গুৱাহাটী, 15 মে': অৱশেষত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’ল কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । 13 মে'ত জাৰি কৰা জাননী প্ৰত্যাহাৰ কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । উল্লেখ্য যে, ৰাজহ সংগ্ৰহৰ বাবে ঐতিহমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাৰাত দিয়াৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল ।

এই হঠকাৰী সিদ্ধান্তত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে কঠোৰ সমালোচনাৰ সন্মুখীন হয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰ । ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি, পুঁজি আৰু নিজা ৰাজহৰ দিশসমূহক আওকাণ কৰি কেৱল বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰিয়েই দায়িত্ব সামৰাৰ বাবে সকলো পক্ষৰে পৰা কঠোৰ সমালোচনাৰ সন্মুখীন হয় চৰকাৰ ।
ইয়াৰ পিছতেই ঝাৰখণ্ডত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰীভাৱে হস্তক্ষেপ কৰিবলৈ বাধ্য হয় । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে, “কটন বিশ্ববিদ্যালয়ে (পূৰ্বৰ কটন মহাবিদ্যালয়) যাউতিযুগীয়া এক সমৃদ্ধ ইতিহাস বহন কৰি আহিছে । অসম চৰকাৰে ইয়াৰ সম্পত্তিসমূহ কোনো ব্যক্তিগত সংগঠন বা ব্যক্তিক আউটছর্চিং কৰিবলৈ কাহানিও অনুমতি প্রদান নকৰে । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে এনে ধৰণৰ যিকোনো পদক্ষেপ গ্রহণ বন্ধ কৰা উচিত ।”
মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণাৰ পিছতেই অৱশেষত যেন চেতনা ঘূৰি আহিল কটন কৰ্তৃপক্ষৰ । পঞ্জীয়ক গৰাকীয়ে পূৰ্বৰ ১৩ মে’ৰ জাননী উঠাই লোৱা বুলি আন এক জাননী জাৰি কৰে । জাননীত উল্লেখ আছে, “এইটো সংশ্লিষ্ট সকলোৰে তথ্যৰ বাবে জনোৱা যায় যে বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় চৌহদত স্থান আৱণ্টনৰ সৈতে জড়িত ১৩ মে’, ২০২৪ তাৰিখে জাৰি কৰা No. CU/REGOFF/2017/017/4683-90 dated 13th May, 2024 জাননী তৎকালীনভাৱে প্ৰত্যাহাৰ কৰিছে । কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনুমোদন সাপেক্ষে এয়া জাৰি কৰা হৈছে ৷’’
উল্লেখ্য যে, কটনৰ ভূ-সম্পত্তি ভাৰাত দিয়াৰ বাবে কৰ্তৃপক্ষই 13 মে'ত জাননী জাৰি কৰি কৰিছিল । ইয়াৰ বাবে গঠন কৰা হৈছিল ছয়জনীয়া কমিটী পৰ্যন্ত । ছয়জনীয়া এই কমিটীখনত সদস্য হিচাপে ৰখা হৈছিল ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ৰাখী কলিতা মৰল, ছাত্ৰ কল্যাণ পৰিষদৰ ডীন মনজিৎ কুমাৰ ভট্টাচাৰ্য, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ডেইজী দাস, কাৰ্যবাহী অভিযন্তা ৰাজীৱ লোচন শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ মুখ্য সহায়ক ৰাম চন্দ্ৰ দাসক। এই কমিটীখনক চৌহদ আবণ্টনক লৈ মাষ্টাৰ প্লেন প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছিল ।