ETV Bharat / state

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডেৰে নাপাব সকলো ৰোগৰ চিকিৎসা: মুখ্যমন্ত্ৰী - AYUSHMAN CARD

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 12:46 PM IST

CM on Social Media: আয়ুস্মান কাৰ্ড সন্দৰ্ভত ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত ঘটাৰ সময়তে মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, সকলো ধৰণৰ সাধাৰণ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ৷

AYUSHMAN CARD
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, 26 জুলাই: এতিয়াৰে পৰা গুৰুতৰ ৰোগত আক্ৰান্ত লোকেহে আয়ুস্মান কাৰ্ডৰ অধীনত ব্যক্তিগত চিকিৎসালয়ত পাব সুবিধা ৷ সাধাৰণ ৰোগৰ ক্ষেত্ৰত আয়ুস্মান কাৰ্ডেৰে চৰকাৰী চিকিৎসালয়তহে চিকিৎসা কৰিব লাগিব ৷ আয়ুস্মান কাৰ্ড সম্পৰ্কীয় বিতৰ্ক আৰম্ভ কৰাৰ সময়তে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বৃহস্পতিবাৰে নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে, জটিল তথা গুৰুতৰ ৰোগৰ ক্ষেত্ৰতহে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা থাকিব ৷ আন সকলো ধৰণৰ সাধাৰণ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ৷ চৰকাৰী চিকিৎসালয়তহে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ৷ সাধাৰণ ৰোগৰ চিকিৎসাৰ সুবিধা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰাৰ বাবে চৰকাৰী হাস্পতালসমূহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক: আজিৰে পৰা প্ৰেমৰ চহৰত অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান: জানিবলগীয়া কিছু কথা - PARIS OLYMPICS 2024

আনহাতে, এইক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ বিশেষকৈ সাধাৰণ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত খৰচ বৃদ্ধি কৰে ৷ চৰকাৰী চিকিৎসালয়সমূহক শক্তিশালী কৰাৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

আনহাতে, বায়’মেট্ৰিক বন্ধ হৈ থকা ৰাজ্যৰ ৯ লাখ ২২ হাজাৰ লোকৰ বায়’মেট্ৰিক মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আহ্বান জনোৱাৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷ এই বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে লোৱা বুলি মুখ্যমন্ত্ৰীয়ে জনায় ৷

লগতে পঢ়ক: বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব নে চৰাইদেউ মৈদাম ? - Charaideo Maidam

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, শিক্ষকসকলৰ ক্ষেত্ৰত থকা বুজাবুজিৰ মাজেৰে বদলিৰ ব্যৱস্থা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ মাজতো কৰাৰ চিন্তা কৰা হৈছে ৷ ইয়াৰ দ্বাৰা চৰকাৰৰ অসুবিধা নোহোৱাকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে বুজাবুজিৰ মাজেৰে নিজৰ পছন্দৰ ঠাইলৈ বদলি হৈ যাব পাৰিব ৷

মুখ্যমন্ত্ৰী অসম লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াত অনুষ্ঠিত কৰাৰ কথা সদৰী কৰাৰ লগতে চৰাইদেউ মৈদামৰ প্ৰসংগও উল্লেখ কৰে ৷ উল্লেখ্য যে, আনুষ্ঠানিকভাৱে শুকুৰবাৰে ৰাজধানী দিল্লীত ইউনেস্ক’ৰ তৰফৰ পৰা চৰাইদেউ মৈদামক বিশ্বৰ ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম - UNESCO world heritage site

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.