ETV Bharat / state

মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 3:31 PM IST

Ambubachi Mela : 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হৈছে অম্বুবাচী মেলা ৷ হেজাৰ হেজাৰ দেশী- বিদেশী পর্যটকে ভিৰ কৰিছে নীলাচল পাহাৰত ।

Crowd of devotees to seek blessings of Maa Kamakhya
মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ২২ জুন : আজিৰে পৰা অৰ্থাৎ 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হৈছে অম্বুবাচী মেলা । ইয়াৰ লগে লগে এতিয়া নীলাচল পাহাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । আজি পুৱা অম্বুবাচীৰ প্রবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ মুখ্যদুৱাৰ বন্ধ হৈ পৰে ।

হেজাৰ হেজাৰ দেশী-বিদেশী পর্যটকে ইতিমধ্যে ভিৰ কৰিছে নীলাচল পাহাৰত । মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, মেলা উপলক্ষে অহা 27 জুনলৈকে কামাখ্যা মন্দিৰৰ বাবে ভি আই পি পাছ বন্ধ ৰখা হৈছে । আয়োজক আৰু প্ৰশাসনে মেলাত ভক্তৰ সুবিধাৰ্থে সকলো দিশ প্ৰত্যক্ষ কৰি আছে ৷

এই সময়ছোৱাত কামাখ্যাৰ মূল পথেৰে বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে । পাণ্ডুৰ বিকল্প পথেৰেহে এটা দূৰত্বলৈকে বাহন চলাচল কৰিব পাৰিব । তাৰ পৰা শাৰীৰিকভাৱে অক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে মন্দিৰৰ ওচৰলৈ যাবলৈ ফেৰী বাহনৰ ব্যৱস্থা থাকিব । তীর্থযাত্ৰীৰ বাবে কামাখ্যা ৰে’ল ষ্টেচনৰ সমীপত আৰু পাণ্ডু জাহাজঘাটত দুটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে, য'ত 20-25 হেজাৰ তীৰ্থযাত্রী থকাৰ সুবিধা কৰি দিয়া হৈছে । অম্বুবাচী মেলা উপলক্ষে নীলাচল পাহাৰ আৰু সমাগমথলীত পর্যাপ্ত নিৰাপত্তা ব্যৱস্থা আৰু চি চি টিভিৰ ব্যৱস্থা কৰা হৈছে ৷

প্ৰবৃতিৰে আৰম্ভ হয় অম্বুবাচী মেলা

অম্বুবাচীৰ 'মহাপৰ্ব' (বিশাল অনুষ্ঠান) শনিবাৰে পুৱা 8.43 বজাত প্ৰবৃত্তিৰ সৈতে আৰম্ভ হয় । এই সময়ছোৱাত কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকিব আৰু কোনো পূজা কৰা নহ'ব । তদুপৰি ভক্তসকলক প্ৰৱেশ কৰিবলৈ নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ।

25 জুনৰ সন্ধিয়া নিবৃত্তি

25 জুনৰ সন্ধিয়া 8.56 বজাত অম্বুবাচী পৰ্বৰ সমাপ্তিক নিবৃত্তি হ'ব । দেৱীৰ নিত্য (নিয়মীয়া) পূজাৰ পিচত 26 জুনৰ পুৱা ভক্তসকলৰ বাবে মন্দিৰৰ মুখ্য দুৱাৰসমূহ পুনৰ মুকলি কৰা হ'ব ।

পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুকুৰবাৰে সংবাদ মাধ্যমক জনায় যে এইবাৰ শনিবাৰৰ পৰা 27 জুনলৈ কোনো ভি আই পি পাছ নাথাকিব । ভি আই পি দৰ্শনৰ বাবেও কোনো ব্যৱস্থা নাথাকিব । দৰ্শনৰ বাবে কেইবাদিনো অপেক্ষা কৰা ভক্তসকলে যাতে মন্দিৰ খোলাৰ পিচত দৰ্শনত কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: অম্বুবাচী মেলালৈ কোন সময়ত কিদৰে যাব পাৰিব- ক'লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.