তেজপুৰ, ৭ জুলাই : অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মঠত পালন কৰা হয় তিব্বতীয় ধৰ্মগুৰুৰ দালাই লামাৰ জন্মদিন । অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৮৯ সংখ্যক জন্মদিনত দালাই লামাক শুভেচ্ছা জ্ঞাপন কৰে । এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী খাণ্ডুয়ে দালাই লামাক শুভেচ্ছা জনাই লিখিছে, "পৰম পবিত্ৰ দালাই লামাক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ! আপোনাৰ শান্তি, মমতা আৰু দয়াৰ শিক্ষাই আমাক সকলোকে অনুপ্ৰাণিত কৰি আহিছে । আপুনি আশাৰ প্ৰকৃত ৰেঙণি । আপোনাৰ দিহা-পৰামৰ্শ আৰু শিক্ষাৰ বাবে আমি গভীৰভাৱে কৃতজ্ঞ । পৃথিৱীত মানৱতাৰ মনোভাৱ বিয়পাই দিবলৈ আপুনি সদায় সুখী আৰু সুস্থ হৈ থাকক ।"
![Dalai Lama birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-07-2024/as-tezpur-01-6july-pix-dalailama-pranabkumardas-7203907_06072024161341_0607f_1720262621_726.jpeg)
দালাই লামাৰ জন্মদিনত ৰক্তদান :
অৰুণাচল প্ৰদেশৰ টাৱাঙত ধৰ্মগুৰু দালাই লামাৰ জন্মদিনত সামূহিক ৰক্তদান শিবিৰৰো আয়োজন কৰা হয় । তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মনপা ফাউণ্ডেচনে টাৱাঙৰ কেডিএছ চৰকাৰী চিকিৎসালয়ত এই ৰক্তদান শিবিৰৰ আয়োজন কৰে । বহু যুৱক-যুৱতীয়ে এই শিবিৰত ৰক্তদান কৰে । উল্লেখ্য যে দালাই লামাৰ জন্মদিন প্ৰত্যেক বছৰেই টাৱাঙৰ উৰগেলিং বৌদ্ধ মঠত পালন কৰা হয় । এই উৰগেলিং বৌদ্ধ মঠ হৈছে ষষ্ঠ দালাই লামাৰ জন্মস্থান । য'ত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু টাৱাঙৰ বৌদ্ধ ধৰ্মৰ লোকসকলে ধৰ্মগুৰুৰ জন্মদিন পালন কৰে । বৌদ্ধ ধৰ্মৰ কেইবাগৰাকী ধৰ্মগুৰু আৰু খাণ্ডুৱে মঠত কেক কাটি দালাই লামাৰ জন্মদিন পালন কৰে ।
![Dalai Lama birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-07-2024/as-tezpur-01-6july-pix-dalailama-pranabkumardas-7203907_06072024161341_0607f_1720262621_380.jpeg)
কেনেকৈ আহিছিল দালাই লামা :
অৰুণাচল প্ৰদেশৰ খেনজিমণি পথেৰে দালাই লামাই ভাৰতত প্ৰৱেশ কৰিছিল । বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জেমিথাং চেক্টৰৰ ভাৰত-তিব্বত সীমান্তৰে তেওঁ প্ৰৱেশ কৰিছিল । সেই পথটো ভাৰতীয় সেনাৰ সীমান্ত পথ সংস্থাৰ দ্বাৰা ২০২২ চনত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হয় । দালাই লামাৰ বিষয়ে ডম মোৰাইছৰ কালজয়ী গ্ৰন্থ 'তিব্বতত বিদ্ৰোহ'ত লাছাৰ পৰা পলায়নৰ বৰ্ণনাত আৰু বিশেষকৈ ভাৰত পাৰ হোৱাৰ পিচত তেওঁৰ পৰৱৰ্তী যাত্ৰাৰ বৰ্ণনাত তেওঁক নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে অসম ৰাইফলছৰ কথা উল্লেখ কৰা হৈছে, "অসম ৰাইফলছৰ সেনাৰ এটা বৃহৎ দল পঠোৱা হৈছিল ।"
সীমান্তৰ পোষ্টত অসম ৰাইফলছ নিয়োগ কৰি দালাই লামাৰ নিৰাপত্তা নিশ্চিত কৰিছিল, যাতে টাৱাঙলৈ অনাৰ সময়ত কোনো লোকক হেৰুৱাব নালাগে । সেই সময়ত উত্তৰ-পূব সীমান্ত এজেন্সিয়ে ছীল কৰি দিয়া দিছিল, কেৱল স্বীকৃতিপ্ৰাপ্ত বিষয়া আৰু স্থানীয় জনসাধাৰণক হে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল । অসমৰ বৰ্তমান অৰুণাচল প্ৰদেশৰ পাদদেশ অঞ্চলত ব্যক্তিগত যাতায়াত নিষিদ্ধ কৰি পৰিচয় পত্ৰসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছিল । চুইথাংমুত দালাই লামাৰ দেহৰক্ষীসকলে ভাৰতীয় কৰ্তৃপক্ষৰ হাতত তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ অৰ্পণ কৰে আৰু লগে লগে অসম ৰাইফলছৰ সেনা বাহিনীয়ে এইগৰাকী জীৱন্ত বুদ্ধৰ এস্ক’ৰ্ট হৈ পৰিল ।
![Dalai Lama birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-07-2024/as-tezpur-01-6july-pix-dalailama-pranabkumardas-7203907_06072024161341_0607f_1720262621_207.jpeg)
আনহাতে ৫ নং বিএন, অসম ৰাইফলছে এই পবিত্ৰ যাত্ৰাত দালাই লামাক টাৱাং, বমডিলা আৰু তাৰ পিচত তেজপুৰলৈ লৈ অনাৰ বাবে একক বৃহৎ সন্মান দিছিল । অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিচত তেওঁ গোৰ্ছাম, শক্তি, লুমলা আৰু থংলেঙত নিশা কটাইছিল । ১৯৫৯ চনৰ ৫ এপ্ৰিলত টাৱাং বৌদ্ধ মঠৰ গুৰু আৰু চৰকাৰী বিষয়াসকলে টাৱাং মঠত তেওঁক আদৰণি জনায় । আন এক বিৱৰণত বোমডিলাৰ পৰা জীপেৰে প্ৰায় ৭০ মাইল খোজকাঢ়ি যোৱা যাত্ৰাৰ কথা উল্লেখ আছে ।
সীমান্তৰ ঠিক সিপাৰে "ফুটহিলছ নামেৰে জনাজাত ঠাই এডোখৰত অসম ৰাইফলছৰ পোষ্ট আছিল", এই পোষ্টত তেতিয়াৰ নেফাক অসমৰ পৰা পৃথক হোৱাৰ বাবে সীমান্ত নিয়ন্ত্ৰণ কৰিছিল । অসম ৰাইফলছে তেওঁক এস্কৰ্ট কৰি উপাযুক্তৰ বৰ্তমানৰ চৰকাৰী বাংলো টাৱাঙলৈ লৈ যায় য'ত তেওঁ তিনি নিশা থাকে । এইগৰাকী বৌদ্ধ ধৰ্মীয় পৰমপূজ্যক ভাৰতলৈ বলপূৰ্বক নিৰ্বাসনৰ পিচত চুথাংমু, বুমলা আৰু চুনা নামৰ সীমান্ত চকীত 'খাম্পা' নামৰ সশস্ত্ৰ তিব্বতীয় শৰণাৰ্থীৰ বিশাল প্ৰৱেশ দেখা যায় ।
নিৰাপত্তাজনিত কাৰণত খাম্পাসকলক আৰু আগবাঢ়ি যাবলৈ দিয়াৰ পূৰ্বে নিৰস্ত্ৰ কৰা হয় । ইয়াৰ পিচত পঞ্চম অসম ৰাইফলছে কামেং সীমান্তৰ মাজেৰে প্ৰায় ১২ হাজাৰ শৰণাৰ্থীক এস্কৰ্ট কৰে । পঞ্চম অসম ৰাইফলছৰ জোৱানসকলে অদম্য সংকল্প আৰু নিষ্ঠা, প্ৰতিকূল বতৰক নেওচি অত্যন্ত সাহসৰে, ঠেক ভূ-খণ্ড আৰু চীনা বাহিনীৰ বাধাৰ অহৰহ আশংকাৰ মাজতো কৰ্তব্য পালন কৰে ।
![Dalai Lama birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-07-2024/as-tezpur-01-6july-pix-dalailama-pranabkumardas-7203907_06072024161341_0607f_1720262621_1107.jpg)
দালাই লামা অহাৰ বিৱৰণ : অসম ৰাইফলছৰ ৫ নং বাহিনী ১৯৫৮ চনৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং সীমান্তত নিয়োজিত হৈ আছিল । ইয়াৰ স্থানসমূহ কামেং সীমান্তৰ চুথাংমু, বুমলা আৰু চুনা আৰু সোৱণশিৰি সীমান্তৰ লংজু আৰু টাক্সিঙকে ধৰি বৃহৎ অঞ্চলত বিস্তৃত আছিল । এই সময়ছোৱাত তিব্বতত বিদ্ৰোহ চলিছিল । ১৯৫৯ চনৰ ১৭ মাৰ্চত পৰিয়ালৰ সৈতে চতুৰ্দশ দালাই লামা টেনজিং গিয়াৎছোৱে লাছাৰ পৰা পলায়ন কৰে । ১৯৫৯ চনৰ ২৬ মাৰ্চত দালাই লামাৰ পলায়ন কৰা কাৰাভানখনে অৱশেষত লুণ্টচেজত উপস্থিত হয় । যাত্ৰাটো ভাৰত চৰকাৰ আৰু ইয়াৰ সশস্ত্ৰ বাহিনী বিশেষকৈ অসম ৰাইফলছ ৰেজিমেণ্টে আগবঢ়োৱা মমতা আৰু সমৰ্থনৰ প্ৰমাণো আছিল ।