ETV Bharat / state

যানজঁট-কৃত্রিম বানৰ মাজত ধীৰ গতিত মুখ্যমন্ত্রীৰ কনভয় - Guwahati Artificial Floods

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 10:02 PM IST

Flood in Guwahati : কৃত্ৰিম বানৰ ফলত হোৱা অভাৱনীয় যানজঁটৰ কৱলত খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কৃত্ৰিম বানৰ মাজেৰে মুখ্যমন্ত্ৰীৰ কনভয় লাহে লাহে আগুৱাই যোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰে মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ ৷

GUWAHATI ARTIFICIAL FLOODS
যান-জঁট আৰু কৃত্রিম বানৰ সন্মুখীন মুখ্যমন্ত্রী (ETV Bharat Assam)

গুৱাহাটী, 8 আগষ্ট : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ অৱস্থা এতিয়া শোচনীয় ৷ এজাক বৰষুণ দিলেই আতংকিত হৈ পৰে মহানগৰবাসী ৷ কাৰণ ক'ত কেতিয়া কিমান সময়ৰ বাবে আৱদ্ধ হৈ থাকিবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই ৷ সোমবাৰৰ বিয়লি হোৱা এজাক ধাৰাসাৰ বৰষুণৰ পাচত গুৱাহাটীত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিয়ে সকলোকে এই কথা ভাবিবলৈ বাধ্য কৰাইছে ৷

অভাৱনীয় যানজঁটৰ কৱলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

যানজঁটত আৱদ্ধ হ’ল মুখ্যমন্ত্ৰীৰ কনভয় :

বৃহস্পতিবাৰে হোৱা বৰষুণতো মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰে আৰু সৃষ্টি হয় ব্যাপক যানজঁটৰ ৷ আনকি আজি কৃত্ৰিম বানৰ ফলত হোৱা অভাৱনীয় যানজঁটৰ কৱলত পৰে খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আজি দিনৰ ভাগত মুখ্যমন্ত্ৰীয়ে সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাগ লৈ ওভতাৰ পথত যানজঁটৰ অভাৱনীয় পৰিস্থিতিৰ সন্মূখীন হয় ৷ কৃত্ৰিম বানৰ বাবে যোৰাবাটৰ পৰা খানাপাৰালৈ বিস্তৃৰ্ণ এলেকাত আজি ভয়াৱহ যানজঁটৰ সৃষ্টি হয় ৷ সেই সময়তে মুখ্যমন্ত্ৰীৰ কনভয় ন-মাইলৰ যানজঁটত কিছু সময়ৰ বাবে আৱদ্ধ হৈ পৰ ৷

কৃত্ৰিম বানৰো মুখামুখি মুখ্যমন্ত্ৰী :

কেৱল যানজঁটেই নহয়, কৃত্ৰিম বানৰো মুখামুখি হ’ল মুখ্যমন্ত্ৰী ৷ যানজঁটৰ সন্মূখীন হোৱাৰ উপৰিও ৰুক্মিণীগাঁৱত কৃত্ৰিম বানৰো মুখামুখি হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ কৃত্ৰিম বানৰ মাজেৰে মুখ্যমন্ত্ৰীৰ কনভয় লাহে লাহে আগুৱাই যোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰে কৃত্ৰিম বানৰ ভয়াৱহ স্বৰূপটো ৷ যিটো সময়ত আৰক্ষীৰ লোকে পেণ্ট কোচাই খালী ভৰিলে দায়িত্ব পালন কৰি আছিল ৷

লগতে পঢ়ক : বৰষুণ নহয় যেন সীমাহীন দুদৰ্শাহে : কৃত্ৰিম বানত মহানগৰীৰ ৰাজপথত উপঙিল বিলাসী বাহন - Guwahati Artificial Floods

কৃত্ৰিম বানৰ বাবে গুৱাহাটীৰ কেইটামান পথ এৰাই চলাৰ আহ্বান আৰক্ষীৰ :

গুৱাহাটী মহানগৰীৰ নতুন সংকট ৷ এজাক বৰষুণ আৰু জলমগ্ন গুৱাহাটী মহানগৰী ৷ সোমবাৰৰ ভয়াৱহ বান আৰু অভাৱনীয় যানজঁটত গভীৰ নিশালৈ স্তব্ধ হৈ পৰিছিল গুৱাহাটী ৷ তাৰ পাচৰ পৰাই এতিয়া কৃত্ৰিম বান আৰু যানজঁটৰ সমস্যাক লৈ সন্ত্ৰস্ত মহানগৰ আৰক্ষী ৷ আজি দিনৰ ভাগত হোৱা বৰষুণৰ পিচতে গুৱাহাটীৰ কেবাটাও স্থানত কৃত্ৰিম বান হোৱাৰ লগতে হৈছে ব্যাপক যানজঁট ৷ যাৰ বাবে মহানগৰ যান-বাহন আৰক্ষীয়ে কেতবোৰ পথ এৰাই চলাৰ বাবে নাগৰিকৰ প্ৰতি আহ্বান জনাইছে ৷

এক জাননী যোগে মহানগৰ যান-বাহন আৰক্ষীয়ে দিয়া পথ কেইটা হৈছে - পাঞ্জাবাৰী (দ্বাৰন্ধা মছজিদৰ সমীপত), ৰুক্মিণীগাঁও, জি এছ ৰোডৰ পিবক' পইণ্ট, যোৰাবাট, ৰাষ্ট্ৰীয় ঘাইপথৰ হনুমান মন্দিৰৰ সমীপত 9 মাইল, সাতগাঁৱৰ এছ এফ এছ স্কুলৰ সমীপত, বতাহঘুলি নাৰেংগী আৰ্মী কেম্পৰ দিশে, নুনমাটিৰ ছেক্টৰ 1ৰ নেপালী চ'ক, খানাপাৰা উৰণ সেঁতুৰ তলত, হাতীগাঁও পথৰ লিটল ফ্লাৱাৰ স্কুলৰ সমীপত, মাদাৰ টেৰেছা ৰোডৰ 2নং মঠঘৰীয়া অঞ্চল ৷ বৰষুণ হ’লে এই পথসমূহত যাতায়াত কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৷ আনহাতে যাতায়াতকাৰীক মহানগৰ যান-বাহন আৰক্ষীয়ে ৰূপায়ণ কৰা যান-বাহন ডাইভাৰচন নিয়ম মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আনহাতে যান-বাহন সম্পৰ্কীয় যিকোনো কথাৰ বাবে জনসাধাৰণক ট্ৰেফিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 3612730989, 6026176755 আৰু 6901269006 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহানগৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক : ঘৰৰ ভিতৰতে থাকক... : অসহায় মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে মহানগৰীৰ বাসিন্দাক - Guwahati Artificial Floods

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.