ETV Bharat / state

তিনিবাৰকৈ মা কামাখ্যাৰ সাক্ষাৎ লাভৰ দাবী নীলাচললৈ অহা সাধুৰ - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 5:37 PM IST

Sadhus in Nilachal Hill : ভিন্ন ৰং, ভিন্ন বেশত কামাখ্যা মন্দিৰৰ বাকৰিত আছে সাধু-সন্নাসী ৷ সকলোৰে আছে নিজা নিজা বৈশিষ্ট্য ৷ তাৰে মাজৰ এগৰাকী সাধুৰ মা কামাখ্যাৰ দৰ্শন লাভৰ দাবী ৷ কিমানদূৰ সঁচা এই দাবী, জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ৷

AMBUBACHI MELA 2024
ৰঙীন হৈ পৰিছে নীলাচলৰ বাকৰি (ETV Bharat Assam)

গুৱাহাটী, 24 জুন: মহা অম্বুবাচী মেলাৰ আজি তৃতীয়টো দিন । প্ৰখৰ ৰ’দকো নেওচি নীলাচলৰ বুকুত ভিৰ কৰিছে অগণন ভক্তই । ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণৰ আৰাধনাৰ সমানে সমানে ভক্তিৰসত বুৰ গৈছে মা কামাখ্যা দেৱালয় ।

কামাখ্যা দেৱালয়ৰ সাধু-সন্নাসীৰ মতামত (ETV Bharat Assam)

ঢাক-ঢোলৰ শব্দত গুঞ্জৰিত হৈছে নীলাচলৰ চৌদিশ । অম্বুবাচী মেলাৰ সময়ত নীলাচলত ভক্তৰ বাবে অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে দেশ-বিদেশৰ পৰা অহা বিভিন্ন সাধু-সন্তসকল । ভিন্ন বেশভূষাৰ সাধু-সন্তসকলৰ আশিস ল’বলৈ দূৰ-দুৰণিৰ পৰা আহে ভক্তসকল । অম্বুবাচী মেলাৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈ সাধুসকলে নীলাচল পাহাৰত থাকি তন্ত্ৰ-মন্ত্ৰ, জপ-তপ আদি কৰা দেখা যায় ।

লগতে পঢ়ক: মা কামাখ্যাৰ দৰবাৰলৈ অহা স্পৰ্শ বাবাৰ মুখত "জয় আই অসম" ধ্বনি - Ambubachi Mela 2024

প্ৰতিবছৰৰ দৰে অম্বুবাচীত মেলালৈ এইবাৰো আহিছে শ্ৰীনন্দ প্ৰজ্ঞানন্দ গিৰি বাবা । বাবাই জনোৱা অনুসৰি, ১৯৬৫ চনৰ পৰা প্ৰতিবছৰে অম্বুবাচী মেলাৰ সময়তে কামাখ্যালৈ আহি আছে তেওঁ । সেইসময়ত কামাখ্যা মন্দিৰলৈ আহিবলৈ নাছিল কোনো বাহন ।

অতীতৰ সেই সময় সুঁৱৰি বাবাগৰাকীয়ে কয় যে, "যেতিয়া ১৯৬৫ চনত প্ৰথমবাৰৰ বাবে কামাখ্যালৈ আহিছিলো, সেইসময়ত কামাখ্যাত অলৌকিক শক্তি বা তন্ত্ৰ-মন্ত্ৰৰ সাধনা ইয়াতকৈ বেছি আছিল । কিন্তু এতিয়া এইবোৰ বহু পৰিমাণে হ্ৰাস পাইছে ৷ সেইসময়ত দেৱী মাৰ সাক্ষাৎ বহুতে লাভ কৰিছিল । ময়ো তিনিবাৰ দেৱী মাৰ সাক্ষাৎ লাভ কৰিছো ৷"

লগতে পঢ়ক: চকলেট বিতৰণ কৰি প্ৰতিগৰাকী ভক্তক কামাখ্যালৈ আদৰিছে চকলেট বাবাই - Ambubachi Mela 2024

উল্লেখযোগ্য যে, এইবর্ষৰ অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে প্ৰায় ২০ হাজাৰ সাধু-সন্তৰ । যাৰ মাজত আছে চকলেট বাবা, ৰুদ্ৰাক্ষ বাবা, হাত দঙা বাবা, স্পৰ্শ বাবা আদিকে ধৰি ভিন্নৰঙী বাবা ৷

দুখজনক বিষয় যে এইবাৰৰ অম্বুবাচী মেলাত পৰিলক্ষিত নহ’ব ৰেডিঅ’ বাবাক । বিগত কেইমাহমান পূৰ্বে মৃত্যু ঘটিছে ভক্তৰ মাজত ৰেডিঅ’ বাবা নামে হিচাপে পৰিচিত সাধুগৰাকীৰ ।

লগতে পঢ়ক: মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ; শংখ-ঘন্টাধ্বনিৰে মুখৰিত চৌপাশ - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.