ETV Bharat / state

মা কামাখ্যাৰ দৰবাৰলৈ অহা স্পৰ্শ বাবাৰ মুখত "জয় আই অসম" ধ্বনি - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 2:04 PM IST

Maa Kamakhya Devalaya : অম্বুবাচী মেলাৰ তৃতীয়টো দিনতো মা কামাখ্যা দেৱালয়ত ভক্তৰ ব্যাপক ভিৰ ৷ নিশা দুপৰলৈকে দেৱালয় প্ৰাংগণলৈ আগমন ঘটে ভক্তৰ ৷ সকলোৰে মনত এটাই উদ্দেশ্য- মা কামাখ্যাৰ আশীৰ্বাদ লাভ ৷

AMBUBACHI MELA 2024
উখল-মাখল নীলাচল (ETV Bharat Assam)

গুৱাহাটী, 24 জুন : আজি মহা অম্বুবাচী মেলাৰ তৃতীয়টো দিন ৷ ক্ৰমাৎ ভক্তৰ ভিৰ বাঢ়িছে মা কামাখ্যা দেৱালয়ৰ বাকৰিত ৷ বিৰ দি বাট নোপোৱা অৱস্থা হৈছে কামাখ্যা মন্দিৰৰ আশে-পাশেও ৷ নীলাচলৰ বুকুলৈ আগমন ঘটা দেশী-বিদেশী সাধু-সন্তই চাৰিটাকৈ স্থানত বাহৰ পাতি কৰি গৈছে নিজৰ তপস্যা । সাধু-সন্তসকলৰ আশিস ল’বলৈও ভিৰ কৰিছেহি বহু ভক্তই ।

আজি মহা অম্বুবাচী মেলাৰ তৃতীয়টো দিন (ETV Bharat Assam)

বিশ্বাস অনুসৰি, আদ্য নক্ষত্ৰ মিথুন ৰাশিত সংযুক্ত হোৱাৰ লগে লগে দেৱী মা কামাখ্যা ৰজঃস্বলা হোৱা বুলি এক মান্যতা আছে । পৰম্পৰা অনুসৰিয়েই এই সময়ছোৱাত কোনো ধৰণৰ পূজা-অৰ্চনা আদি কৰাৰ পৰা বিৰত থাকে ভক্তগণ ৷

লগতে পঢ়ক: চকলেট বিতৰণ কৰি প্ৰতিগৰাকী ভক্তক কামাখ্যালৈ আদৰিছে চকলেট বাবাই - Ambubachi Mela 2024

আনকি এই সময়ছোৱাত নখ কটা, চুলি কটোৱা, হালবোৱা আদিকে ধৰি প্ৰকৃতিৰ সৈতে জড়িত কামসমূহ কৰাৰ পৰা বিৰত থকা হয় । সেয়ে অম্বুবাচীৰ প্ৰবৃত্তিৰ দিনটোৰ পৰা পৰৱৰ্তী তিনিদিনলৈ কামাখ্যা মন্দিৰৰ মূলদ্বাৰ বন্ধ ৰখা হয় ৷ চাৰিদিনৰ দিনাহে নিত্যপূজাৰ পাছত মন্দিৰৰ মূলদ্বাৰ ভক্তসকলৰ বাবে খুলি দিয়ে দেৱালয় পৰিচালনা কমিটিয়ে ।

লগতে পঢ়ক: মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ; শংখ-ঘন্টাধ্বনিৰে মুখৰিত চৌপাশ - Ambubachi Mela 2024

পিছে মা কামাখ্যাই কেনেদৰে এগৰাকী ব্যক্তিৰ জীৱন সলনি কৰিব পাৰে, তাক নিজমুখে ব্যক্ত কৰিলে অম্বুবাচীলৈ অহা এগৰাকী সাধুৱে ৷ জানিলে হয়তো আপোনাৰো মনত কৌতুহলৰ সৃষ্টি হ’ব যে, এইগৰাকী সাধু পূৰ্বতে আছিল নাস্তিক ৷ সাধুগৰাকীৰ পিতৃৰ ঘৰ মেঘালয়ৰ ৰাজধানী শ্বিলঙত ৷

এবাৰ তেওঁ ৰে’লযোগে কামাখ্যালৈ আহে ৷ তাৰপিচতে কোনো লোকক সুধি প্ৰথমবাৰৰ বাবে মা কামাখ্যাৰ দৰ্শন লাভৰ উদ্দেশ্যে তেওঁ উপস্থিত হৈছিল কামাখ্যা মন্দিৰত ৷ তাৰপিছতে সাধুগৰাকীৰ জীৱন পৰিক্ৰমাই আন বাটে গতি কৰিব লয় ৷

লগতে পঢ়ক: কামাখ্যাত অম্বুবাচী মেলা : নীলাচল পাহাৰত বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসী - Ambubachi Mela 2024

যিগৰাকী ব্যক্তিয়ে ঈশ্বৰৰ উপাসনাত বিশ্বাস ৰখা নাছিল, সেইগৰাকী ব্যক্তিয়ে হৈ পৰে মা কামাখ্যাৰ একান্ত ভক্ত ৷ সাধুগৰাকীয়ে মা কামাখ্যাৰ আশিস লাভৰ বাবে অম্বুবাচীৰ সময়ত এইবেলিৰ দৰে প্ৰতিবাৰে আহে মা কামাখ্যা দেৱালয়লৈ ৷ পৰৱৰ্তী সময়তো তেওঁ একেদৰেই মা কামাখ্যাৰ আশিস লাভৰ উদ্দেশ্যে এনেদৰে মন্দিৰলৈ আহি থকাৰ ইচ্ছা প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত ৷

লগতে পঢ়ক: মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ - Ambubachi Mela 2024

অম্বুবাচী মেলালৈ কোন সময়ত কিদৰে যাব পাৰিব- ক'লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই - Ambubachi Mela 2024

অম্বুবাচী মেলা উপভোগ কৰিবলৈ কোন পথেৰে যাব আপুনি ? - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.