গুৱাহাটী, ১৩ আগষ্ট : ‘‘ অসমত চেৰিব্ৰেল পালছী বৃদ্ধি পাইছে ৷ চৰকাৰী হাস্পতালত ডাক্তৰ আৰু নাৰ্ছসকলে চিকিৎসাৰ প্ৰট’কল নমনাৰ বাবেই নৱজাতকৰ মাজত চেলিব্ৰেল পালছী হোৱা দেখা গৈছে ৷’’ গুৱাহাটীত মঙলবাৰে এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ প্ৰসূতিয়ে জন্ম দিয়াৰ সময়ত নাৰ্ছ আৰু চিকিৎসকসকলে সঠিক সহায় কৰিব নোৱৰাৰ বাবেই চেৰিব্ৰেল পালছী বেছি হোৱা দেখা গৈছে । বেছিভাগ চৰকাৰী হাস্পতালত এই ৰোগ চিহ্নিত হৈছে ৷ চৰকাৰী হাস্পতালত জন্ম হোৱা শিশুৰ সংখ্যা বাঢ়িলেই নহ’ব, গুণগতভাৱে শিশু জন্ম দিয়াব লাগিব ।’’ এইক্ষেত্ৰত বিশেষকৈ চৰকাৰী নাৰ্ছসকলে সেৱাৰ মনোভাৱেৰে কাম কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।
জন্মগত পক্ষাঘাত (Cerebral palsy) সন্দৰ্ভত চিকিৎসক বি কে বৈশ্যৰ মন্তব্য :
হৃদবক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক বি কে বৈশ্যই কয়, ‘‘চেৰিব্ৰেল পালছী হোৱাৰ কাৰণসমূহ সাধাৰণ গৰ্ভাৱস্থাৰ সময়ত, জন্মৰ সময়ত নতুবা জন্মৰ পিচত যিকোনো পৰিস্থিতিতে হ’ব পাৰে ৷ যদিহে গৰ্ভাৱস্থাৰ সময়ত বসন্ত, জণ্ডিচ তথা আন কোনো সংক্ৰমিত ৰোগ হয় । যদিহে মাতৃগৰাকীৰ গৰ্ভাৱস্থাৰ সময়ত ৰক্তক্ষয় হয় । যদিহে শিশুটিৰ জন্মৰ আগতে গৰ্ভাশয়ৰ পানী ওলাই যায় । যদিহে খুব দীঘলীয়া প্ৰসৱ বেদনা হয় । যদিহে শিশুটি নিৰ্দিষ্ট সময়ৰ আগতেই জন্ম হয় । জন্মৰ পিছত যদিহে অতিৰিক্ত জণ্ডিচ ধৰা পৰে । যদিহে অক্সিজেন দিবলগীয়া হয় । যদিহে নিউমোনিয়া থাকে । যদিহে শিশুটিয়ে গৰ্ভাৱস্থাত থকাৰ সময়ত নিজৰ মল-মূত্ৰ সেৱন কৰে । যাক কোৱা হয় মেকনিয়াম ইনজেকচন । এইসমূহ কাৰণত চেৰিব্ৰেল পালছী হয় ৷’’
তেওঁ কয়, ‘‘এই ৰোগৰ বিভিন্ন লক্ষণ আছে । শিশুটিৰ সঠিক সময়ত সঠিকভাৱে বিকাশ নহয় । বিভিন্ন শাৰীৰিক সমস্যা হয় শিশুটিৰ । অসমত এই ৰোগ শেহতীয়াকৈ বেছিকৈ চিনাক্ত হৈ আছে । এই ৰোগৰ চিকিৎসাও আছে ।’’
২০২৬ চনত অসমত হ’ব ১৭ খন মেডিকেল কলেজ :
মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, ২০২৬ চনত অসমত হ’ব ১৭ খন মেডিকেল কলেজ হ’ব । তেওঁ জনায় যে তিনিচুকীয়া মেডিকেল কলেজত এইবাৰৰ পৰা এম বি এছ এছৰ নামভৰ্তি হ'ব । অহা বছৰত অসমৰ ১৪ সংখ্যক গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ মুকলি কৰা হ’ব । ২০২৬ চনত তিনিখন বিশ্বনাথ, চৰাইদেউ আৰু বঙাইগাঁও মেডিকেল কলেজ আৰম্ভ কৰা হ’ব । অৰ্থাৎ ১৭ খন মেডিকেল কলেজ ২০২৬ চনত হ’ব ।
লগতে পঢ়ক : প'ৰ্টেলৰ জৰিয়তে চৰকাৰী চাকৰিয়ালে কৰিব পাৰিব বদলিৰ আবেদন