ETV Bharat / state

কামাখ্যা কৰিড'ৰ নিৰ্মাণত আদালতৰ স্থগিতাদেশ : আই আই টিৰ প্ৰতিবেদনে নিৰ্ণয় কৰিব কামাখ্যা কৰিড'ৰৰ ভৱিষ্যৎ - Gauhati HC on Kamakhya Corridor

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 8:17 PM IST

Updated : Jun 21, 2024, 10:37 PM IST

Gauhati HC on Kamakhya Corridor : যোগিনীতন্ত্ৰ, কালিকা পুৰাণ আদিত উল্লেখ আছে কামাখ্যা মন্দিৰৰ কথা । হিন্দু ধৰ্মৰ অন্যতম প্ৰাচীন মন্দিৰবোৰৰ ভিতৰত কামাখ্যা মন্দিৰো অন্যতম । সমগ্ৰ ভাৰতত থকা ৫১ খন পীঠস্থানৰ ভিতৰত কামাখ্যা মন্দিৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠস্থান । ভাৰত চৰকাৰে প্ৰণয়ন কৰা 'দ্য এনচিয়েণ্ট মনুমেণ্টছ এণ্ড আৰ্কিঅ'ল'জিকেল ছাইটছ এণ্ড ৰিমেইনছ এক্ট, ১৯৫৮' আৰু 'আছাম এনচিয়েণ্ট মনুমেণ্টছ এণ্ড ৰেক'ৰ্ড এক্ট, ১৯৫৯' অনুসৰি, নিয়ম অনুসৰি এই ঐতিহ্যপূৰ্ণ কামাখ্যা মন্দিৰৰ চৌহদত কোনো নিৰ্মাণকাৰ্য কৰিব নোৱাৰে ।

Gauhati HC on Kamakhya Corridor
সফল হ'বনে কামাখ্যা কৰিড'ৰ প্ৰকল্প (ETV Bharat Assam)

গুৱাহাটী, ২১ জুন : বিশেষভাৱে চৰ্চিত হৈ থকা অসম চৰকাৰৰ কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ (Maa Kamakhya Access Corridor) নিৰ্মাণৰ কাম সদ্যহতে বন্ধ থাকিব । আই আই টিৰ বিশেষজ্ঞৰ প্ৰতিবেদন নোপোৱা পৰ্যন্ত বন্ধ থাকিব কামাখ্যা মন্দিৰ কৰিড'ৰ নিৰ্মাণৰ কাম । গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ শুনানিত এই নিৰ্দেশ জাৰি কৰিছে ।

কামাখ্যা কৰিড'ৰ সন্দৰ্ভত অধিবক্তা উপমন্যু হাজৰিকাৰ মন্তব্য (ETV Bharat Assam)

বিগত ১৯ জুনত কামাখ্যা মন্দিৰ কৰিড'ৰ গোচৰৰ শুনানিত চৰকাৰী পক্ষই আই আই টিৰ বিশেষজ্ঞৰ প্ৰতিবেদন নোপোৱা পৰ্যন্ত কামাখ্যা মন্দিৰ কৰিড'ৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰাৰ শপতনামা দাখিল কৰে । উল্লেখ্য যে কামাখ্যা কৰিড'ৰ নিৰ্মাণক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল দুখনকৈ লেখ আবেদন আৰু ৰাজহুৱা স্বাৰ্থজনিত আবেদন । গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা লেখ আবেদনখনৰ নম্বৰ- WPC(C)2700/2024 ।

কামাখ্যা মন্দিৰৰ এগৰাকী দলৈ নৱজ্যোতি শৰ্মাই দাখিল কৰা এই লেখ আবেদনত প্ৰস্তাৱিত কৰিড'ৰ নিৰ্মাণৰ ফলত কামাখ্যা মন্দিৰৰ প্ৰতি ভৱিষ্যতে আহিবলগা ভাবুকিৰ বহু দিশ উনুকিয়াই দিয়া হৈছে । আনহাতে, নীলাচল পাহাৰৰ হাইড্ৰ'লজিকেল আৰু জিঅ'লজিকেল অধ্যয়নৰ অবিহনেই এই প্ৰকল্প ৰূপায়ণ কৰিবলৈ লোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে কামাখ্যা মন্দিৰৰ সৈতে জড়িত দেউৰী সমাজে ।

কিয়নো এই প্ৰকল্প অনুসৰি কামাখ্যা মন্দিৰত নিৰ্মাণকাৰ্য চলিলে ইয়াৰ ভূ-তাত্ত্বিক পৰিৱেশত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে । শেহতীয়া শুনানিত আদালতে অসম চৰকাৰৰ মুখ্য সচিবৰ দায়িত্ব থকা ৰবি কোটাই আদালতত এখন শপতনামাযোগে আই আই টি গুৱাহাটীক এই সন্দৰ্ভত অধ্যয়ন কৰিবলৈ দিয়া হৈছে বুলি উল্লেখ কৰে । আই আই আই টিয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে এই কৰিড'ৰৰ কাম আৰম্ভ কৰিব বুলিও শপতনামাত উল্লেখ কৰিছে ।

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যামৰ দুজনীয়া বিচাৰপীঠে এই শপতনামাক নিৰ্দেশ আকাৰে জাৰি কৰে । দুজনীয়া বিচাৰপীঠে আই আই আই টিয়ে দাখিল কৰা প্ৰতিবেদনৰ পিচতহে কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ সন্দৰ্ভত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বুলিও সদৰী কৰে ।

লেখ আবেদন সন্দৰ্ভত বিশিষ্ট অধিবক্তা উপমন্যু হাজৰিকাৰ মন্তব্য

লেখ আবেদনত উল্লেখ কৰা মতে, যোগিনীতন্ত্ৰ, কালিকা পুৰাণ আদিত উল্লেখ আছে কামাখ্যাৰ মন্দিৰৰ কথা । হিন্দু ধৰ্মৰ অন্যতম প্ৰাচীন মন্দিৰবোৰৰ ভিতৰত কামাখ্যা মন্দিৰো অন্যতম । সমগ্ৰ ভাৰতত থকা ৫১ খন পীঠস্থানৰ ভিতৰত কামাখ্যা মন্দিৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠস্থান । ভাৰত চৰকাৰে প্ৰণয়ন কৰা 'দ্য এনচিয়েণ্ট মনুমেণ্টছ এণ্ড আৰ্কিঅ'ল'জিকেল ছাইটছ এণ্ড ৰিমেইনছ এক্ট, ১৯৫৮' আৰু 'আছাম এনচিয়েণ্ট মনুমেণ্টছ এণ্ড ৰেক'ৰ্ড এক্ট, ১৯৫৯' অনুসৰি, নিয়ম অনুসৰি এই ঐতিহ্যপূৰ্ণ কামাখ্যা মন্দিৰৰ চৌহদত কোনো নিৰ্মাণকাৰ্য কৰিব নোৱাৰে ।

ইফালে আদালতত এই আইনী যুঁজত অৱতীৰ্ণ হোৱা বিশিষ্ট অধিবক্তা উপমন্যু হাজৰিকাই কয়, "এয়া মা কামাখ্যাক উপাসনা কৰা লোকৰ অধিকাৰ আৰু কামাখ্যাৰ অস্তিত্বৰ প্ৰতি হ'ব পৰা এক তীব্ৰ ভাবুকি। পানী স্পৰ্শ কৰিয়েই দৰ্শনাৰ্থীসকলে মা কামাখ্যাৰ দৰ্শন আৰু আশীৰ্বাদ পোৱা বুলি বিশ্বাস কৰে । কামাখ্যা মন্দিৰৰ চৌদিশে এনে বৃহৎ নিৰ্মাণকাৰ্য হ'লে ভূ-গৰ্ভত এই ভৱনসমূহ নিৰ্মাণৰ বাবে হোৱা খনন আৰু নিৰ্মাণকাৰ্যৰ বাবে এনে জলপ্ৰৱাহৰ ধাৰা বিঘ্নিত হৈ পৰিব পাৰে । কিয়নো বহু বেছি গভীৰতাৰে বৈ থকা নাই কামাখ্য মন্দিৰৰ এই জলপ্ৰৱাহ ।" তেওঁ লগতে কয়, "আমি বিষয়টো উপযুক্ত তথ্য-প্ৰমাণ আৰু যুক্তিসহকাৰে মহামান্য আদালতক অৱগত কৰিছো । আশাকৰো এই সন্দৰ্ভত সুবিচাৰ পাম ।"

কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ কি

উল্লেখ্য যে কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ ৪০২ কোটি টকাৰে প্ৰধানমন্ত্ৰী ডেভেলপমেণ্ট-এন ই আঁচনিৰ অধীনত (Prime Minister's Development Initiative for North Eastern Region, PM-DevINE) নিৰ্মাণ কৰা হ'ব । ঘোষিত প্ৰকল্পৰ অধীনত কামাখ্যা মন্দিৰ আৰু ইয়াৰ চৌহদক আধুনিক ৰূপ দিব বিচৰা হৈছে । এই প্ৰকল্প ৰূপায়ণৰ বাবে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগক (গৃহ আৰু ঘাইপথ) কনছেপ্ট প্লেনিঙৰ দায়িত্ব দিছিল । কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ (Maa Kamakhya Divya Pariyojana or Maa Kamakhya Access Corridor) প্ৰকল্পত উল্লেখ থকা মতে, এই আঁচনি অনুসৰি কামাখ্যা মন্দিৰ সমীপতে নিৰ্মাণ কৰা হ'ব বহুকেইটা কেইবামহলীয়া ভৱন ।

তাৰে ভিতৰত থাকিব ক্লক ৰূম, টিকট কাউণ্টাৰ, ইনফৰমেশ্যন চেণ্টাৰ, ছ'ভেনিয়াৰ শ্বপ আদি । আনহাতে, মাল্টি ইউটিলিটি ব্লকত ভিভিআইপিৰ বাবে প্ৰৱেশৰ পথ, ন্যাসৰ কাৰ্যালয়, ভোজনালয় আৰু পাকঘৰ, ৰেষ্টুৰেণ্ট, পুথিভঁৰাল, ভিভিআইপি লঞ্চ, ভিভিআইপি ছাৰ্ভিচ অন টেৰেজ থাকিব । তীৰ্থযাত্ৰী থকাৰ ব্যৱস্থা (১৪ হাজাৰ যাত্ৰী থাকিব পৰা ৩ টা মহলা) আদি, প্ৰসাদ ব্লকত দোকান, ছাৰ্ভিচ ব্লকত নিৰাপত্তাৰক্ষী আৰু স্বেচ্ছাসেৱকৰ বাবে ব্যৱস্থা থাকিব । কামাখ্যা মন্দিৰ আৰু তাৰ সমীপৰ মন্দিৰবোৰৰ আশেপাশে নিৰ্মাণ কৰা হ'ব এই ভৱনসমূহ ।

উল্লেখ্য যে এই প্ৰকল্প ৰূপায়ণৰ বাবে আহ্বান কৰা নিবিদাত উল্লেখ কৰা মতে, এই ভৱনসমূহ হ'ব বেছমেন্টসহ চাৰিমহলীয়া অট্টালিকা । ভৱনসমূহ নিৰ্মাণৰ বাবে সেয়েহে ভূগৰ্ভৰ বহু তললৈ মন্দিৰ চৌহদৰ ভিতৰে-বাহিৰে নিৰ্মাণকাৰী সংস্থাই খান্দিব লাগিব । লোকনিৰ্মাণ বিভাগে ২০২৩ চনৰ ২৮ নৱেম্বৰত সেই সম্পৰ্কীয় নিবিদাৰ জাননী জাৰি কৰিছিল ।

লগতে পঢ়ক :কামাখ্যা দেৱালয়ৰ 'অম্বুবাচী'ৰ প্ৰকৃত অৰ্থ কি ? - Ambubachi Mela 2024

লগতে পঢ়ক :মূলদ্বাৰ বন্ধৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ নীলাচলত ভক্তৰ ভিৰ - AMBUBACHI MELA 2024

Last Updated : Jun 21, 2024, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.