ETV Bharat / state

গৃহ বিভাগৰ দায়িত্ব মোক দিয়ক, এদিনতে ছিণ্ডিকেট-ট্ৰেডিঙৰ মূল ব্যক্তিক ধৰি দিম : গৌৰৱ গগৈ - Gaurav Gogoi on trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 5:19 PM IST

Updated : Sep 14, 2024, 8:44 PM IST

Gaurav Gogoi on trading scam: মুখ্যমন্ত্ৰীক ট্ৰেডিঙৰ মূল ব্যক্তি আখ্যা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ । গৃহ বিভাগৰ দায়িত্ব দিলে সকলো তথ্য প্ৰকাশ কৰিব বুলি প্ৰত্যাহ্বান জনালে গগৈয়ে । সোণাপুৰৰ উচ্ছেদৰ ঘটনাত বিৰোধী জড়িত থকাৰ প্ৰমাণ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান সাংসদগৰাকীৰ ।

Gaurav Gogoi on trading scam
গৃহ বিভাগৰ দায়িত্ব পালে এদিনতে ট্ৰেডিঙৰ মূল ব্যক্তিক ধৰিব গৌৰৱ গগৈয়ে (ETV Bharat)

যোৰহাট,১৪ ছেপ্টেম্বৰ : "নম্বৰ ১ ট্ৰেডিং কৰা ব্যক্তিজনে হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।" এই মন্তব্য যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ । ট্ৰেডিং প্ৰৱঞ্চনা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত শনিবাৰে যোৰহাটত গৌৰৱ গগৈয়ে এনেদৰে মন্তব্য কৰে । তেওঁ লগতে কয়,"গৃহ বিভাগৰ দায়িত্ব মোক দিয়ক ট্ৰেডিং আৰু ছিণ্ডিকেটত জড়িত সকলোকে এদিনৰ ভিতৰতে ধৰিম ।" ট্ৰেডিঙৰ ক্ষেত্ৰত আৰক্ষী তথা চৰকাৰৰ ব্যৰ্থতাক লৈ এনেদৰে মন্তব্য কৰে গৌৰৱ গগৈয়ে ।

গৃহ বিভাগৰ দায়িত্ব মোক দিয়ক, এদিনতে ছিণ্ডিকেট-ট্ৰেডিঙৰ মূল ব্যক্তিক ধৰি দিম : গৌৰৱ গগৈয়ে (ETV Bharat)

কৰম পূজাত গৌৰৱ গগৈৰ অংশগ্ৰহণ

উল্লেখ্য যে আজি চাহ জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ কৰম পূজা । অসম চাহ নিগমৰ অধীনত থকা চিনামৰা চাহ বাগিচাৰ হনুমান মন্দিৰ প্ৰাংগনত অনুষ্ঠিত কৰম পূজাত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ । পূজাত অংশ লৈ সাংসদগৰাকীয়ে চাহ জনগোষ্ঠীৰ লোকসকলৰ সৈতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে । কাৰ্যসূচীত অংশ লৈ তেওঁ চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে । কেগৰ প্ৰতিবেদনৰ ভিত্তিত তেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰে । গৌৰৱ গগৈয়ে কয় যে কেগৰ প্ৰতিবেদন অনুসৰি বৰ্তমান সময়ত চাহ জনগোষ্ঠীৰ লোকসকল আৰ্থিকভাৱে পিছপৰি আছে, অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী পিছপৰি আছে আৰু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ।

সোণাপুৰৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া

ইফালে সোণাপুৰত উচ্ছেদৰ সময়ত সংঘটিত ঘটনাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন বিজেপি নেতাই এই ঘটনাত বিৰোধী জড়িত আছে বুলি কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে তেওঁলোকৰ হাতত যদি কোনো প্ৰমাণ আছে দিয়ক । গগৈয়ে কয়,"যদি বিৰোধী দলপতি দেব্ৰৱত শইকীয়াই দিয়া উচটনিমূলক মন্তব্যৰ বাবে সোণাপুৰ উচ্ছেদকাণ্ডত অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হ'ল তেনেহ'লে সেয়া মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিয়ক ।" আৰক্ষী উপস্থিত থকাৰ পিছতো কেনেকৈ ইমান মানুহে যাঠী-জোং যোগাৰ কৰি ল'লে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক :জিতু গোস্বামীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাষ চাপিল ৰকিবুল হুছেইন - Rakibul Hussain

Last Updated : Sep 14, 2024, 8:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.