ETV Bharat / state

574 বিঘা ভূমিত হ’ব আই আই এম গুৱাহাটী : পলাশবাৰী হ’ব শিক্ষাৰ হাব - Proposed site for IIM Guwahati

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 11:02 PM IST

Himanta Biswa Sarma: পলাশবাৰীত স্থাপন হ’বলগীয়া আই আই এম গুৱাহাটীৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী সহিতে শিক্ষামন্ত্ৰীৰ ৷ 574 বিঘা ভূমিত হ’ব এই শিক্ষা প্ৰতিষ্ঠান ৷

IIM Guwahati
Proposed site for IIM Guwahati (ETV Bharat Assam)

মিৰ্জা, 11 জুন: অসমত স্থাপন হ’বলগীয়া আই আই এম গুৱাহাটীৰ বাবে পলাশবাৰীত প্ৰস্তাৱিত ক্ষেত্ৰৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক লগত লৈ আই আই এম স্থাপন হ’বলগীয়া স্থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ৷ সংবাদ মাধ্যমৰ সমুখত মুখ্যমন্ত্ৰীয়ে আই আই এমৰ লগতে আন বহুকেইটা বিষয়ত মন্তব্য প্ৰদান কৰে ৷

আই আই এম গুৱাহাটীৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন (ETV Bharat Assam)

অসমত আই আই এম: কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে অসমত এখন আই আই এম স্থাপনৰ বাবে অনুমোদন জনাইছে ৷ সেই অনুসৰি পলাশবাৰী সমষ্টিত 574 বিঘা ভূমি ইয়াৰ বাবে চৰকাৰে চিনাক্ত কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৱন্টিত পুঁজিৰেই আই আই এম নিৰ্মাণ হ’ব যদিও তালৈ যোৱা পথ নিৰ্মাণ কৰিব লাগিব অসম চৰকাৰে ৷ তাৰোপৰি বিজুলী যোগান আৰু প্ৰয়োজন সাপেক্ষে চৌহদৰ দেৱালৰ বাবেও অসম চৰকাৰে পুঁজি আৱন্টন দিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, সেই স্থানৰ ৰাইজৰ যাতে কোনো অসুবিধা নহয় আৰু কোনো ধৰণে যাতে ভূমি অধিগ্ৰহণ কৰিবলগীয়া নহয়, এই সকলো দিশৰ প্ৰতি চকু ৰাখি পথ নিৰ্মাণ তথা আই আই এম স্থাপন কৰা হ’ব ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন ২০২৪: ৰাষ্ট্ৰীয় ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা উজলিল ঠিকেই ! পিচে কি লাভ হ’ব অসমৰ ? - Himanta Biswa Sarma

কেইদিনমান পলম হ’ব উপ-নিৰ্বাচনত: ৰাজ্যৰ পাঁচগৰাকীকৈ বিধায়ক লোকসভালৈ নিৰ্বাচিত হোৱাত স্বাভাৱিকতেই এই কেইখন আসন খালী হৈছে আৰু উপ-নিৰ্বাচনৰ দ্বাৰা নতুন বিধায়ক নিৰ্বাচিত কৰা হ’ব ৷ কিন্তু আন ৰাজ্যতকৈ অসমত পলমকৈ হ’ব উপ-নিৰ্বাচন ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ৰাজ্যত নতুন ভোটাৰ তালিকা প্ৰকাশ পাইছে, কিন্তু উপ-নিৰ্বাচন পুৰণি ভোটাৰ তালিকা মতেহে হ’ব ৷ গতিকে পুনৰ পুৰণি ভোটাৰ তালিকা প্ৰকাশ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কেইদিনমান সময় লাগিব ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হৈছে- বঙাইগাঁও, চিদলী, ধলাই, চামগুৰি আৰু বিহালী ৷

মূল্যবৃদ্ধিৰ বুজ ল’বলৈ টাস্ক ফ’ৰ্চ গঠন: ৰাজ্যত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে জিলাই জিলাই টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ দিয়া হৈছে ৷ জিলা আয়ুক্তসকলে ইয়াৰ তদাৰক কৰিব ৷

লগতে পঢ়ক: নিৰ্বাচনৰ পিচতে কংগ্ৰেছৰ সভাত হঠাৎ আবিৰ্ভাৱ ভৰত নৰহৰ - Bharat Narah sudden appear

কৰিমগঞ্জত পুনৰ নিৰ্বাচন হ’লেও বিজেপিৰেই লাভ: কৰিগঞ্জ লোকসভা নিৰ্বাচনত বিসংগতিৰ অভিযোগ তুলি পুনৰ নিৰ্বাচনৰ দাবী কৰিছে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ৷ তেওঁৰ মতে মুঠ যিমান ভোট পৰিছে তাতকৈ কেবাহাজাৰো অধিক ভোট গণনা কৰা হৈছে ৷ এই সন্দৰ্ভত তেওঁ নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰাৰ লগতে ন্যায়ালয়ৰ কাষ চপাৰ কথাও ঘোষণা কৰিছে ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে কয় যে, পুনৰ নিৰ্বাচন হ’লে বিজেপিয়ে কিছু সংখ্যক ভোট বেছিকৈহে পাব ৷

15 আগষ্টৰ পূৰ্বে উপ-জিলা গঠনৰ লগতে মন্ত্ৰীসভাৰ সাল-সলনি ঘটোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় ৷ তেওঁ লগতে কয় যে বিজেপিৰ সভাপতি সলনি হ’ব লাগিব বুলি কোনো কথা নাই ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত দলৰ সভাপতি সলনি কৰিলেহে ৰাজ্যতো কৰিব পাৰি যদিও এজন সভাপতি দুটা কাৰ্যকালৰ বাবে থাকিব পাৰে ৷

ইফালে 2025 চনলৈকে ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 2025 ৰ পিচতহে বিধানসভা নিৰ্বাচনৰ বাবে তেওঁ ৰাজনীতি কৰিব ৷ এতিয়া কংগ্ৰেছ-বিজেপি কৰি থাকিলে ৰাজ্যৰ উন্নয়ন পিচ পৰি ৰ’ব বুলি তেওঁ সদৰী কৰে ৷

লগতে পঢ়ক: অসমত বিজেপি দল নহয়, এইচ বি এছ কোম্পানীৰ ৰাজত্ব চলি আছে: অখিল গগৈ - Akhil Gogoi demands re election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.