তিনিচুকীয়া, ২৩ ফেব্ৰুৱাৰী: শনিবাৰে পুৱতি নিশা অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লা ব্যৱসায়ীৰ মহৰীক বিদ্ৰোহী সংগঠনে অপহৰণ কৰা বুলি বাতৰি প্ৰকাশ হৈছিল ৷ কয়লা ব্যৱসায়ীৰ তিনিগৰাকী মহৰীক সন্দেহজনক আলফা (স্বাধীন) আৰু এন এছ চি এনে (কে) অপহৰণ কৰাৰ সন্দেহৰ পিচৰে পৰাই আজি পৰ্যন্ত কোনো খা-খবৰ লাভ কৰা নাই ৷
কয়লা খনিটোৰ পৰা অপহৃত তিনিগৰাকী মহৰীৰ নাম ক্ৰমে চন্দন নাৰ্জাৰী, লেখক বৰা আৰু জ্ঞান থাপা ৷ উল্লেখ্য যে লেখক বৰা আৰু জ্ঞান থাপাৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানীত ৷ চিবু সৰকাৰ আৰু ৰঞ্জিৎ থাপা নামৰ দুই কয়লা ব্যৱসায়ীৰ কৰ্মচাৰী আছিল তিনিওগৰাকী অপহৃত লোক ৷
- " class="align-text-top noRightClick twitterSection" data="">
এটা সপ্তাহ পৰ্যন্ত তিনিগৰাকী শ্ৰমিকৰ কোনো খবৰ নোপোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ মাজতে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত এক বিশেষ সভাত অংশগ্ৰহণ কৰিবলৈ অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদকৰ্মীয়ে এই বিষয়টো সন্দৰ্ভত কৰা প্ৰশ্নত তেওঁ কয় যে, এই ঘটনা সন্দৰ্ভত অৰুণাচল আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰোপৰি অসম আৰক্ষীয়ে যি কৰিব লাগে সহায় কৰি আছে ৷ লগতে উক্ত অপহৰণৰ ঘটনাটো যিহেতু অৰুণাচল প্ৰদেশত সংঘটিত হৈছে সেই হেতুকে সমগ্ৰ তদন্তৰ দায়িত্ব অৰুণাচল আৰক্ষীৰ হাতত আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
ইফালে, সুদখোৰৰ বিৰুদ্ধেও ৰাজ্যত বিশেষ পদক্ষেপ লোৱাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সুদৰ ধন ঘূৰাই নিদিয়াকৈ কিবা কৰিব পাৰি নেকি তাৰ ওপৰত চিন্তা কৰা হৈছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে, উক্ত অপহৰণকাণ্ডটো আলফা স্বাধীন আৰু NSCN ৰ যৌথ প্ৰচেষ্টাত চলোৱা হৈছে বুলি সন্দেহ কৰা হৈছে যদিও এইপৰ্যন্ত কোনো এটা সংগঠনে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ সন্দেহ কৰা হৈছে যে লোক তিনিগৰাকীক অপহৰণ কৰি চিবু সৰকাৰ আৰু ৰঞ্জিৎ থাপা নামৰ কয়লা ব্যৱসায়ী দুগৰাকীৰ পৰা ধন দাবী কৰাৰ সম্ভাৱনা কৰা হৈছিল ৷