ETV Bharat / state

কলেৰাত মৃত্যু হোৱা লোকৰ পৰিয়ালক এক লাখ টকাকৈ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্রীৰ - Cholera cases in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 3:23 PM IST

MLA Binod Hazarika :মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকালবাৰী চাহ বাগিচাত আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে বিধায়ক বিনোদ হাজৰিকাই । বিধায়কগৰাকীয়ে বাগিচাখনত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি মন্তব্য় কৰিলে ।

MLA Binod Hazarika
বিধায়ক বিনোদ হাজৰিকা (ETV BHARAT ASSAM)

মৰাণ, ২৪ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা সকলৰ পৰিয়ালক এক লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকালবাৰী চাহ বাগিচাত কলেৰা ৰোগত মৃত্য়ু হোৱা দুজন লোকৰ পৰিয়ালক সোমবাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে বিধায়ক বিনোদ হাজৰিকাই । মোকালবাৰী চাহ বাগিচাৰ গ্ৰাণ্ট লাইনৰ নিবাসী দ্বীপক বাউৰীৰ পুত্ৰ ৰাহুল বাউৰী আৰু তেওঁৰ খুলশালী মাখনি বাউৰীৰ পৰিয়ালক আজি বিধায়ক গৰাকীয়ে মুখ্যমন্ত্রীৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে । বিধায়কগৰাকীয়ে বাগিচাখনত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে বুলিও কয় ।

কলেৰাত মৃত্যু হোৱা লোকৰ পৰিয়ালক এক লাখ টকাকৈ আৰ্থিক সাহাৰ্য (ETV BHARAT ASSAM)

উল্লেখ্য় যে ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাত কলেৰা আৰু ডায়েৰিয়াই ভয়ংকৰ ৰূপ লৈছিল যদিও সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি । বিগত কেইবামাহত জিলাখনৰ কেইবাখনো চাহ বাগিচা এলেকাত এজনৰ পাচত আন এজন লোক আক্ৰান্ত হৈছে এই ৰোগত । বিশেষকৈ জিলাখনৰ চাহ বাগিচা অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে । আজি পৰ্যন্ত এই ৰোগত ডিব্ৰুগড় জিলাৰ চাৰিজন লোকে মৃত্যুক আঁকোৱালি লৈছে । জিলাখনৰ নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচাৰ ৭৫ জন লোকৰ কলেৰা আৰু ডায়েৰিয়াৰ সংক্ৰমণ হোৱাৰ লগতে দুজনে মৃত্যুক আকোঁৱালি লয় । ইয়াৰ সমান্তৰালভাৱে লাহোৱাল‌ সমষ্টিৰ মোকালবাৰী চাহ বাগিচাত কলেৰা আৰু ডায়েৰিয়া ৰোগে ভয়ংকৰ ৰূপ লৈছিল ।

লগতে পঢ়ক:সজাগতাৰ অভাৱ-নাই চিকিৎসক : কলেৰাৰ সংক্ৰমণ ৰোধ হ'ব কেনেকৈ ? - Cholera cases in Assam

বাগিচাখনৰ অৰ্ধশতাধিক লোক ৰোগত আক্ৰান্ত হোৱাৰ লগতে দুজনে ২৫ এপ্ৰিলত মৃত্যুক আঁকোৱালি লয় । ডিব্ৰুগড়ৰ চাহ বাগিচাৰসমূহত দেখা দিয়া কলেৰা আৰু ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱক লৈ হাহাঁকাৰ লাগে স্বাস্থ্য বিভাগত । আনকি ডিব্ৰুগড়ত কলেৰা ৰোগীৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখযোগ্য যে মুখ্যমন্ত্রীৰ পৰা আৰম্ভ কৰি স্বাস্থ্য বিভাগে দাবী কৰিছে ডিব্ৰুগড়ৰ কলেৰা ৰোগীৰ সম্পৰ্ক আছে বহিঃৰাজ্যত । বহিঃৰাজ্যত কাম কৰা লোক চাহ বাগিচাসমূহলৈ অহাৰ পাচতেই এই ৰোগ বিয়পি পৰিছিল । কিন্তু চাহ বাগিচাত শ্ৰমিক লাইনসমূহৰ কদৰ্য পৰিবেশে এইসমূহ ভয়ংকৰ ৰোগৰ কাৰক হ'ব পাৰে বুলি দাবী কৰিছে সচেতন ৰাইজে ।

অপৰিস্কাৰ নলা-নৰ্দমা,বিশুদ্ধ খোৱা পানীৰ অভাৱ তথা অনাময় আঁচনিৰ অভাৱত মুকলি ঠাইত মল-মূত্ৰ ত্যাগ কৰা বাবেই এই ৰোগে বাগিচাখনত ভয়াৱহ ৰূপ লোৱা বুলি স্থানীয় সচেতন ৰাইজে মন্তব্য় কৰিছে । সেয়েহে চৰকাৰ আৰু চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষই বাগিচাসমূহৰ শ্ৰমিক লাইনসমূহৰ কদৰ্য পৰিবেশ কেতিয়া নোহোৱা কৰিব সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:কলেৰা ৰোগৰ সৈতে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্যবিভাগ - Cholera Cases In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.