কলিয়াবৰ, 21 জুন : তেজপুৰৰ পৰা কলিয়াবৰত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বাহনৰ পৰা নামিয়েই খনন চলি থকা কলং পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰ পিচত হেমপ্ৰভাৰ চাহৰ বিপণিত সোমাই প্ৰথমেই একাপ চেনী নিদিয়া চাহ দিবলৈ ক’লে । হেমপ্ৰভাৰ চাহৰ বিপণিৰ কাষৰে সভাস্থলীত বহি সমাগত ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
পূৰ্বৰে পৰা মুখ্যমন্ত্ৰীৰ দৰ্শন লাভ কৰিবলৈ অপেক্ষা কৰি থকা পুৰুষ-মহিলা, যুৱক-যুৱতীৰে স্বভাৱসুলভ কথাৰে বাৰ্তালাপ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । হেমপ্ৰভা আৰু প্ৰবীণ শইকীয়াৰে কৰা বাৰ্তালাপৰ পিচত সংবাদকৰ্মীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘‘বিহুনাচৰ বিশ্ব অভিলেখ কাৰ্যসূচীত ভাগ লোৱা কলিয়াবৰৰ হেমপ্ৰভা বিশ্বাসে পোৱা মাননীৰে এখন চাহৰ দোকান খুলিছিল । সংবাদ মাধ্যমত এই বিষয়ে বাতৰি প্ৰকাশ হৈছিল । ঠিক তেনেধৰণে সেই কাৰ্যসূচীতে ঢোল বজোৱা কলিয়াবৰৰ পশুপালক প্ৰবীণ শইকীয়ায়ো পোৱা মাননীৰে এজনী গাই কিনি পূৰ্বৰ তুলনাত অধিক লাভ কৰিবলৈ সক্ষম হৈছে । "আজি হেমপ্ৰভাৰ লগতে প্ৰবীণ শইকীয়াকো দেখা কৰিবলৈ আহিছিলো । শইকীয়াই তেখেতৰ গৰুৰ গাখীৰৰ টেকেলি এটাও মোক উপহাৰ দিছে । এনেধৰণৰ স্বাৱলম্বনৰ পথ যাতে অসমৰ আন-আন যুৱক-যুৱতীসকলেও লয় তাৰে বাবে মই আহ্বান জনাইছোঁ ।’’ মুখ্যমন্ত্ৰীয়ে ক'লে ৷
লগতে পঢ়ক: ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ
আনহাতে বোৱতী কলঙক লৈ সোধা এটা প্ৰশ্নৰ ড৹ শৰ্মাই কয়, ‘‘স্থানীয় বিধায়ক কেশৱ মহন্ত আৰু পীযুষ হাজৰীকাই অক্লান্ত চেষ্টা চলাইছে যাতে কলংখন পুনৰ বোৱতী হয় ৷ যদিও এতিয়াও কিছু কাম আছে তথাপিও আজিৰ দিনটোত শ্লুইছ গেটৰ তলেদি পাৰ হৈ অহা পানী বৈ থকা কলংখন চোৱাৰ সৌভাগ্য হ’ল । অচিৰেই কোনোবা এটা দিনত আহি কলঙৰ শ্লুইছ গেট খুলি দিম, যাতে কলংখন ভালকৈ বব পাৰে ।’’
কিছুদিন গোটেই প্ৰক্ৰিয়াটো পৰ্যৱেক্ষণত ৰাখিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বোৱতী কলঙে সমস্যাৰ সৃষ্টি নকৰে । কিবা সমস্যা হ’লে আমি মোকাবিলা কৰিব পাৰো । বাকী সময়ছোৱাত কলঙৰ সৌন্দৰ্য যাতে উপভোগ কৰিব পাৰো । মোৰো বহুদিনীয়া এক আশা আছিল । বাজেটৰ বক্তৃতা দিওঁতে মই এই সন্দৰ্ভত বক্তব্য আগবঢ়াইছিলো আৰু সেই কথাৰে আলম লৈ কেশৱ মহন্তই কলঙক বোৱাই নিয়াৰ কাম আৰম্ভ কৰিছিল আৰু পীযুষ হাজৰীকাই সমাপ্তিৰ ফালে লৈ গৈছে । এয়া আমাৰ বাবে প্ৰাপ্তিৰ ক্ষণ বুলিব পাৰো । এদিন আহিম আৰু কলঙৰ শ্লুইছ গেট মুকলি কৰিম যাতে কলঙেদি ব্ৰহ্মপুত্ৰৰ পানী কাজলীমুখলৈকে বৈ যায় ।’’
ড৹ শৰ্মা বিত্তমন্ত্ৰী হৈ থাকোতে চিগনেচাৰ প্ৰকল্প নামৰ এটা আঁচনি আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি কয় যে উক্ত আঁচনিৰ জৰিয়তে কেশৱ মহন্তই এই কামটো আৰম্ভ কৰিছিল । ৰাজ্যৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাচনি পৰীক্ষাৰ বিষয়েও মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় যে তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ সকলো সাজু হৈ আছে । কিন্তু বৰ্তমানৰ বান পৰিস্থিতিৰ বাবে এই কাম স্থগিত ৰখা হৈছে । জুলাই মাহৰ পিচতেই এই পৰীক্ষা অনুষ্ঠিত কৰা ক্ষেত্ৰত চৰকাৰ আগবাঢ়িব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক: গুৱাহাটীত নিৰ্মাণ হ’ব জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প : কলাগুৰুৰ সমাধিক্ষেত্ৰলৈ ১ কোটি টকা ঘোষণা
ৰাজ্যত হ’বলগীয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন পুৰণি সমষ্টিৰ ভোটাৰ তালিকা মতেই হ’ব বুলি জানিবলৈ দিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে অহা দুমাহলৈ এই কাম কৰিব পৰা নাযাব ৷ বানৰ দিনকেইটা পাৰ কৰিহে এই নিৰ্বাচন পাতিব পৰা যাব বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আন নিৰ্বাচনত মিত্ৰজোঁট একেলগেই অৱতীৰ্ণ হয় । কিন্তু পঞ্চায়ত নিৰ্বাচন ৰাজ্যিক ভিত্তিত সিদ্ধান্ত কৰা নহয় । এই সিদ্ধান্ত সমষ্টিয়ে-সমষ্টিয়ে আলোচনাৰ অন্ততহে লোৱা হ’ব বুলি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷
ইফালে নতুন সমষ্টি নিৰ্দ্ধাৰণৰ সন্দৰ্ভত সিদ্ধান্ত সময় আহিলে কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰসংগত আলোচনা কৰাৰ অৱকাশ এতিয়া নাই ৷ তেওঁ কয় যে শেহতীয়াকৈ লোকসভাৰ নিৰ্বাচনী বিধি বলৱৎ হৈ থকাৰ বাবে অসমৰ উন্নয়ন স্থবিৰ হৈ গৈছে ৷ সেয়ে ত্বৰান্বিত কৰিবলৈ এতিয়া ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । এইকেইদিন যিমান সম্ভৱ হয় জিলাই-জিলাই ভ্ৰমণ কৰি বিভিন্ন সমস্যাৰ বুজ ল'ব বুলিও কয় তেওঁ ।
তদুপৰি ড৹ শৰ্মাই জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে একলাখ টকালৈকে ব্যৱসায়িক ঋণ প্ৰদান কৰিব পৰা যায় ৷ ছেপ্টেম্বৰ মাহত ৰাজ্যৰ ত্ৰিশ হাজাৰ যুৱকক এই ঋণ প্ৰদান কৰিব চৰকাৰে । দুই লাখ যুৱকক এই ঋণ প্ৰদানৰ আশা আছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে । তাৰ পিচতো এক লাখ ত্ৰিশ হাজাৰ যুৱকক এই ঋণ প্ৰদান কৰিব পৰা যাব বুলি জনাই ড৹ শৰ্মাই ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শেহতীয়াকৈ কলিয়াবৰৰ উন্নয়নৰ ক্ষেত্ৰত ভালেমান উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হৈছে । এতিয়া কলিয়াবৰ দোপতদোপে উন্নতিৰ দিশে আগবাঢ়ি গৈ আছে । আনহাতে, হেমপ্ৰভা আৰু প্ৰবীণ শইকীয়াই মুখ্যমন্ত্ৰীক লগ পাই আনন্দ প্ৰকাশ কৰাৰ লগতে কৃতজ্ঞতাও প্ৰকাশ কৰে ৷
লগতে পঢ়ক: শীঘ্ৰেই প্ৰবাহমান হ'ব কলং: হাতীমূৰাৰ পৰা শুভবাৰ্তা দিলে মন্ত্ৰী পীযুষ হাজৰীকাই