ETV Bharat / state

বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে চৰাইদেউ মৈদামত উপস্থিত কংগ্ৰেছ নেতৃত্ব - APCC Extended Executive

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 1:15 PM IST

APCC Extended Executive: এআইচিচিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা, সাংসদ আৰু বিধায়কসকলে চৰাইদেউ মৈদামত উপস্থিত হৈ পূৰ্ব পুৰুষক প্ৰাৰ্থনা কৰে । দিনাজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহকত নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰা হ'ব ।

APCC Extended Executive
বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে চৰাইদেউ মৈদামত উপস্থিত কংগ্ৰেছ নেতৃত্ব (ETV Bharat)

মৰাণ, ৮ ছেপ্টেম্বৰ : চৰাইদেউৰ মথুৰাপুৰত দেওবাৰে অনুষ্ঠিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক । ইতিমধ্যে জিলাখনত উপস্থিত হৈছে এআইচিচিৰ কেইবাগৰাকী শীৰ্ষ নেতা । ৰাজ্যিক নেতাসকলেও চৰাইদেউত বাহৰ পাতিছে । কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে জিলাখনৰ ঐতিহাসিক চৰাইদেউ মৈদামত উপস্থিত হয় অসমৰ দায়িত্ব থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ।

চৰাইদেউ মৈদামত কংগ্ৰেছ নেতৃত্ব

ৰাজ্যিক বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত পূৰ্ব পুৰুষৰ আৰ্শীবাদ গ্ৰহণ কৰিলে নেতাগৰাকীয়ে । তেওঁক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাসহ কংগ্ৰেছৰ সাংসদ আৰু বিধায়কসকলে । চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হোৱা প্ৰতিগৰাকী কংগ্ৰেছ নেতাক জিলা কংগ্ৰেছে একোখনকৈ গামোচাৰে আদৰণি জনায় ।

উল্লেখ্য যে, দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে চৰাইদেউ মথুৰাপুৰৰ ক্ৰীড়া প্ৰকল্প খেলপথাৰত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । য'ত আহি থকা উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিবাৰ্চনৰ ৰণনীতি প্ৰস্তুত কৰা হ’ব । জীতেন্দ্ৰ সিঙৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় নেতা, ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা কংগ্ৰেছৰ সভাপতি, সাংসদ, বিধায়ক আদিকে ধৰি দলীয় কৰ্মীসকলে এই বিশাল বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকিব ।

ৰিপুণ বৰাৰ কংগ্ৰেছত যোগদান

আনহাতে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ লগতে আন কেইবাজনো নেতাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলিও জানিব পৰা গৈছে । ইফালে ৫ টা সমষ্টিত হ'বলগা উপ-নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ সৈতে হ'বলগা মিত্ৰতাত কংগ্ৰেছ দলে কোন কেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব সেই বিষয়েও এই সভাতে কংগ্ৰেছ দলে চূড়ান্ত কৰিব বুলি জানিব পৰা গৈছে ।

চৰাইদেউ মৈদামত উপস্থিত হৈ সভাপতি ভূপেন বৰাই কয়, "অহিব লগা প্ৰতিটো নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰা হ'ব আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত ।" আনহাতে চৰাইদেউ মৈদামত উপস্থিত হৈ জীতেন্দ্ৰ সিঙে কয়, "চৰাইদেউত মৈদাম অসমৰ সংস্কৃতি, অসমৰ হৃদয় । আজি এনেকুৱা এটা স্থানলৈ আহিব পাই নিজকে ভাগ্যৱান মানিছো যি স্থানে অসমৰ সকলো জাতি ধৰ্মৰ লোকক একত্ৰিত কৰিছে, অসমক নিৰ্মাণ কৰিছে ।"

লগতে পঢ়ক : দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী কোন ? - APCC Extended Executive

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.