ETV Bharat / state

তিনিচুকীয়াত দেওবৰীয়া বজাৰক লৈ বিভ্ৰান্তি - Tinsukia Sunday Market Controversy

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 10:10 PM IST

Tinsukia sunday market controversy: তিনিচুকীয়াৰ বাইপাছত শেহতীয়াকৈ নতুন দেওবৰীয়া বজাৰগৃহ মুকলি কৰা হৈছিল । তাৰ পিছত যোৱা দেওবাৰে তাত বজাৰ বহিছিল যদিও হঠাৎ পৌৰসভাই পুনৰ অস্থায়ীভাৱে বজাৰগৃহটো বন্ধ কৰি দিয়ে । স্পষ্টভাৱে জাননী নিদিয়াত এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

Tinsukia Sunday Market Controversy
তিনিচুকীয়াত দেওবৰীয়া বজাৰক লৈ বিভ্ৰান্তি (ETV Bharat)

তিনিচুকীয়া,১০ আগষ্ট : তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ দেওবৰীয়া বজাৰক লৈ পৌৰসভাৰ এখন জাননীয়ে বিপদত পেলাইছে জিলাখনৰ সাধাৰণ লোকক ৷ কিয়নো শেহতীয়াকৈ মুকলি কৰা তিনিচুকীয়াৰ গেলাপুখুৰীৰ নতুন দেওবৰীয়া বজাৰগৃহ ১১ আগষ্টত অৰ্থাৎ দেওবাৰে সাময়িকভাৱে বন্ধ ঘোষণা কৰিছে পৌৰসভাই ৷ বজাৰৰ ঠিক এদিন পূৰ্বে তিনিচুকীয়া পৌৰসভাই হঠাৎ জাৰি কৰা জাননীখনক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হোৱা দেখা গৈছে ।

তিনিচুকীয়াৰ দেওবৰীয়া বজাৰ :

উল্লেখ্য যে দেওবাৰে পুৱাই জিলাখনৰ দূৰ-দূৰণিৰ পৰা শ শ থলুৱা ব্যৱসায়ী, ক্ষুদ্ৰ খেতিয়ক তথা গ্ৰাহকৰ আগমন হয় । দূৰৈৰ ব্যৱসায়ীসকলে নিশাই এই বজাৰৰ বাবে যাত্ৰা আৰম্ভ কৰে । কিন্তু এদিন পূৰ্বে বজাৰৰ স্থানক লৈ হঠাৎ জাৰি কৰা জাননীখনৰ বিষয়ে বহুলোক অৱগত নহয় । তেনেস্থলত লোকসকলে পুৰণি বজাৰগৃহৰ স্থানলৈ যাব নে নতুন বজাৰগৃহৰ স্থানলৈ আহিব ? তাক লৈ ৰাইজৰ মাজত ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

বিজ্ঞানসন্মত নহয় বজাৰগৃহ :

তিনিচুকীয়া চহৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথৰ দুয়োকাষে বহা বজাৰখনে চহৰখনত যানজঁটৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন অসুবিধাৰ কাৰণে বাইপাছৰ কাষলৈ হস্তান্তৰ কৰিছিল এই বজাৰখন । কিন্তু দেওবাৰে নতুন স্থানত বজাৰখন আৰম্ভ হোৱাৰ পিচতে কাৰিকৰী অসুবিধাৰ বাবে দ্বিতীয়টো দেওবাৰ অৰ্থাৎ ১১ আগষ্টত পুনৰ বন্ধ কৰিবলৈ লোৱা বিষয়টো ৰহস্যজনক । তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈয়ে জানিবলৈ দিয়া মতে বজাৰগৃহটোত ওপৰলৈ উঠা চিৰিত ব্যৱহাৰ কৰা টাইলছ উপযুক্ত নহয় ৷ দেওবাৰে বহু গ্ৰাহক তথা বিক্ৰেতা এই চিৰিৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল । সেয়া মেৰামতি কৰাৰ লগতে বাহন পাৰ্কিঙৰ বাবে স্থানৰ প্ৰয়োজন বুলি পৌৰপতিয়ে উল্লেখ কৰে ৷ কিন্তু কাৰ নিৰ্দেশত চিৰিত এইধৰণৰ অনুপযুক্ত টাইলছ লগোৱা হ'ল ?

জানিব পৰা মতে কমল কুমাৰ মোদী নামৰ ঠিকাদাৰৰ নেতৃত্বত চি আই ডি এফ ফাণ্ডৰ ৫ লাখ ২৮ হাজাৰ ৯৯৯ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল দেওবৰীয়া বজাৰগৃহটোৰ এই চিৰি ৷ এগৰাকী অভিযন্তা থকাৰ পিচতো কেনেদৰে বজাৰগৃহটোৰ চিৰিত তেনে টাইলছ লগালে সেয়া সন্দেহজনক ৷ এনে পৰিস্থিতিত সেইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তদন্ত দাবী জনাই স্থানীয় সংগঠনসমূহে ।

দেওবৰীয়া বজাৰক লৈ বিভ্ৰান্তি :

ইফালে ১১ আগষ্টত দেওবাৰীয়া বজাৰখনৰ স্থান ক'ত হ'ব ? থলুৱা ব্যৱসায়ীসকলে ক'লৈ যাব ? সেয়াও স্পষ্ট কৰা নাই তিনিচুকীয়া পৌৰসভাই ৷ দেওবৰীয়া বজাৰগৃহত ১১ আগষ্টত বজাৰ অস্থায়ীভাৱে বন্ধ থাকিব বুলি জাননী জাৰি কৰিয়েই দায়িত্ব সামৰিছে পৌৰসভাই ৷ সমগ্ৰ বিষয়টোক লৈ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু সদৌ মৰাণ ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে থলুৱা ব্যৱসায়ীসকলে তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত অথবা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বজাৰ পাতিবলৈ বাধ্য হ'ব বুলিও সংগঠনকেইটাই দাবী কৰে ৷

লগতে পঢ়ক :টীয়কত জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত শিল্পী - Independence Day Preparation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.