ETV Bharat / state

২০২৬ৰ ভিতৰত নগাঁও সৰ্বাংগসুন্দৰ চহৰলৈ ৰূপান্তৰিত হ'ব: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 7:13 PM IST

Himanta Biswa Sarma in Nagaon: দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । উদ্ধোধন আৰু আধাৰশিলা স্থাপন কৰিলে ১৪০ কোটি টকাৰ প্ৰকল্পৰ । মুছলমান বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন খাৰিজৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ।

Himanta Biswa Sarma in Nagaon
নগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নগাঁও, 25 ফেব্ৰুৱাৰী: দিনজোৰা কাৰ্যসূচী হাতত লৈ দেওবাৰে পুৱাই নগাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পুৱাই নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত উপস্থিত হৈ নুৰুল আমিন ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ কৰা ইণ্ড’ৰ ষ্টেডিয়ামৰ শুভ উদ্ধোধন কৰাৰ পিচতেই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বেবেজীয়াত পাল নামৰ এটি গৃহ উদ্বোধন কৰে ।

তাৰ পিচতেই নগাঁও চহৰৰ লক্ষী নগৰত অসম গৌৰৱ আঁচনিৰ অধীনত এটি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পথৰ আধাৰশিলা স্থাপনৰ পিচত প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ শুভ উদ্বোধন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ হ’বলগীয়া নগাঁও আৱৰ্ত ভৱনৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব নগাঁও আৱৰ্ত ভৱন । আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন কৰি কলঙৰ বাকৰিত নগাঁৱৰ নেহৰুবালিত ৱাকিং জ’ন উদ্বোধন কৰি সম্বোধন কৰে এখন জনসভা ৷ জনসভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম সন্দৰ্ভত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

জনসভাৰ অন্তত সংবাদ মাধ্যমকো সম্বোধন কৰি নগাঁও চহৰৰ সামগ্ৰিক উন্নয়ন চকুত লগাকৈ স্পষ্ট হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে ২০২৬ চনত নগাঁও চহৰখন অসমৰ ভিতৰতেই এখন সৰ্বাংগসুন্দৰ চহৰলৈ ৰূপান্তৰিত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইপিনে সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । সুদখোৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ অধিক কঠোৰ হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনকি মুছলমান বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন খাৰিজৰ বাবে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কাজিসকলে বিবাহ পঞ্জীয়ন কৰাৰ লগতে তালাক পঞ্জীয়ন কৰাৰ বাবেই এই আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ জনসভাৰ অন্তত একাংশ মহিলাই মুখ্যমন্ত্ৰীগৰাকীৰ কাষ চাপি জনোৱা বহু আপত্তিৰ সন্দৰ্ভতো বুজ লৈ সকলো সমাধানৰ দায়িত্ব প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাক ।

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনজোৰা কাৰ্যসূচীত সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক ৰূপক শৰ্মা আৰু বিধায়ক শশীকান্ত দাসে । জনসভাৰ অন্তত নগাঁও চহৰৰ মৰিকলংস্থিত বিজেপিৰ জিলা কাৰ্যালয়তো উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

লগতে পঢ়ক: নগাঁৱত শিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.