ETV Bharat / state

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত জয়-পৰাজয়ৰ পৰা শিক্ষা ল’ব কংগ্ৰেছে: গৌৰৱ গগৈ

Election results of Hayrana and JK: ঘোষণা হ’ল হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনী ফলাফল ৷ হাৰিয়ানাত পৰাজয় হ’লেও জম্মু-কাশ্মীৰত মিত্ৰশক্তিৰ সহায়ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 1 hours ago

Election results of Hayrana and JK
গৌৰৱ গগৈ (ETV Bharat)

মৰাণ, 8 অক্টোবৰ: "কংগ্ৰেছে বিজয়ৰ পৰা শিক্ষা ল'ব আৰু পৰাজয়ৰ পৰা শিক্ষা লৈ দলটোক শক্তিশালী কৰাৰ বাবে কাম কৰিব ।" এই ভাষ্য কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ ৷ হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে মঙলবাৰে ডিব্ৰুগড়ৰ তিলৈত এইদৰে কয় গগৈয়ে ৷ উল্লেখ্য যে 2024 ৰ লোকসভা নিৰ্বাচনৰ পাছত প্ৰথমবাৰলৈ হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । আজি হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় ৷

হাৰিয়ানাত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল বিজেপি । দুয়োখন ৰাজ্যত ৯০ টাকৈ সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ এগজিট প'লত হাৰিয়ানাত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি তথ্য প্ৰকাশ পোৱাত হাৰিয়ানাত চৰকাৰ গঠন কৰাক লৈ প্ৰৱল আত্মবিশ্বাসী আছিল কংগ্ৰেছ । কিন্তু হাৰিয়ানাত কংগ্ৰেছৰ আশা পূৰণ নহ'ল । ইয়াৰ সমান্তৰালভাৱে জম্মু-কাশ্মীৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'লেও কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল ।

গৌৰৱ গগৈৰ মন্তব্য (ETV Bharat)

দুই ৰাজ্যৰ ফলাফল ঘোষণাৰ পাছতে ডিব্ৰুগড়ৰ তিলৈত কৰ্মীসভাত অংশগ্ৰহণ কৰি হাৰিয়ানাৰ পৰাজয়ৰ পৰা প্ৰদেশ কংগ্ৰেছে শিক্ষা ল'ব বুলি মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে । উল্লেখ্য যে আজি তিলৈত খোৱাং ব্লক কংগ্ৰেছে এক কৰ্মীসভা অনুষ্ঠিত কৰিছিল । এই সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে সাংসদ গগৈয়ে । দলটোক তৃণমূল পৰ্যায়ৰ পৰা কেনেকৈ শক্তিশালী কৰিব পাৰি সেই বিষয়ে এই কৰ্মীসভাত অলোচনা কৰে সাংসদগৰাকীয়ে।

হাৰিয়ানাত কংগ্ৰেছৰ পৰাজয়ক লৈ কি কয় সাংসদ গৌৰৱ গগৈয়ে:

"এখন ৰাজ্যৰ ফলাফল যথেষ্ট ভাল আৰু এখন ৰাজ্যj ফলাফলক লৈ আমি যথেষ্ট দুঃখিত । আমি হাৰিয়ানাৰ বিজেপিক শুভেচ্ছা জ্ঞাপন কৰিছো । অসম প্ৰদেশ কংগ্ৰেছে দুই ৰাজ্যৰ ফলাফলৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষা ল'ব । বিজয়ৰ পৰা শিক্ষা ল'ব আৰু পৰাজয়ৰ পৰা শিক্ষা লৈ দলটোক শক্তিশালী কৰাৰ বাবে কাম কৰিব ৷" হাৰিয়ানাত কি কাৰণে পৰাজয় হ'ল তাৰো বিশ্লেষণ কৰিব বুলি কয় গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক: হাৰিয়ানাত বিজেপিৰ হেট্ৰিক: জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

হাৰিয়ানাত বিজেপিৰ বিজয়ৰ আঁৰত এজন অসমীয়া: ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত ক’লে জয়ৰ আঁৰৰ কথা

Last Updated : 1 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.