গুৱাহাটী : চামগুৰিয়ে আত্মসন্তুষ্টি আৰু দৃঢ়তা বঢ়াইছে বিজেপিৰ ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে চামগুৰিৰ বাদেও আন বহুকেইটা সংখ্যালঘু প্ৰধান সমষ্টি নিজৰ দখললৈ অনাৰ প্ৰস্তুতি বিজেপিৰ । সংখ্যালঘু প্ৰধান সমষ্টিক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিজেপি নেতা-বিধায়কলৈকে সকলোকে দেখা গৈছে প্ৰৱল উৎসাহী ৰূপত ৷ তাৰ বাবে বিজেপিয়ে প্ৰস্তুত কৰিছে ৰণনীতি ৷
সংখ্যালঘু সমষ্টি দখলক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰে এক গুৰুত্বপূৰ্ণ মন্তব্য ৷ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই এতিয়া বিজেপিৰ নেতা-বিধায়কেই নহয়, বিজেপিত আনুষ্ঠানিকভাৱে যোগ নকৰিলেও গেৰুৱা শিবিৰৰ বৰঘৰত বহি থকা একাংশ সংখ্যালঘু নেতাৰ মাজতো উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।
কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?
২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ সংখ্যালঘু প্ৰধান অঞ্চলত যে বিজেপিয়ে গুৰুত্ব সহকাৰে নিৰ্বাচন খেলিব সেয়া শেহতীয়াকৈ স্পষ্ট কৰি দিছে ৷ মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, "বিগত লোকসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিত আমি ৩০/৪০ শতাংশ সংখ্যালঘু ভোট পাইছো ৷ ১০০ শতাংশ সংখ্যালঘু প্ৰধান অঞ্চলতো আমি ৪০ শতাংশ ভোট পাইছো । কাৰণ সংখ্যালঘু প্ৰধান অঞ্চলতো অৰুণোদয় আঁচনি পাই আছে ৷ সংখ্যালঘু মহিলাৰ আত্মসহায়ক গোটেও লাভ কৰিব ১০ হাজাৰ টকাৰ সাহাৰ্য ৷ আত্মসহায়ক গোটৰ ৩০ লাখ মহিলাৰ প্ৰায় ৭ লাখ সংখ্যালঘু মহিলাই লাভ কৰিব ১০ হাজাৰ টকাকৈ ৷ অসম চৰকাৰে লোৱা সকলো আঁচনিৰ পৰাই সংখ্যালঘু উপকৃত হৈছে ৷ কিন্তু আমি তুষ্টিকৰণ নকৰো ৷ সেয়ে আমি উচ্ছেদো চলাইছো । হিন্দু অঞ্চলেই হওক বা হিন্দু প্ৰধান অঞ্চলেই হওক, সকলোতেই সমানে হিতাধিকাৰী আছে ৷"
মুখ্যমন্ত্ৰীয়ে কয়,"কিন্তু আমি এগ্ৰেছিভলী মুছলমান প্ৰধান অঞ্চলত সোমোৱা নাই ৷ যদি আমি ভোট বিচাৰো বহু কেইটা সংখ্যালঘু অঞ্চলত জিকিম ৷"
বিজেপিয়ে কোন কোন সংখ্যালঘু সমষ্টিত খেলিব নিৰ্বাচন ?
সংখ্যালঘু প্ৰধান সমষ্টিত বিজেপিয়ে ২০২৬ত নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাতেই ক্ষান্ত থকা নাই মুখ্যমন্ত্ৰী ৷ কোন কোন সমষ্টি বিজেপিৰ টাৰ্গেটত আছে সেয়াও ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা, "ধিং, চামগুৰি, লাহৰীঘাট, ৰূপহী, পূৱ গোৱালপাৰা, উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জত আমি ইলেকচন খেলিম ৷ এইকেইটা সমষ্টিত আমি শক্তি দেখুৱাই ভালদৰে ইলেকচন খেলিম ৷ তাৰ বাবে আমাৰ এক্টিভিটি আৰম্ভ হৈ গৈছে ।"
২৬ত ৭ সংখ্যালঘু সমষ্টিক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত এক প্ৰকাৰ তোলপাৰ লাগে ৷ কাৰণ মুখ্যমন্ত্ৰীৰ দ্বাৰা ঘোষিত সংখ্যালঘু সমষ্টি কেইটাৰ ভিতৰত বৰ্তমান চামগুৰিৰ বাদে এটাও নাই বিজেপিৰ নিজৰ দখলত । কংগ্ৰেছ-এআইইউডিএফৰ দখলত আছে আটাইকেইটা সমষ্টি। ইতিমধ্যেই উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জৰ দুই কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু ছিদ্দিক আহমেদ দুয়ো হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰত সক্ৰিয় ৷ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈহে বাকী ৷
মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎসাহী এআইইউডিএফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰ ৷ শুকুৰবাৰে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত জনায়, "মই কোনো কাৰণতেই কংগ্ৰেছত যোগদান নকৰো । মই কাৰো ভৰিত পৰিবলৈ নাই, কংগ্ৰেছলৈ মই নাযাওঁ ৷" নিলম্বিত কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে শুকুৰবাৰে কয়,"মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো । দক্ষিণ কৰিমগঞ্জ সমষ্টিত বিজেপি জিকিবলৈ হ'লে প্ৰাৰ্থী সলনি কৰিব লাগিব ৷" উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ বাবে নিজৰ বিজেপিৰ ২০২৬ৰ প্ৰাৰ্থিত্বক লৈ বেছি উৎসাহী দেখা নগ'ল ছিদ্দিক আহমেদক ।
বিজেপি নে অগপৰ হ'ব প্ৰাৰ্থী ? মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত :
মুখ্যমন্ত্ৰীয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৭ টাকৈ সংখ্যালঘু প্ৰধান বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিলেও মন কৰিবলগা যে মুখ্যমন্ত্ৰীয়ে সমষ্টিবোৰত কোন দলৰ পৰা প্ৰাৰ্থী দিব স্পষ্টকৈ কোৱা নাই । মুখ্যমন্ত্ৰীয়ে 'আমি' বুলি উল্লেখ কৰিছে ৷ তেনে প্ৰেক্ষাপটত বিজেপিৰ সহযোগী মিত্ৰ দল অগপৰ বাবেও সমষ্টিবোৰৰ দুৱাৰ খোলা থাকিব ৷ বিজেপিৰ দলীয় সূত্ৰৰ তথ্য অনুসৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা সমষ্টিবোৰত নিজৰ দলৰ উপৰিও অসম গণ পৰিষদকো সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ ৰণকৌশল অনুসৰি পৰামৰ্শ দিয়া হৈছে ৷ কিন্তু ২০২৬ত বিজেপি মিত্ৰজোঁটৰ সংখ্যালঘু প্ৰধান সমষ্টিত বিজেপিৰ ভোটযুদ্ধৰ আখৰা কেনে হ'ব সেয়া যথেষ্ট মন কৰিবলগীয়া ।
লগতে পঢ়ক :মিঞাৰ পাল্লাত পৰা হিমন্ত বিশ্বৰ এইবাৰ পতন নিশ্চিত : ৰকিবুল হুছেইন