ETV Bharat / state

নিশা ফেচবুক লাইভত মুখ্যমন্ত্রী : ব্যক্ত কৰিলে দিনটোৰ কথা আৰু মনৰ ভাৱ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 12:33 PM IST

Himanta Biswa Sarma:ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মনৰ কথা ব্য়ক্ত কৰিলে । বোকাখাতৰ পৰা কাজিৰঙা আৰু নিশা উভতিল গুৱাহাটীলৈ । তথাপি নহয় ভাগৰুৱা ।

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

গুৱাহাটী,৩ জুলাই: ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মঙলবাৰে পুৱাৰে পৰা নিশালৈ মুখ্যমন্ত্রীগৰাকীয়ে বানবিধ্বস্ত বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্গতিৰ বুজ লয় । দিনটো বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি নিশা গুৱাহাটীলৈ ওভতাৰ পথত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ফেচবুক লাইভলৈ আহে । ফেচবুক লাইভৰ যোগেদি মুখ্যমন্ত্রীগৰাকীয়ে দিনটোৰ পৰিক্ৰমাৰ লগতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "এতিয়া নিশা ১১ বাজি ১৩ মিনিট হৈছে । পুৱা ৯ বজাত গোলাঘাট জিলালৈ গৈছিলো । বোকাখাট সমষ্টিৰ বংকোৱাল গাঁৱৰ ব্ৰহ্মপুত্ৰৰ মথাউৰি এটা ভাঙি ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে । বংকোৱাল গাঁৱলৈ গৈ দুৰ্ভগীয়া ৰাইজক সাক্ষাৎ কৰিলো আৰু বানৰ তাণ্ডৱ হ্ৰাসৰ পাছতে মথাউৰিটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলো । আনহাতে, জিলা প্ৰশাসনক বান সাহায্য সূচাৰুৰূপে দিয়াৰ ওপৰত দৃষ্টি ৰখাৰ নিৰ্দেশ দিলো" ।

গোলাঘাটৰ পৰা কাজিৰঙালৈ অহা সন্দৰ্ভত মুখ্যমন্ত্রীগৰাকীয়ে কয়, "তাৰ পাছত কাজিৰঙালৈ আহিলো । কাজিৰঙা অভয়াৰণ্য়টো বানে যথেষ্ট ক্ষতি কৰিছে । বন্য জীৱ-জন্তুৰ যথেষ্ট অসুবিধা হৈছে । গঁড়ৰ পোৱালী এটাৰো মৃত্যু হৈছে । কাজিৰঙাত এন ডি আৰ এফৰ টীমে কাম কৰি আছে । বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলেও কাম কৰি আছে । কাজিৰঙাত বান সাহায্যৰে জড়িত সকলোকে সাক্ষাৎ কৰি তেওঁলোকক কাম কৰি যোৱাৰ বাবে প্ৰেৰণা যোগাও" ৷

লগতে পঢ়ক:বানত ককবকাইছে ৰাজ্য়ৰ জনতাই : যেনিয়েই চকু যায় তেনিয়েই কেৱল পানী আৰু পানী - Assam Flood 2024

"কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰি এটা বাঢ়নী পানীয়ে উটুৱাই লৈ যায় । যাৰ ফলত কলিয়াবৰ সমষ্টিটো ৰাইজে যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে । মথাউৰি এটা এনেদৰে ভাঙিব বুলি আশংকা কৰা নাযাই বাবে চৰকাৰেও লগে লগে সাহায্য দিব পৰা নাই । দুৰ্ভগীয়া ৰাইজক সাক্ষাৎ কৰিলো আৰু জিলা আয়ুক্তক ৰিলিফৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিছো । বান নিয়ন্ত্ৰণ বিভাগৰ বিষয়াসকলো আছিল । মথাউৰিটো কিয় তথা কেনেকৈ ভাঙিল তাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । লগতে মথাউৰিটো যিমান সোনকালে পাৰি পুনৰ নিৰ্মাণ কৰাৰ নিৰ্দেশ দিয়া হৈছে" বুলি মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় ।

গাড়ীতে দিয়া ফেচবুক লাইভত মুখ্যমন্ত্রীয়ে কয়, 'পুৱা ৯ বজাতে ওলাই গৈছিলো আৰু এতিয়া ১১ বাজি ১৫ মিনিট হৈছে আৰু গুৱাহাটীত আহি উপস্থিত হৈছো । এটা বেদনাসিক্ত মন লৈ উভতিলো । বানত ক্ষতিগ্ৰস্ত লোকসকলৰ দুখ-কষ্ট আৰু দুৰ্ভাগ্য দেখি মনটো বেদনাসিক্ত হৈ পৰে' ৷ এইদৰে মুখ্যমন্ত্রীগৰাকীয়ে মঙলবাৰে নিশা সামাজিক মাধ্যমৰ যোগেদি নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।

লগতে পঢ়ক: নিশা কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam Flood 2024

লাওখোৱাত বানৰ ভয়ংকৰ ৰূপ, ছিগিল কৃষিবান্ধ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.