কোকৰাঝাৰ, ২৫ জানুৱাৰী : অৱশেষত বুধবাৰে নিশা সামৰণি পৰিল কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চল মহোৎসৱ ৷ দেশৰ বাৰেৰহনীয়া কলা-সংস্কৃতিৰ জগতত এক অনন্য মাত্ৰা প্ৰদানৰে যোৱা মঙলবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈছিল এই মহোৎসৱ ৷

বুধবাৰে সন্ধিয়া দেশৰ ১৩ খন ৰাজ্যৰ পৰম্পৰাগত কলা কৃষ্টি প্ৰদৰ্শনৰ এক বৰ্ণিল নৃত্য অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে ৷ COLOURS OF INDIA শীৰ্ষক লোকনৃত্য অনুষ্ঠানত ১৩ খন ৰাজ্যৰ দুশগৰাকী শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰে ৷

বিশেষকৈ জমু আৰু কাশ্মীৰৰ ৰৌফ, হাৰিয়ানাৰ ফাগ, মধ্যপ্ৰদেশৰ বাধাই, গুজৰাটৰ পৰা সিদ্ধি ধামাল, ওড়িশাৰ সম্বলপুৰী, অৰুণাচল প্ৰদেশৰ অকা পাখিদৌ, বড়োলেণ্ড তথা অসমৰ ডাউশ্ৰী দেলাই, মণিপুৰৰ লাই হাৰাওবা, মেঘলয়ৰ ৱাংগালা, মিজুৰামৰ ছেৰ'ও, নাগালেণ্ডৰ আও ৱাৰ নৃত্য টেনেম ইয়ৰ, ছিকিমৰ ছিংগি আৰয় - য়াক ছাম, আৰু ত্ৰিপুৰাৰ মমিতা নৃত্যই উপস্থিত দৰ্শকৰ মন মুগ্ধ কৰে ।

ইয়াৰ পিচত COLOURS OF BODOLAND শীৰ্ষক এক শিশু শিল্পী বিশেষ সাংস্কৃতিক লোকনৃত্যৰ পৰিৱেশন কৰে । উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ সৈতে সংগতি ৰাখি মহোৎসৱস্থলীত বড়োলেণ্ডৰ থলুৱা খেল, জনগোষ্ঠীয় খাদ্য, হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীও প্ৰদৰ্শন কৰা হয় ৷

ইপিনে সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিআৰ প্ৰধান প্ৰমোদ বড়োই শান্তিৰ কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চল মহোৎসৱে জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময়ৰে আমাৰ মাজত ভ্ৰাতৃত্ববোধ আৰু ঐক্যক অধিক শক্তিশালী কৰি তুলিব মন্তব্য কৰে ৷

বড়োই উত্তৰ পূৰ্বোত্তৰৰ সংস্কৃতি অতিকৈ ৰঙীণ আৰু বিশ্বৰ ভিতৰতে ঐতিহ্যময় বুলি উল্লেখ কৰি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিকৰ প্ৰাণকেন্দ্ৰ বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ কেন্দ্ৰীয় চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূৰ্বোত্তৰ মণ্ডলে বিটিআৰত শান্তি প্ৰতিষ্ঠা হোৱাৰ পাচতে পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ আয়োজন কৰাত গৌৰৱৰ বিষয় বুলি তেওঁ কয় ৷

অনাগত দিনত এনেকুৱা সাংস্কৃতিক কাৰ্যসূচী পুনৰ উদ্যোগ ল’বলৈ উত্তৰ পূৰ্বাঞ্চল মণ্ডল সাংস্কৃতিক কেন্দ্ৰলৈ আহ্বান জনাই প্ৰমোদ বড়োই এনে মহোৎসৱৰ পদক্ষেপক শলাগ জনায় । আনপিনে উথপ থপ পৰিৱেশত সামৰণি পৰা উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উত্তৰ পূৰ্বাঞ্চল মহোৎসৱে দেশৰ জাতি জনগোষ্ঠীৰ থলুৱা কলা সংস্কৃতিক এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ মাজত পৰিচয় কৰি দিয়াই নহয় থলুৱা লোক সংস্কৃতিৰ বিনিময়ে এটা শক্তিশালী ভ্ৰাতৃত্বৰ বান্ধোন গঢ় দিয়া বুলি কয় ৷
সামৰণি অনুষ্ঠানত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, দাওবৈচা বড়ো, উইলচন হাসদা, পাৰিষদ মাধৱ ছেত্ৰী, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী, বিটিআৰৰ সচিব দীথকানন্দ হাজৰিকা, উত্তৰ পূৱাঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড৹ প্ৰসন্ন গগৈ আৰু বড়ো সাংস্কৃতিক দলৰ সভাপতি-সম্পাদক উপস্থিত থাকে ৷
লগতে পঢ়ক : অযোধ্যাৰ ৰামকথা উদ্যানত অসমৰ শিল্পীৰ দ্বাৰা মঞ্চস্থ ৰামলীলা