ETV Bharat / state

বহু চিকিৎসকে ভয় কৰে এন্টিভেনম বেজী দিবলৈ : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:56 PM IST

Antivenom availability in hospitals: এন্টিভেনম বেজী সকলো হাস্পতালতে উপলব্ধ ৷ কিন্তু বহু চিকিৎসকে এই বেজী দিবলৈ ভয় কৰে ৷ ইয়াৰ বাবে ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা জনালে মুখ্যমন্ত্ৰীয়ে ৷

HIMANTA BISWA SARMA
বৰপেটাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

বৰপেটা, ২৭ জুন : বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হয় অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকত অংশগ্ৰহণৰ পিচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হয় বৰপেটালৈ ৷ বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ অভাৱ-অভিযোগৰ বুজ লয় ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সাংবাদিকৰ আগত কেবাটাও নতুন বিষয় সদৰী কৰে ।

মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ চৌহদত নিৰ্মাণ কৰা এশ বিচনাযুক্ত মহিলা আৰু শিশু চিকিৎসালয়খন অহা আগষ্টত মুকলি কৰা হ’ব । চিকিৎসা মহাবিদ্যালয়খনৰ বাবে আগন্তুক দিনত যিধৰণৰ পুঁজি চৰকাৰে লাভ কৰিব সেই মতে উন্নয়নমূলক কামো আগবঢ়াই নিয়া হ’ব । চিকিৎসা মহাবিদ্যালয়খনত হোষ্টেলৰ কিছু অভাৱ হৈ থকা বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: সৰ্প দংশনত ছাত্ৰীৰ মৃত্যু : ছিপাঝাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসকৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী আছুৰ

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে বৰপেটাত এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় স্থাপন কৰা হ’ব । প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে জনায় যে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়খনত এটা অত্যাধুনিক চিটি স্কেন মেচিন সংস্থাপনৰ কাম চলি আছে । উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ চি টি স্কেন মেচিনটো দীৰ্ঘদিনৰ পৰা অকামিলা হৈ আছে ৷

চিকিৎসাৰ প্ৰসংগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰে যে অসমৰ সকলো চিকিৎসালয়তে সাপৰ বিষনাশক বেজী উপলব্ধ হৈ আছে । কেৱল একাংশ চিকিৎসকে প্ৰতিক্ৰিয়া হোৱাৰ ভয়ত এই বেজী দিব নিবিচাৰে ৷ বিগত বৰ্ষত এশ চিকিৎসকক এই বেজী (Antivenom) দিয়াৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায় । মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে এন্টিভেনম বেজী দিয়াৰ প্ৰশিক্ষণ এইবৰ্ষতো চিকিৎসকক প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক: বানৰ মাজতে সৰ্পদংশন : ৰাইজে দাঙি নিবলগীয়া হ’ল হাস্পতাললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.