ETV Bharat / state

ফাইজান আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰসংগত কি ক'লে মুখ্যমন্ত্ৰীয়ে - IIT Kharagpur Assam Student Death - IIT KHARAGPUR ASSAM STUDENT DEATH

Investigation of Faizan Ahmed case: আই আই টি খড়গপুৰৰ ছাত্রাবাসত হত্যাৰ বলি হোৱা তিনিচুকীয়াৰ ফাইজান আহমেদৰ গোচৰৰ তদন্তই লৈছে নতুন গতি । এই তদন্তৰ গোচৰ প্ৰসংগত মন্তব্য় কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Assam CM on Faizan dead case
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 7:25 PM IST

গুৱাহাটী, ১৬ জুন: আই আই টি খড়গপুৰৰ ছাত্রাবাসত নির্মমভাৱে হত্যাৰ বলি হোৱা তিনিচুকীয়াৰ ফাইজান আহমেদৰ গোচৰৰ তদন্ত উচ্চ ন্যায়ালয়ে চিবিআইলৈ হস্তান্তৰ কৰাৰ বাবে চেষ্টা কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

দেওবাৰে গুৱাহাটী মহানগৰীত সংবাদ মাধ্যমৰ আগত ফাইজান আহমেদৰ হত্যাকাণ্ড প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই ঘটনা সন্দৰ্ভত আগতেও য'ত যেনেকৈ পাৰো সহায় কৰি আছিলো । বৰ্তমান কলকতা উচ্চ ন্যায়ালয়ত গোচৰটো চলি আছে । উচ্চ ন্যায়ালয়ে চিবিআইলৈ গোচৰটো যাতে হস্তান্তৰ কৰে তাৰ বাবে চেষ্টা কৰা হ'ব" ৷

উল্লেখ্য যে, ছাত্ৰজনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছে বিষ্ফোৰক তথ্য । ২০২২ চনৰ ১৪ অক্টোবৰত আই আই টি খড়গপুৰৰ লালা লাজপত ৰায় ছাত্রাবাসৰ এটা কোঠাত তিনিচুকীয়াৰ ছাত্র ফাইজানৰ মৃতদেহ উদ্ধাৰ হৈছিল । মৃতদেহ উদ্ধাৰৰ তিনিদিন আগৰে পৰা নিখোঁজ হৈ আছিল ছাত্রজন ।

ফাইজান তিনিদিন ধৰি নিখোজ হৈ থকা খবৰ আই আই টি কর্তৃপক্ষই তেওঁৰ অভিভাৱকক অৱগত কৰা নাছিল । তেওঁৰ পিতৃ-মাতৃয়ে মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ ফটো বিচাৰিছিল । কিন্তু সেই সময়ত তদন্তকাৰী আৰক্ষীয়ে জনাইছিল যে ফটোসমূহ নষ্ট হৈছে ।

আই আই টি কর্তৃপক্ষ আৰু স্থানীয় আৰক্ষীয়ে ছাত্ৰজনৰ মৃত্যুক আত্মহত্যাৰ ৰূপ দিছিল যদিও এই কথা তেওঁৰ অভিভাৱকে সহজে মানি লোৱা নাছিল । মুঠৰ ওপৰত আৰম্ভণিৰে পৰাই ফাইজানৰ মৃত্যুক লৈ তেওঁৰ অভিভাৱকে প্রকাশ কৰা সন্দেহ এতিয়া সত্য বুলি প্রমাণ হ'ব ধৰিছে । কাৰণ কলকাতা উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ মে'ত তিনিচুকীয়াত কৱৰস্থ কৰা ফাইজানৰ মৃতদেহ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নির্দেশ দিছিল ।

সেইমর্মে দ্বিতীয়বাৰৰ বাবে ছাত্ৰজনৰ কৱৰস্থ কৰা মৃতদেহ পুনৰ খান্দি উলিয়াই কলকাতালৈ নি ফৰেনছিক বিশেষজ্ঞই সূক্ষ্মভাৱে পৰীক্ষা-নিৰীক্ষা কৰে । দ্বিতীয়বাৰৰ বাবে কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ আছে যে, ফাইজানৰ লাওখোলাত চুৰীৰ আঘাত আৰু বাওঁফালৰ কাণৰ তলত গুলীৰ আঘাতৰ চিন আছে । অর্থাৎ আই আই টি চৌহদৰ ভিতৰতে ছাত্ৰজনক চোকা অস্ত্ৰৰে ডিঙি কটাৰ পিছত গুলীয়াই হত্যা কৰা হৈছিল ।

যোৱা মাহত ফৰেনছিক বিশেষজ্ঞই ফাইজানৰ মৃতদেহৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিছে । এই প্রতিবেদনৰ তথ্য পোহৰলৈ অহাৰ লগে লগে একপ্ৰকাৰ খড়গপুৰ আই আই টিৰ ভিতৰচ'ৰাৰ ঘটনাক লৈ চৌদিশে চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:কেনেকৈ মৃত্যু হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ ? জানক সবিশেষ - IIT Kharagpur Assam Student Death

বিস্ফোৰক তথ্য উদ্ঘাটনৰ পিচতো মিথ্যাত পৰিণত নহয়তো ‘ন্যায়’ শব্দটো ? - IIT Kharagpur Assam Student Death

IIT Student Faizan dead case : হত্যা কৰা হৈছিল IITৰ ছাত্ৰ ফাইজানক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.