ETV Bharat / state

সংগীতা দত্ত-ৱালিউল ইছলামৰ আৰু এক নতুন বিপদ - Child Abuse Case in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 8:04 PM IST

Sangeeta Dutta And Waliul Islam: চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ পৈশাচিক নিষ্ঠুৰতা পুনৰ আদালতত উন্মোচন ৷ নিৰ্যাতিতা কন্যা শিশুৰ ভাষ্যগ্ৰহণ আদালতৰ ৷

Sangeeta Dutta And Waliul Islam
চিকিৎসক দম্পতীৰ নিৰ্যাতনৰ বলি কন্যা শিশুৰ ভাষ্যগ্ৰহণ আদালতৰ (ETV Bharat)

গুৱাহাটী, ২০ জুলাই: ৰাজ্য কঁপোৱা শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ পৈশাচিক নিষ্ঠুৰতা আজি আদালতত পুনৰ উন্মোচিত‌ হয় । নিৰ্যাতনৰ বলি হোৱা ফুলকুমলীয়া শিশু দুটিৰ কন্যা শিশুগৰাকীয়ে আদালতত দিয়া ভাষ্যই চিকিৎসক দম্পতীৰ পৈশাচিক নিষ্ঠুৰতাক উন্মোচিত‌ কৰে ।

উল্লেখ্য যে, শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলাম গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় ডেৰ বছৰ পিচত নিৰ্যাতনৰ বলি হোৱা ফুলকুমলীয়া কন্যাশিশুগৰাকীৰ আজি কামৰূপ জিলা POCSO বিশেষ আদালতত ন্যায়াধীশে ভাষ্যগ্ৰহণ কৰে ।

লগতে পঢ়ক: POCSO আদালতত শিশু নিৰ্যাতনৰ গোচৰ : শুনানিৰ পিছতে মূৰ্চ্ছা গ’ল বিতৰ্কিত চিকিৎসক ৱালিউল ইছলাম - Child Abuse Case in Guwahati

নোম শিয়ৰি উঠা ভাষ্য শিশুগৰাকীৰ:

আজি এজন আই পি এছ বিষয়াৰ নেতৃত্বত এক বিশেষ নিৰাপত্তাৰ মাজেৰে শিশুগৃহৰ পৰা কন্যাশিশুগাৰাকীক কামৰূপ জিলা POCSO বিশেষ আদালতত অনা হয় । আদালতত আনলোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হয় । ন্যায়াধীশৰ কক্ষত এক ঘৰুৱা‌ পৰিৱেশৰ মাজত শিশুগৰাকীৰ ভাষ্য লোৱা‌ হয় । শিশুগৰাকীয়ে দিয়া ভাষ্যত ন্যায়াধীশ স্তম্ভিত হৈ পৰে । শিশুগৰাকীৰ গোপন অংগত আৰু দেহৰ আন অংশত গৰম ইষ্ট্ৰি লগাই সংগীতা দত্তই পৈশাচিক নিৰ্যাতন চলাইছিল । ৰ'দ বান্ধি থৈ দিছিল । ৱালিউল ইছলামেও শিশুগৰাকীক নিৰ্যাতন চলাইছিল ।

সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত চলিব গোচৰ:

উল্লেখ্য যে, ৰাজ্য কঁপোৱা শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত গোচৰ চলিব সেয়া নিশ্চিত হৈছে । কামৰূপ জিলা POCSO বিশেষ আদালতে চিকিৎসক দম্পতীসহ মুঠ ৫ অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে চাৰ্জফ্ৰেম কৰিছে । POCSO আইনৰ ৬নং ধাৰাৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(ক) আৰু (খ) ধাৰাৰ অধীনত চিকিৎসক দম্পতীৰ বিৰুদ্ধে কামৰূপ জিলা POCSO বিশেষ আদালতত বিচাৰ চলি আছে । এই ধাৰাত দোষী সাব্যস্ত হোৱাজনক যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ।

লগতে পঢ়ক: শিশু নিৰ্যাতনৰ গোচৰ: শীঘ্ৰেই বিশেষ আদালতত হাজিৰ হ’ব লাগিব চিকিৎসক দম্পতী - Pocso Special Court

নিজৰ তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক দম্পতীক পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৫৮ দিনৰ মূৰত যোৱা বছৰ ৪ জুলাইত গুৱাহাটীস্থ POCSO বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল ।

আদালতে ধাৰাবাহিকভাৱে নাকচ কৰিছে চিকিৎসক দম্পতীৰ জামিন আবেদন:

সম্প্ৰতি অভিযুক্ত চিকিৎসক দম্পতী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে ৷ যোৱা‌বছৰ‌ ৫ মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৬ মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিচফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ সংগীতা দত্তক ৷ পৰৱৰ্তী সময়ত শিশু আশ্ৰয়গৃহৰ কৰ্তৃপক্ষৰ অনুসন্ধানত চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা সন্তান দুটি যৌন নিৰ্যাতনৰ বলি হোৱাৰ ভয়ংকৰ ঘটনাটো পোহৰলৈ আহিছিল । মন কৰিবলগীয়া দুই চিকিৎসক দম্পতীয়ে কেইবাবাৰো কৰা জামিন‌ আবেদন আদালতে নাকচ কৰিছে । পৰৱৰ্তী সময়ত আদালততে আনগৰাকী শিশুৰ ভাষ্য গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক: সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল - Child Abuse Case Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.