ETV Bharat / state

বিষয় বাজেট: প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীক ধন্যবাদ জনাই ড৹ শৰ্মাই ক’লে- দ্ৰুতগতিত বিকাশ হ’ব ভাৰতৰ - INDIA BUDGET 2024

Union Budget 2024: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰা বাজেটত অসমৰ বাবেও আছে কিছু খবৰ ৷ যাক লৈ সন্তুষ্ট শাসকীয় দলৰ নেতাসকল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বাজেটৰ বাবে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ৷ মুখ্য়মন্ত্ৰীয়ে বাজেট সন্দৰ্ভত কি ক’লে তাক লৈ প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:19 PM IST

INDIA BUDGET 2024
বাজেট 2024 (ETV Bharat Assam)

নিউজ ডেস্ক, 23 জুলাই: সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজতে মঙলবাৰে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ বাবে সাধাৰণ বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ বিত্তমন্ত্ৰী হিচাপে একেৰাহে সপ্তমবাৰৰ বাবে বাজেট উত্থাপন কৰিলে সীতাৰমণে ।

প্ৰতিবাৰৰ দৰে এইবাৰো বাজেট দাখিলৰ সময়ত পৰম্পৰাগত শাৰী পিন্ধি অহা দেখা গৈছিল বিত্তমন্ত্ৰীগৰাকীক ৷ ভাৰতীয় পৰম্পৰা, হস্ততাঁত আৰু কাৰুশিল্পক উদগনি যোগোৱাৰ প্ৰয়াসৰে বিত্তমন্ত্ৰীয়ে এই বিশেষ শাৰীখন পৰিধান কৰি সদনত প্ৰৱেশ কৰে ৷

লগতে পঢ়ক: অসমৰ লগতে অন্যান্য বান বিধ্বস্ত ৰাজ্যলৈ আৰ্থিক সাহায্য ঘোষণা কেন্দ্ৰীয় বাজেটত - India Budget 2024

বিত্তমন্ত্ৰী সীতাৰমণে দাখিল কৰা বাজেটত অসমৰ বাবেও আছে কিছু খবৰ ৷ যাক লৈ বিৰোধী অসন্তুষ্ট হ’লেও শাসকীয় দলৰ নেতাসকলে ৱাঃ ৱাঃ দিছে বিত্তমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী মোদীক ৷ অন্যান্য বানপীড়িত ৰাজ্যসমূহৰ লগতে এইবাৰৰ বাজেটত অসমলৈ বান সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে বিত্তমন্ত্ৰী সীতাৰমণে ৷ যাৰ বাবে বিত্তমন্ত্ৰীগৰাকীক সামাজিক মাধ্যম এক্সৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাৰতৰ বিকাশৰ গতি অধিক দ্ৰুত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক ৰোডমেপ তৈয়াৰ কৰা বুলি ধন্যবাদসূচক মন্তব্য প্ৰকাশ কৰে ৷ লগতে কয় যে, ইয়াৰ দ্বাৰা ভাৰতে অচিৰে অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত তৃতীয় স্থান দখল কৰিব ৷

তাৰোপৰি বাজেটত আছে অসমৰ চাহ উদ্যোগৰ প্ৰসংগ ৷ বাজেটত উল্লেখ কৰা অনুসৰি, অসমৰ চাহ উদ্যোগত কৰ্মৰত শ্ৰমিকসকলক সামৰি ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰৎসাহন যোজনা ৷ এই যোজনাৰ অধীনত আৱণ্টন দিয়া হ’ব 1000 কোটি টকা ৷ এই আঁচনিয়ে অসমৰ চাহ বাগিচা সম্প্ৰদায়ৰ বাবে কেইবাটাও কল্যাণৰ সুযোগ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মত উল্লেখ কৰিছে । অসমৰ চাহ উদ্যোগৰ মেৰুদণ্ড নিৰ্মাণকাৰী শ্ৰমিক ভাই-ভনীসকলৰ কল্যাণৰ কথা চিন্তা কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কেন্দ্ৰীয় বাজেটত কেন্দ্ৰই মুকলি কৰিবলগীয়া 1.5 লাখ কোটি টকাৰ জৰিয়তে ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নত কৰা, কৃষি উৎপাদনশীলতা উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া, সেউজ শক্তিৰ পদক্ষেপ আদিৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবদ দিয়া আৱণ্টনেও অসমৰ বিকাশত বহুগুণে প্ৰভাৱ পেলাব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

আনন্দৰ বিষয় যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত অসমত 311 টা পৰিয়ালত 1,073 কিলোৱাট শক্তি স্থাপন কৰা হৈছে । পৰৱৰ্তী সময়ত ৰাজ্যৰ বহুকেইখন ঘৰে এই সুবিধা গ্ৰহণ কৰিব বুলি আশাপ্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে বাজেট সন্দৰ্ভত কয় যে, বাজেটত কেইবাটাও প্ৰগতিশীল পদক্ষেপ সন্নিৱিষ্ট কৰা হৈছে ৷ যাৰ ভিতৰত আছে তথ্য প্ৰযুক্তি আইনৰ পুনৰীক্ষণ, এঞ্জেল কৰ প্ৰত্যাহাৰ, বিত্তীয় ঘাটি হ্ৰাস কৰা আৰু আন কেইবাটাও পদক্ষেপে নিশ্চিত কৰিব যে ভাৰত অনাগত বছৰবোৰত দ্ৰুতগতিত অৰ্থনীতিৰ বিকাশত আগবাঢ়ি যাব ৷

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট 2024-25 : বাজেটে সস্তা কৰিলে কিহৰ কিহৰ দাম ? কিহত ভৰিব লাগিব অধিক ধন ? - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.