কাজিৰঙা, 28 ফেব্ৰুৱাৰী : বোকাখাতৰ গড়মূৰত সমূহীয়া বিবাহ ৷ 32 যোৰা দম্পতী একত্ৰিত হ’ল একেটা বান্ধোনত ৷ গড়মূৰত আয়োজন কৰা 11 দিনীয়া মহা পালনাম আৰু ভাগৱত পাঠ সমাৰোহত সামাজিক ৰক্ষাকৱচ গ্ৰহণ কৰিলে এইসকল দম্পতীয়ে ৷
ফাগুন মানেই বসন্তৰ আগমন ৷ উন্মনা ফাগুনে তাৰেই ইংগিত দিছে ৷ বসন্তক আদৰাৰ বতৰ এয়া ৷ উৰণীয়া ফাগুনৰ কমোৱা তুলা হেন বতাহৰ সৈতে পৃথিৱী এতিয়া ভৰপূৰ যৌৱনা ৷ ডাল ভৰি আকাশ ৰাঙলী কৰা পলাশ-মদাৰৰ লগে লগে ন-পানীৰে পথাৰ উপচি সৃষ্টি সম্ভৱা হয় পৃথিৱী ৷ প্ৰকৃতিৰ এয়া নিৰ্ধাৰিত নিয়ম ৷ এই নিয়ম মানিয়েই প্ৰকৃতিৰ সন্তান মৰতৰ মানৱেও সংসাৰ যাত্ৰাৰ তাগিদাত নিজৰ পচন্দ মতে জীৱন লগৰী বিচাৰি লয় ৷
সনাতন প্ৰথা মতে এয়া গন্ধৰ্ব বিবাহ ৷ প্ৰাণৰ প্ৰেয়সীক ওচৰ চপাই ঘৰ পাতে ৷ হৰ-গৌৰী বসতি হয় ৷ লাহে লাহে সন্তান-সন্ততিৰে ভৰি পৰে ঘৰ ৷ কিন্তু সমাজ স্বীকৃত নহয় এনে দম্পতী ৷ সেয়ে এই গন্ধৰ্ব প্ৰথাৰ বিবাহক পুনৰ সমাজ স্বীকৃত কৰি বৰ-কইনাক ৰাইজৰ আশীষ ধন্যৰে হোমৰ অগ্নিক সাক্ষী কৰিবলৈ তৎপৰ হয় পৰিয়াল ৷ উঠি পৰি লাগে সমাজখন ৷ অসমীয়া সমাজত পূৰ্বৰে পৰা চলি আহিছে বুঢ়া বিয়াৰ ৰীতি ৷ ঘৰ পতা দম্পতীয়ে অৱশেষত পাতিব লগা হয় বুঢ়া বিয়া ৷
বোকাখাতৰ গড়মূৰত মংগলবাৰে নিশা একেখন ৰভাতলিত বহিল 32 হাল দৰা-কইনা ৷ অসমীয়া ৰীতি-নীতি, পৰম্পৰা ৰক্ষা কৰি অঞ্চলবাসীয়ে কল তলৰ পৰা আদৰিলে 32 জন দৰাক ৷ বয়সৰ কোনো নিৰ্দিষ্ট সীমা নাই ৷ কাৰোবাৰ বয়স যদি 25 আন কাৰোবাৰ আকৌ 65 ৷ আয়তী-উৰুলিৰে আশীৰ্বাদ দিবলৈ নামঘৰত একেলগে বহিল দৰা- কইনাৰ পৰিয়ালৰ লোক ৷ গড়মূৰত আয়োজন কৰা 11 দিনীয়া মহা পালনাম আৰু ভাগৱত পাঠ সমাৰোহত সামাজিক ৰক্ষাকৱচ গ্ৰহণ কৰিছে এই দম্পতীসকলে ৷ ঢোলৰ চাপৰত ৰাইজেও জুৰিলে বিহুনাম ৷ পুৰোহিতৰ মন্ত্ৰধ্বনিত বৈদিক পৰম্পৰাৰে সামাজিক স্বীকৃতি ল'লে দৰা-কইনাই ৷
লগতে পঢ়ক : ৰঙিয়া মহাবিদ্যালয়ত তিনি শিল্পীৰ আৱক্ষ মূৰ্তি উন্মোচন