ETV Bharat / state

আমেৰিকাত অসমীয়া ভাষাৰ ধ্বজা উৰুৱাইছে অসমৰ এজন অভিযন্তাই

সমগ্ৰ উত্তৰ আমেৰিকাত প্ৰায় ১৫০ টি অসম মূলৰ শিশুক অসমীয়া ভাষা-সংস্কৃতিৰ শিক্ষা দি অহা অসমীয়া অভিযন্তাজনৰ বিষয়ে জানো আহক ৷

author img

By ETV Bharat Assamese Team

Published : 24 hours ago

CHIRANJIT BORDOLOI
আমেৰিকাত অসমীয়া ভাষাৰ ধ্বজা উৰুৱাইছে অসমৰ এজন অভিযন্তাই (Chiranjit Bordoloi FB Account)

গুৱাহাটী, ১৫ অক্টোবৰ: অসমৰ এগৰাকী অভিযন্তাই আমেৰিকাৰ ভিন ভিন চহৰত বাস কৰা শতাধিক অসম মূলৰ শিশুক অসমীয়া ভাষা শিকোৱাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে , মাতৃভূমিৰ পৰা সাত সাগৰ তেৰ নদীৰ দুৰৈত থাকিও নিজৰ আপোন ভাষাটোৰ প্ৰতি তেওঁ লোৱা এই পদক্ষেপ সঁচাকৈয়ে সাধুবাদৰ যোগ্য ৷

অসমৰ এইগৰাকী অভিযন্তাই প্ৰবাসী অসমীয়াক তেওঁলোকৰ পূৰ্বপুৰুষৰ ভাষাৰ সৈতে সংযোগ কৰাৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । অসমীয়া ভাষা আৰু ইয়াৰ ঐতিহ্য সংৰক্ষণৰ গুৰুত্বক স্বীকাৰ কৰি বিশেষকৈ বিদেশৰ ভূমিত আৰু নিজতকৈ পৃথক সংস্কৃতিৰ মাজত ডাঙৰ-দীঘল হোৱা অসমীয়া শ শ শিশুক ভাষাটো শিকোৱাৰ কাম আৰম্ভ কৰিছে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা তথা গুৱাহাটীৰ চিৰঞ্জীত বৰদলৈয়ে ।

পেছাত এজন বৈদ্যুতিক অভিযন্তা চিৰঞ্জীতে বিগত কেইবাবছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত নিজৰ মাতৃভাষা শিকিবলৈ আগ্ৰহী প্ৰবাসীসকলক (এন আৰ আই) বিনামূলীয়াকৈ অনলাইন অসমীয়া ভাষাৰ শিক্ষা আগবঢ়াই আহিছে ।

চিৰঞ্জীতৰ মতে এই পদক্ষেপে প্ৰবাসী অসমীয়াসকলক তেওঁলোকৰ মাতৃভাষাৰ জৰিয়তে নিজৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাত সহায় কৰাই নহয়, তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি অসমৰ চহকী ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতিও সজাগ কৰি তুলিছে । বৰদলৈৰ এই ব্যতিক্ৰমী পদক্ষেপে অভিভূত কৰিছে প্ৰতিজন অসমীয়াক ৷

সমগ্ৰ উত্তৰ আমেৰিকাত ইতিমধ্যে ১৫০ টি শিশুক অসমীয়া ভাষা শিকোৱা বৰদলৈয়ে কয়, "মই মোৰ পত্নী অঞ্জৰী আৰু আমাৰ দুই সন্তান ঋক্ষিতা আৰু ঋষভৰ সৈতে আমেৰিকাৰ মিচিগানত বাস কৰো । ২০১৮ চনৰ পৰাই সমগ্ৰ উত্তৰ আমেৰিকাৰ সৰু ল'ৰা-ছোৱালীক প্ৰতি দেওবাৰে অসমীয়া শিকাই আহিছো ।"

লগতে পঢ়ক: কষ্ট কৰিলে ৰত্ন পায়: প্ৰমাণ কৰিলে দলগাঁৱৰ দিনহাজিৰা কৰা, পিতৃহীন এজন যুৱকে

গুৱাহাটীত জন্মগ্ৰহণ কৰা বৰদলৈয়ে কটন কলেজিয়েট স্কুলত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰাৰ পাছত কটন কলেজত কলেজীয়া শিক্ষাগ্ৰহণ কৰে ৷ তেওঁ গুৱাহাটীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শাখাত স্নাতক (বি ই) সম্পূৰ্ণ কৰে আৰু ২০০৮ চনৰ পৰা আমেৰিকাত বসবাস কৰি আহিছে । ৰাজ্যিক পৰ্যায়ত স্থানপ্ৰাপক তথা বিশ্ববিদ্যালয়ত শীৰ্ষস্থান দখল কৰা বৰদলৈয়ে ২০১২ চনত ইলেক্ট্ৰিকেল এণ্ড কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত এম এছ সম্পূৰ্ণ কৰে ।

"আমেৰিকাত বসবাস কৰাৰ পূৰ্বে মই জাৰ্মানীতো কেইবাবছৰ আছিলো আৰু মই অনুভৱ কৰিছিলো যে আমি আমাৰ ল'ৰা-ছোৱালীক অসমীয়া ভাষা শিকাব লাগিব । অসমীয়া ভাষাৰ জৰিয়তে তেওঁলোকে নিজৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব । আমাৰ ল’ৰা-ছোৱালীয়ে ভাষাটো শিকিব লাগে বুলি মই দৃঢ়ভাৱে অনুভৱ কৰো । কিন্তু আগ্ৰহী শিশুসকলক ভাষাটো শিকাব পৰাকৈ কোনো মঞ্চ নাছিল । এই কথা উপলব্ধি কৰি মই বিভিন্ন ইন্টাৰেক্টিভ অনলাইন এপ ব্যৱহাৰ কৰি অসমীয়া ভাষা শিকিব আৰু শিকাবলৈ প্ৰথমটো অসমীয়া ডিজিটেল প্লেটফৰ্ম OAKOKHO (অ আ ক খ) প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিলো ।" চিৰঞ্জীত বৰদলৈয়ে কয় ৷

তেওঁ আৰু কয়, "OAKOKHO ৰ ধাৰণা ২০১৪ চনৰ পৰা মিচিগানত আৰম্ভ হৈছিল । আমাৰ লক্ষ্য হৈছে- অসমীয়া ভাষা, সংস্কৃতি, ঐতিহ্যক সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰা । আমাৰ সংগঠনৰ মূল উদ্দেশ্য হৈছে আভ্যন্তৰীণ ৰাজহ সংহিতাৰ ধাৰা ৫০১(গ)(৩)ৰ অধীনত কাম কৰা, শিশু আৰু প্ৰাপ্তবয়স্কক অসমীয়া ভাষা, অসমীয়া সংস্কৃতি আৰু অসমীয়া ঐতিহ্য শিকোৱাৰ শিক্ষামূলক সেৱা প্ৰদান কৰা ।"

লগতে পঢ়ক: শাৰদীয় মঞ্চত ৰাজহুৱাভাৱে লাঞ্চিত-অপমানিত হ'বলগীয়া হ'ল মাতৃভাষা

সাত সাগৰ তেৰ নদীৰ সিপাৰে অসমীয়া ভাষা প্ৰসাৰৰ প্ৰতি আগ্ৰহী বৰদলৈয়ে অসমীয়া ভাষা শিকিবলৈ ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰা শিশুৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে ।

"মই অসমীয়াত ৫০খনতকৈও অধিক ডিজিটেল ফ্লিপ কিতাপ লিখিছো আৰু সম্পাদনা কৰিছো, যাতে অসমীয়া মূলৰ শিশুসকলে সাধু কথাৰ (লোককথা আৰু লোকগীত) বিষয়ে জানিব পাৰে ।" অসম সাহিত্য সভাৰ সৈতে জড়িত তথা লোককথা প্ৰকল্পৰ সৈতে জড়িত বৰদলৈয়ে এইদৰে জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.