ETV Bharat / state

উগ্ৰ তিতা-উগ্ৰ মিঠা দুয়োটাই বৰবিহ : কিয় ক'লে সাংসদ ৰকিবুল হুছেইনে ? - MP Rakibul Hussain

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 6:10 PM IST

MP Rakibul Hussain: শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিল । তাৰ পিছতে একাংশ বিৰোধীয়ে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰকিবুল হুছেইনেও বিষয়টোক লৈ মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰিছে ।

MP Rakibul Hussain
উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়োটাই বৰবিহ (ETV Bharat)

গুৱাহাটী,২৯ আগষ্ট : 'উগ্ৰ তিতা-উগ্ৰ মিঠা দুয়োটা বৰবিহ । আমি আগতে কৈ আহিছো যে মুখ্যমন্ত্রীৰ একমাত্র কাম্য হ'ল যে তেওঁ যিকোনো প্ৰকাৰে ক্ষমতাত বৰ্তি থাকিব লাগে ।' এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ । বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে ।

মুখ্যমন্ত্ৰীক কটাক্ষ

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্যসমূহৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ ৰকিবুল হুছেইনে কয়,"মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ বোকোচাত উঠি ৰাজনীতি কৰিব বিচৰাৰ কথাটো এটা এটাকে প্ৰমাণ হৈছে ।"

ৰকিবুল হুছেইনে লগতে কয়, "গৌৰৱ গগৈ যোৰহাটত জয়ী হোৱাৰ পাছত মুখ্যমন্ত্রী যেনেকৈ অস্থিৰ হৈ পৰিছিল ঠিক তেনেকৈ ধুবুৰীত নিজৰ মানুহ আজমল হৰাৰ বাবে অস্থিৰ হৈ পৰিছিল । তাৰ প্ৰমাণ হিচাপে আজমলে মুখ্যমন্ত্রীক লগ ধৰি স্মাৰকপত্র প্ৰদান কৰিছে । এই সময়ত মুখ্যমন্ত্রীক বহুতে বিচাৰি নাপায়, সাক্ষাতৰ বাবে অনুমতি নিদিয়ে । কিন্তু আজমলক এই সময়তে মুখ্যমন্ত্রীয়ে দুবাৰ-তিনিবাৰ লগ পাইছে আৰু স্মাৰকপত্র লৈছে । তাৰ মানে দুয়োটা বৰবিহ উগ্ৰ তিতা আৰু উগ্ৰ মিঠা গোটেইকেইটা একেলগ হৈছে আৰু ৰাইজে বুজি পাইছে ।"

মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি তেওঁ কয়,"ক্ষমতা যোৱাৰ ভয়ত মুখ্যমন্ত্রী ত্রস্তমান হৈ গৈছে । তেওঁক কোনো বিৰোধী ঐক্যমঞ্চই ক্ষমতাৰ পৰা আঁতৰাব নালাগে । বিজেপিৰ মাজতে এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেই কাৰণেই যিকোনো মুহূৰ্ততে চৰকাৰখন যে ভাঙিব সেই কথা তেওঁ চোৰাংচোৱাৰ যোগেদি গম পাইছে । তাৰেই আগজাননী হিচাপে তেওঁৰ কথা-বতৰাত অস্থিৰতা প্ৰকাশ পাইছে । বিজেপিৰ ভিতৰতে তেওঁ অপ্ৰিয় হৈছে আৰু বিজেপিয়েও বিচাৰিছে তেওঁ মুখ্যমন্ত্রী হৈ থাকিলে দলৰ অৱস্থা বেয়া হ'ব ।"

লগতে পঢ়ক :সভাপতি পদৰ পৰা আঁতৰালেও মই দলতে থাকিম: ভূপেন কুমাৰ বৰা - APCC President Bhupen Kumar Bora

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.