ETV Bharat / state

পৰাজিত হ'লেও লাভলীনাক লৈ গৌৰৱান্বিত প্ৰশিক্ষক আৰু অনুৰাগী - Lovlina Borgohain

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 5:30 PM IST

Lovlina Borgohain: কোৱাৰ্টাৰ ফাইনেলত চীনা প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত লাভলীনা বৰগোঁহাই । অলিম্পিকত পদৰ পৰা বঞ্চিত হ'লেও লাভলীনাক লৈ দেশবাসী গৌৰৱান্বিত । পৰাজিত হ'লেও অনুৰাগী আৰু প্ৰশিক্ষকৰ হৃদয় জিনিলে লাভলীনাই ।

Lovlina Borgohain
পৰাজিত হ'লেও লাভলীনাক লৈ গৌৰৱান্বিত প্ৰশিক্ষক আৰু অনুৰাগী (ETV Bharat)

সৰুপথাৰ, ৪ আগষ্ট : পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত চীনা বক্সাৰ লি কিয়ানৰ হাতত পৰাস্ত হ'ল অসম কন্যা লাভলীনা বৰগোঁহাই । লগে লগে আন এটা পদক জয়ৰ আশাও ভংগ হ'ল ভাৰতৰ । অৱশ্যে পৰাজিত হ'লেও একেবাৰে নিৰাশ হোৱা নাই লাভলীনাৰ অনুৰাগীসকল । বিশেষকৈ অসম আৰু গোলাঘাটৰ তেওঁৰ গৃহ চহৰ বৰপথাৰবাসী আজি লাভলীনাক লৈ গৌৰৱান্বিত ।

আশা ভংগ :

উল্লেখ্য যে লাভলীনা বৰগোঁহাইৰ বাবে এইখন খেল অতি গুৰুত্বপূৰ্ণ আছিল । খেলখনত জয়ী হ'লেই পদক নিশ্চিত কৰিব পাৰিলেহেঁতেন ভাৰতীয় বক্সাৰগৰাকীয়ে । যাৰবাবে দেশবাসীৰ দৃষ্টি তেওঁৰ ওপৰত আছিল । ইফালে খেলৰ পূৰ্বে লাভলীনাৰ গৃহ চহৰ বৰপথাৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছিল । বেনাৰ লৈ লাভলীনাৰ সমৰ্থনত ধনশিৰি মহকুমা ছাত্ৰ সন্থাই সমদল উলিয়াইছিল । সকলোৱে শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ অনুৰাগীসকলে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনাও কৰিছিল । অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ লৈছিল ধনশিৰিৰ জীয়ৰী লাভলীনা । দুবাৰকৈ অলিম্পিক খেলাৰ সুযোগ লাভ কৰা অসম কন্যাৰ পৰা সকলোৱে পদকৰ আশা কৰি আছিল । কিন্তু সকলোকে আচৰিত কৰি খেলখনত চীনা খেলুৱৈগৰাকীয়ে বিজয় নিশ্চিত কৰে ।

লাভলীনাক লৈ গৌৰৱান্বিত :

লাভলীনাৰ এগৰাকী অনুৰাগী কয়,"লাভলীনাৰ পৰাজয়ত আমি কিছু হতাশ হৈছো যদিও নিৰাশ হোৱা নাই । কাৰণ তেওঁ অসমৰ এখন সৰু গাঁৱৰ পৰা গৈ দেশক প্ৰতিনিধিত্ব কৰিছে । খেলত জয় পৰাজয় থাকেই । কিন্তু আমি লাভলীনাক লৈ গৌৰৱান্বিত ।"

ইফালে লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসেও খেলৰ পিচত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয়,"মই ৰাতিপুৱাৰ পৰাই কৈ আছিলো যে এখন ৰোমাঞ্চকৰ খেল হ'ব । লাভলীনা যে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত যোগ্যতা অৰ্জন কৰিছে সেয়া আমাৰ বাবে গৌৰৱৰ কথা । খেলত জয়, পৰাজয় থাকেই । লাভলীনাৰ বহু সময় আছে । আগলৈ লাভলীনাই ভাল প্ৰদৰ্শন কৰিব বুলি আমি ভাৰতবাসী আশাবাদী ।"

লগতে পঢ়ক :আজিৰ লাভলীনাৰ খেল সন্দৰ্ভত কি ভৱিষ্য়দ্বাণী কৰিলে আদিগুৰুৱে ? - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.