রহ্মচৌধুৰী বঁটা প্ৰাপক, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন বিধায়ক ড৹ নগেন্দ্র নাথ শর্মা আৰু মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক, গীতিকাৰ, অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি, দৰং জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি, 'গীতিকবি পার্বতী প্রসাদ বৰুৱা বঁটা' প্রাপক অধ্যাপক ইদ্রিছ আলীক চলিত বৰ্ষৰ ছেপ্টেম্বৰত এই সন্মান প্রদান কৰা হ'ব । দেওবাৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে এক সংবাদমেলত এই কথা ঘোষণা কৰে ।

দৰং জিলা সাহিত্য সভা (ETV Bharat Assam)

উল্লেখ্য যে দৰং জিলা সাহিত্য সভাই ২০১৮ চনত দৰং জিলা সাহিত্য সভা প্রকল্পত আয়োজিত এক বিশেষ অনুষ্ঠানত বিশিষ্ট সংস্কৃত পণ্ডিত, সাহিত্য অকাডেমী অনুবাদ বঁটা প্রাপক, মঙলদৈ মহাবিদ্যালয় সংস্কৃত বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক প্রভাত চন্দ্র শর্মাশাস্ত্রী আৰু ২০২১ চনত গুৱাহাটীত আয়োজন কৰা বিশেষ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক,অসম সাহিত্য সভাৰ 'সদস্য মহীয়ান', প্রফেচাৰ এমেৰিটাচ ড৹ নবীন চন্দ্র শর্মাক 'দৰং ৰত্ন' সন্মান প্রদান কৰিছে ।

উল্লেখ্য় যে অসমৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক আৰু অন্যান্য গুৰুত্বপূর্ণ বিষয়সমূহৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়াই ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা একোগৰাকী কৃতীমান দৰং সন্তানক বিগত ২০১৮ চনৰ পৰা দৰং জিলা সাহিত্য সভাই 'দৰং ৰত্ন' সন্মান প্রদান কৰি আহিছে । দৰং জিলা সাহিত্য সভাৰ প্রতিটো কার্যকালত দৰঙৰ সমাজ-জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই জিলাখনক উৎকৃষ্টতাৰ দিশে আগবঢ়াই লৈ যোৱা দৰঙৰ একোগৰাকী পুৰোধা ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হয় । জিলা সভাই গঠন কৰা এখন বিশেষজ্ঞ সমিতিয়ে এই সন্মানৰ বাবে ব্যক্তি নির্বাচিত কৰে ।

লগতে পঢ়ক:বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ 'জয়ছিং হাঞ্চে বঁটা' প্ৰদান - Assam Sahitya Sabha

যোৰহাট জিলা হকাৰ সন্থা-চাংকাকতি শৈক্ষিক ন্যাসৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা - Student Felicitation Programme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.