ETV Bharat / state

ছুটীত আহি চি আৰ পি এফ জোৱানে ঘৰৰ ভিতৰতে প্ৰেমিকৰ সৈতে পালে পত্নীক : তাৰ পিচতেই ঘটিল হত্যাকাণ্ড - CRPF jawan murder

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:05 PM IST

Murder in Guwahati city: এটা হত্য়াকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত ৷ বন্ধ কোঠাৰ ভিতৰত সংঘটিত হৈছে এটা হত্য়াকাণ্ড ৷ পৰকীয়া প্ৰেমৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ অভিযোগ ৷ পঢ়ক সবিশেষ...

MURDER IN GUWAHATI CITY
CRPF JAWAN MURDER (File Photo)

গুৱাহাটী, ২৫ জুন: ইটোৰ পিচত সিটো হত্যা তথা আন অপৰাধৰ ঘটনাই কঁপাই আহিছে উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত ৷ নিতৌ মহানগৰখনত অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ আৰক্ষীয়ে অপৰাধ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৰ্তমানেও গুৱাহাটী মহানগৰ অপৰাধমুক্ত হোৱা নাই ৷

গুৱাহাটী মহানগৰীত হত্য়াকাণ্ড (ETV Bharat Assam)

এইবাৰ গুৱাহাটীৰ কাহিলিপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ বন্ধ কোঠাত হত্যা এজন চিআৰপিএফ জোৱানক ৷ মৃত চিআৰপিএফ জোৱানজন নলবাৰী জিলাৰ টিহুৰ দিতুমণি হালৈ ৷ মণিপুৰত চিআৰপিএফৰ 175 বেটেলিয়ানত কৰ্মৰত আছিল জোৱানজন ৷ কাহিলিপাৰাৰ আদৰ্শপুৰত থকা তেওঁৰ ভাৰাকোঠাত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷

লগতে পঢ়ক: সাধাৰণ কথাতে কনিষ্ঠ ভাতৃয়ে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক - DIGBOI MURDER CASE

পত্নীৰে সৈতে আছিল পাৰিবাৰিক সংঘাত:

আদৰ্শপুৰৰ ভাৰাকোঠাত পত্নী আৰু দুই সন্তানৰ সৈতে বাস কৰিছিল দিতুমণি হালৈয়ে ৷ অৱশ্যে কৰ্তব্যৰ খাতিৰত বেছিভাগ সময় মণিপুৰতে কটাবলগীয়া হৈছিল তেওঁ ৷ আদৰ্শপুৰৰ ভাৰাকোঠাত আছিল পত্নী আৰু দুই সন্তান ৷ জানিব পৰা মতে, বিয়াৰ পিচৰে পৰা পত্নী আৰু স্বামীৰ মাজত আছিল কাজিয়া ৷ পত্নীৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত ৷

লগতে পঢ়ক: পিতৃ-মাতৃ-ভাতৃয়ে মিলি হত্যা কৰিলে হীৰকক - Dibrugarh murder case

বিবাহ বৰ্হিভূত প্ৰেমৰ অভিযোগ:

স্থানীয় লোকে জনোৱা মতে চিআৰপিএফ জোৱানজন মণিপুৰত থকাৰ সময়ছোৱাত পৰপুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল পত্নীয়ে ৷ সোমবাৰে কৰ্মস্থলীৰ পৰা ছুটী লৈ হঠাৎ ভাৰাকোঠাত উপস্থিত হৈছিল দিতুমণি ৷ সেই সময়তে কোঠাৰ ভিতৰত আন এজন পুৰুষৰ সৈতে পত্নীক হাতে-লোটে ধৰা পেলায় তেওঁ ৷ ইয়াৰ পিচতে আৰম্ভ হয় দুয়োৰে মাজত কাজিয়া ৷

প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যাৰ অভিযোগ:

দিতুমণিৰ চুবুৰীয়াই জনোৱা মতে প্ৰেমিকৰ সৈতে পত্নীক উদ্ধাৰৰ পিচতেই চিঞৰ-বাখৰ কৰে জোৱানজনে ৷ তেতিয়াই ভিতৰৰ পৰা পত্নী আৰু তেওঁৰ প্ৰেমিকে দিতুমণিক ভিতৰলৈ টানি আছিল ৷ এসময়ত তেওঁ কোঠাৰ ভিতৰত ভৰাই বন্ধ কৰি দিছিল দৰ্জখন ৷ তাৰ পিচতেই প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে দিতুমণিক হত্যা কৰা বুলি কাষৰীয়াই সন্দেহ কৰিছে ৷ প্ৰতিবেশীয়ে লগতে কয় যে, সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকৰ সন্তান ৷ দিনৰ ভাগতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জনাইছে প্ৰতিবেশীসকলে ৷ তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্কৰ পৰিণতিতেই সংঘটিত হ’ল এই হত্যাকাণ্ডটো ৷

লগতে পঢ়ক: ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ: 52 বছৰীয়া ব্যক্তিক হানি-খুঁচি হত্যা কৰি পেলাই দিলে দলঙৰ তলত - Murder in Udalguri

হত্যাকাণ্ডক নাটকীয়ভাৱে স্বাভাৱিক মৃত্যুৰ ৰূপ দিয়াৰ অভিযোগ:

স্থানীয় লোকসকলে অভিযোগ তুলিছে যে দিনতে দিতুমণিক হত্যা কৰি ভাৰাকোঠাৰ ভিতৰতে ৰাখিছিল পত্নীয়ে ৷ নিশা কাষৰে এজন লোকক স্বামীৰ প্ৰেচাৰ ষ্ট্ৰোক হোৱা বুলি মাতি আনিছিল পত্নীয়ে ৷ কিন্তু ব্যক্তিগৰাকীয়ে জোৱানজনৰ মৃত্য়ু হোৱা বুলি কৈছিল ৷ তাৰ পিচতে নিশা এখন 108 এম্বুলেঞ্চৰ জৰিয়তে মৃতদেহ নিয়া হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ পুৱা দিতুমণিৰ পৰিয়ালৰ লোক উপস্থিত হৈ মৃতদেহ প্ৰত্যক্ষ কৰাত কাণ আৰু নাকত তেজ লাগি থকা পাইছিল ৷ তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ মুকবধিৰ যদিও আৰক্ষীক ইংগিতেৰে জনাইছে যে গামোচাৰে ডিঙি চেপি হত্যা কৰা হৈছিল দেউতাকক ৷

প্ৰকৃততে কি হৈছিল ভাৰা কোঠাৰ ভিতৰত ? সঁচাকৈ প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে নেকি দিতুমণি হালৈক ? কি দেখিছিল তেওঁলোকৰ সন্তানে ? সকলো ফাদিল হ’ব আৰক্ষীৰ তদন্তৰ অন্ততহে ৷ ইতিমধ্যে আৰক্ষীয়ে দিতুমণিৰ পত্নীক আটক কৰি জেৰা চলাই আছে ৷

লগতে পঢ়ক: ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; অভিযোগৰ আঙুলি স্বামীগৃহলৈ - woman mysterious death in Dhemaji

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.