ETV Bharat / state

এটা দম্পতীয়ে বচালে ২১ গৰাকীৰ প্ৰাণ : ভগৱানৰ ৰূপত কোন এই দম্পতী ? - Couple Became Heroes - COUPLE BECAME HEROES

Saving lives of accident victims : এটা দম্পতীক লৈ সম্প্ৰতি গোৱালপাৰাত চলিছে ব্যাপক চৰ্চা । স্বামী-স্ত্ৰীয়ে মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিলে ২১ গৰাকীকৈ লোকক । স্বামীয়ে উদ্ধাৰ কৰে ৪ জনকৈ লোকৰ মৃতদেহ । পিচে কোন এই দম্পতী ? চাওক ই টিভি ভাৰতৰ এক প্ৰতিবেদন...

Saving lives of accident victims
এটা দম্পতীয়ে বচালে ২১ গৰাকীৰ প্ৰাণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 5:43 PM IST

গোৱালপাৰা, ২০ জুলাই : এটা সাধাৰণ দম্পতীক লৈ সম্প্ৰতি ব্যাপক চৰ্চা চলিছে গোৱালপাৰা জিলাৰ বৃহত্তৰ শিমলীতোলা অঞ্চলত । পিচে চৰ্চা লাভ কৰা দম্পতীটো কোন ? কিয় ইমান চৰ্চা চলিছে এই দম্পতীক লৈ ? ই টিভি ভাৰত অসমে বিচাৰিছে পাইছে সেই বিশেষ দম্পত্তীক ৷

এটা দম্পতীয়ে বচালে ২১ গৰাকীৰ প্ৰাণ (ETV Bharat Assam)

পত্নীৰ নাম শ্বাহিদা খাতুন আৰু তেওঁৰ স্বামী হ’ল শ্বাহজাহান আলী ৷ শ্বাহিদা খাতুন আৰু স্বামী শ্বাহজাহান আলীয়ে ঘৰৰ ওচৰতে থকা খাল-বিলত মাছ ধৰি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে ৷ যোৱা ১১ জুলাইত এই দম্পতীটোৱে এজন-দুজন নহয়, পানীত ডুব যোৱা ২১ জনকৈ লোকক জীৱন্তে উদ্ধাৰ কৰি এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৷

উল্লেখ যে, চলিত মাহৰ ১১ জুলাইত গোৱালপাৰা শিমলীতোলাত এটি মৃতদেহ সৎকাৰ কৰি এখন টুলুঙা নাৱেৰে ২৬ জন লোক ঘৰলৈ উভতি অহাৰ সময়তে দ’ পানীত নাও দুৰ্ঘটনা হৈ ২৬ জনকৈ লোক পানীত পৰিছিল । মুহূৰ্তৰ ভিতৰতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ নৱাগত শিমলীতোলাত । জীৱন ৰক্ষাৰ বাবে চিঞৰ-বাখৰ লগাইছিল নাও দুৰ্ঘটনা হৈ পানীত পৰা ২৬ গৰাকীকৈ লোকে ।

ঠিক সেই সময়ত কাষতে মাছ মাৰি থকা দম্পতীটোৱে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি তেওঁলোকৰ টুলুঙা নাওখন লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পিচতে পানীত থকা একাংশক টানি চোঁচৰাই নাৱত উঠায় আৰু একাংশই নাওখন ধৰি কোনোমতে পাৰলৈ আহে ৷ মুঠ ২১ গৰাকী ব্যক্তিক এনেদৰে উদ্ধাৰ কৰে শ্বাহিদা খাতুন আৰু স্বামী শ্বাহজাহান আলীয়ে ৷ কেৱল এয়াই নহয়, পানীত ডুবি সন্ধানহীন হোৱা পাঁচগৰাকী লোকৰ চাৰিজনৰে মৃতদেহ উদ্ধাৰ কৰে তেওঁৰ স্বামী শ্বাহজাহান আলীয়ে ৷

শিমলীতোলাৰ ভয়ংকৰ নাও দুৰ্ঘটনাক লৈ আজিও গাঁওখনত শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ মাজতে এই দম্পতীটোৱে ২১ গৰাকীকৈ লোকক জীৱন্তে উদ্ধাৰ কৰা ঘটনা বিশেষভাৱে চৰ্চিত হৈছে । শ্বাহিদা খাতুন আৰু তেওঁৰ স্বামী শ্বাহজাহান আলীৰ সাহসিকতাক প্ৰশংসা কৰিছে সকলোৱে ৷

লগতে পঢ়ক : বানৰ মাজতে গোৱালপাৰাত মৰ্মান্তিক ঘটনা : নাও ডুবি নিহত কমেও ৩, সন্ধানহীন কেইবাজনো

লগতে পঢ়ক : পত্নীৰ সন্মুখতেই নাও ডুবি নাৱৰীয়াৰ মৃত্যু

লগতে পঢ়ক : 11 জনকৈ লোক শুই থকা অৱস্থাতে ডুবিল কোটিটকীয়া জাহাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.