ETV Bharat / state

ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ

দীঘলীপুখুৰী পাৰৰ সৌন্দৰ্য অটুত ৰখাৰ স্বাৰ্থত শ বছৰ পুৰণি গছৰ তলতে গোটেই নিশা প্ৰতিবাদত বহিল কটনিয়ান ৷

Cotton University students protest against cutting of trees and demand save Dighalipukhuri
জাগিছে ছাত্ৰসমাজ; গছক পহৰা দিছে কটনিয়ানে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী : ‘‘অঁ, আমাক উন্নয়ন লাগে ৷ কিন্তু উন্নয়নৰ নামৰ গছ কটাটো আমি কোনোপধ্যে মানি ল’ব নোৱাৰো ৷ যদিহে শিল-বালি-ইটা নাইবা ডাঙৰ ডাঙৰ উৰণ সেতুৱে আমাক অক্সিজেন বা শীতল বায়ুৰ যোগান ধৰিব পাৰে, তেন্তে সকলো গছেই কাটি পেলাওক ৷’’ এয়া এজন কটনিয়ানৰ ভাষ্য ৷

উল্লেখ্য যে, গুৱাহাটীৰ মণিৰাম দেৱান পথ আৰু গোপীনাথ বৰদলৈ পথ সংযোগী নির্মীয়মাণ উৰণ সেতুৰ বাবে ইতিমধ্যে দীঘলীপুখুৰীৰ চৌপাশে থকা শত বছৰ পুৰণি গছবোৰ কাটিবলৈ জো-যা কৰিছে চৰকাৰে ৷ ইতিমধ্য়ে কিছু গছৰ গাত চৰকাৰে লগাইছে চিহ্ন ৷ চৰকাৰৰ এই কাৰুকাৰ্য দেখি ক্ষোভিত হৈ পৰিছে ছাত্ৰ সমাজ, সচেতন মহল, সাধাৰণ জনগণ আদি ৷

গছক পহৰা দিছে কটনিয়ানে (ETV Bharat)

গছ কটাৰ বিৰুদ্ধে ওলাই আহিল কটনিয়ান । চৰকাৰৰ এই কামৰ প্ৰতিবাদ জনাই মঙলবাৰে দীঘলীপুখুৰী পাৰত গোটেই নিশা প্ৰতিবাদ কৰিলে কটনিয়ানে ৷ কোনো কাৰণতে গছ কাটিবলৈ নিদিয়াৰ হুংকাৰ কটনিয়ানৰ । গছ কাটি পাৰিপাৰ্শ্বিকতা ধ্বংস নকৰিবলৈ সকীয়নি দিয়ে ছাত্ৰ সমাজে ।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ২৩-২৪ বৰ্ষৰ সভাপতি হিমাংশু কুমাৰ দাস, ছাত্ৰ কুলদীপ গৌতম শৰ্মাৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । নিশা ৯ বজাৰ পৰা পুৱতি নিশালৈ এই প্ৰতিবাদ কৰি গছক পহৰা দিলে কটনিয়ানে ।

লগতে পঢ়ক : বিকল্পৰ সন্ধান মুখ্যমন্ত্ৰীৰ; দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ নাকাটাকৈ উৰণ সেতু নিৰ্মাণৰ চিন্তা

কটনৰ প্ৰাক্তন সভাপতি হিমাংশু কুমাৰ দাসে কয়, ‘‘গুৱাহাটীৰ হৃদপিণ্ড দীঘলীপুখুৰী । দীঘলীপুখুৰীৰ চাৰিওফালে এশ বছৰ পুৰণি গছ আছে । হৃদপিণ্ড স্বৰূপ অক্সিজেন দি থকা এই গছবোৰ কাটিব বুলি গম পাইছো । সেয়ে আমি ওলাই আহিছো । গছবোৰ ৰখি আছো । কটনিয়ানসকলৰ এটাই বাৰ্তা একোৰে বিনিময়ত গছখিনি কাটিব নিদিওঁ । চৰকাৰখনক এটা কথাই ক’ম শিল-বালি, উৰণ সেতুয়ে যদি অক্সিজেন দিব পাৰে, তেন্তে আটাইবোৰ গছ কাটি পেলাওক । যদি দিব নোৱাৰে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক ।’’

উল্লেখ্য যে, ৰিজাৰ্ভ বেংকৰ কাষৰ পৰা নুনমাটিলৈ প্ৰায় ছয়মাইল দৈৰ্ঘ্যজোৰা উৰণ সেতুৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৷ ইয়াৰ মাজতে উৰণ সেতুৰ নক্সাৰ পৰৱৰ্তন ঘটাই তৈয়বুল্লা পথক সামৰি লোৱাত দীঘলীপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্যক ক্ষতিগ্ৰস্ত কৰিব বুলি স্থানীয় জনসাধাৰণৰ লগতে গুৱাহাটীবাসী ক্ষুদ্ধ হৈ পৰিছে । আনকি সচেতন নাগৰিকসকলেও ওলাই আহি মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.