জোনাই, ১০ মাৰ্চ: চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে চমকং আঞ্চলিক ৰংগমঞ্চত সাংস্কৃতিক প্ৰতিযোগিতা । শনিবাৰে পুৱা ৭ বজাত চমকং আঞ্চলিক দঃঞি পঃলঃ য়েলাম কৌবাঙৰ বিষয়ববীয়া দিবাকৰ পেগুৰ নেতৃত্বত চাফাই অভিযান । পুৱা ৭:৩০ বজাত মুখ্যদ্বাৰ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি কান্দা টায়েঙে । পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে চমকং আঞ্চলিক মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি মহেশ কাৰ্দঙে ।
পুৱা ১০ বজাত সাংস্কৃতিক মঞ্চৰ উদ্বোধন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শচীন দলেয়ে । পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰে চমকং আঞ্চলিক মিচিং আগম কৌবাঙৰ উপ সভাপতি হেমকান্ত বড়িয়ে । সাংস্কৃতিক প্ৰতিযোগিতাত লৃগাং চঃনাম,দোমদোম মান্নাম, ঐনিতম, আনঃনিতম, কাবান, ক-নি নাম,পঃপি য়াদনাম অনুষ্ঠিত হয় ।
সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হয় প্ৰতিনিধি সভা । সন্ধিয়া ৭ বজাৰ পৰা মিচিং নৃত্য-গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে পুৱা ৬ বজাত চাফাই অভিযান । পুৱা ৯ বজাত গছপুলি ৰোপণ কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিপক মিলিয়ে, সম্পাদক ৰোহিত কুটুম, সহকাৰী সম্পাদক মহেশ পেগুয়ে । পুৱা ১০ বজাত দলীয় নৃত্য অনুষ্ঠানৰ উদ্বোধন কৰিব চমকং আঞ্চলিক মিচিং বাঃনে কৌবাঙৰ সভাপতি যতীন কুটুমে ।
অনুষ্ঠানত গুমৰাগ, চেঃল্লয়া, লত্তা চঃনাম,আঃতি আঃতি চঃনাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব । বিয়লি ৩ বজাৰ পৰা মহেশ কাৰ্দঙৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে, নিৰ্দিষ্ট বক্তা হিচাপে মিচিং দৃৰবৃ কৌবাঙৰ সদস্য প্ৰবীণ দলেৰ লগতে ভালে কেইজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্য়োক্তাসকলে ।
লগতে পঢ়ক: Mising Cultural Competition : জোনাইত দুদিনীয়াকৈ আয়োজন হ’ব মিচিং সাংস্কৃতিক প্ৰতিযোগিতা