ETV Bharat / state

সন্তান শিক্ষানুষ্ঠানলৈ যোৱাৰ পিচতে হোৱাটছএপ যোগে আপোনালৈ আহিব পাৰে ভয়ংকৰ ফোনকল - Cyber Crime in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 7:52 PM IST

ধন ঘটাৰ বাবে চাইবাৰ অপৰাধীয়ে এইবাৰ লৈছে নতুন কৌশল ৷ হোৱাটছএপ যোগে অহা এনে ফোন কলৰ পৰা সতৰ্ক হওক আপুনিও ৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত হ’ল এনে এক ঘটনা ৷

Etv Bharat
Etv Bharat
ৰাজ্যত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা

গুৱাহাটী, 26 এপ্ৰিল : বৰ্তমান সময়ত জনপ্ৰিয় হৈ পৰা 'আৰ্টিফিছিয়েল ইন্টেলিজেন্স' চমুকৈ এ আইৰ অপব্যৱহাৰৰ জৰিয়তে দুষ্টচক্ৰই লক্ষ্য কৰি লৈছে একাংশ লোকক ৷ এ আই (AI) প্ৰযুক্তিক অবৈধভাৱে ধন ঘটাৰ এক আহিলা হিচাবে ব্যৱহাৰ কৰিবলৈ লৈছে দুষ্টচক্ৰই ৷ আপোনাৰ সন্তান শিক্ষানুষ্ঠানলৈ যোৱাৰ পিচতে হোৱাটছএপ যোগে (WhatsApp) আপোনালৈ আহিব পাৰে ভয়ংকৰ ফোনকল ৷ হোৱাটছএপ যোগে অহা এই ফোন কলৰ পৰা সাৱধান হওক আপুনি ৷ নহ'লে আপুনি হেৰুৱাব লাগিব গাঁঠিৰ ধন ৷ আপোনালৈ অহা অচিনাকী ফোন কলটোত আপোনাৰ সন্তানে অপৰাধমূলক কাৰ্য সংঘটিত কৰা বুলি ধন দাবী কৰিব ৷

ৰাজ্যত চাইবাৰ অপৰাধৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সময়তে এইবাৰ কলেজীয়া ছাত্ৰক লক্ষ্য হিচাপে লৈ অভিভাৱকক ব্লেকমেইলিং কৰি অনলাইন যোগে ধন ঘটাত নামি পৰিছে দুষ্ট চক্ৰ ৷ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ কন্ঠস্বৰ 'আৰ্টিফিছিয়েল ইন্টেলিজেন্স'ৰ সহায়ত হুবহু নকল কৰি হোৱাটছএপ কল যোগে পিতৃ-মাতৃক শুনায় অপৰাধীয়ে ৷ এনেদৰে অভিভাৱকক ভীতিগ্ৰস্ত কৰি অপৰাধীয়ে ধন দাবী কৰে ৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত হ’ল এনে এক ঘটনা ৷

ভুক্তভোগীৰ সন্তান ঘৰৰ পৰা স্কুল-কলেজলৈ ওলাই যোৱাৰ পিচতে এই চক্ৰটোৱে নিজকে আৰক্ষী বা কোনো আইন প্ৰণয়নকাৰী সংস্থাৰ ব্যক্তি বুলি পিতৃ-মাতৃক হোৱাটছএপ যোগে ফোন কৰি তেওঁলোকৰ পুত্ৰক অপৰাধমূলক গোচৰত আটক কৰা বুলি অৱগত কৰে ৷ পিতৃ-মাতৃক এই ঘটনা সন্দৰ্ভত পতিয়ন নিয়াবলৈ সন্তানৰ কণ্ঠস্বৰো ম'বাইলত শুনায় ৷ ইয়াৰ পিচত নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দিয়া অপৰাধী চক্ৰই বিষয়টো নিষ্পত্তি কৰাৰ বাবে অভিভাৱকক অনলাইনযোগে টকা ট্ৰান্সফাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ বিগত কেইটামান দিনত গুৱাহাটীৰ বহু অভিভাৱকে এনে ফোনকল লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷

মহানগৰীৰ বৰঠাকুৰ মিল ৰোডৰ শ্বেহৰাজ আহমেদ নামৰ ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়েও এনে ফোন লাভ কৰিছিল ৷ ডনবস্ক বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বেহৰাজ ক্লাছলৈ যোৱাৰ পিচতে বৃহস্পতিবাৰে বিয়লি তেওঁৰ পিতৃলৈ হোৱাটছএপ যোগে এটা ফোন আহে ৷ নিজকে আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া বুলি পৰিচয় দিয়া অপৰাধী চক্ৰৰ সদস্যই ছাত্ৰগৰাকীৰ পিতৃক অৱগত কৰে যে তেওঁৰ পুত্ৰই সতীৰ্থৰ সৈতে এগৰাকী যুৱতীক ধৰ্ষণ কৰিছে ৷ এই অপৰাধত আৰক্ষীয়ে তেওঁক আটক কৰিছে ৷ বিষয়টো নিষ্পত্তি কৰাৰ বাবে ছাত্ৰগৰাকীৰ পিতৃক ধন আদায় দিবলৈ নিৰ্দেশ দিয়ে চক্ৰটোৱে ৷

অভিভাৱকক অনলাইন যোগে প্ৰথমে 40 হাজাৰ টকা আৰু পৰৱৰ্তী সময়ত 1 লাখ টকা দিবলৈ দাবী জনায় অপৰাধী চক্ৰটোৱে ৷ এই কথাৰ বিশ্বাস জন্মাবলৈ আশ্চর্যজনকভাৱে অভিভাৱকক ছাত্ৰগৰাকীৰ কণ্ঠস্বৰো শুনায় ৷ য'ত ছাত্ৰগৰাকীয়ে কান্দি কান্দি তেওঁক বচাবলৈ পিতৃ-মাতৃক অনুৰোধ জনায় ৷ ঘটনাৰ আকস্মিকতাত স্বাভাৱিকতে বিতত হৈ পৰে পিতৃ-মাতৃ ৷ অৱশ্যে মাতৃয়ে লগে লগে তেওঁৰ পুত্ৰক ভিডিঅ' কল কৰে আৰু গ্ৰেপ্তাৰ কৰা বুলি অপৰাধী চক্ৰই অৱগত কৰা সন্তানক বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাতে দেখা পায় ৷ এই ঘটনাৰ পিচতে ছাত্ৰগৰাকীৰ পিতৃয়ে লগে লগে বিষয়টো পল্টন বজাৰ থানাক অৱগত কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত আইপিএল জুৱাৰী, জব্দ ১০ লক্ষাধিক টকা - IPL Gambler Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.