মৰাণ, ১৪ জুন: ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাত শেহতীয়াকৈ কলেৰাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বাগিচা এলেকাত এজনৰ পাচত আন এজন লোক আক্ৰান্ত হৈছে এই ৰোগত । এমাহ পূৰ্বে জিলাখনৰ মোকালবাৰী চাহ বাগিচাত দুজন লোকৰ কলেৰাত আক্ৰান্ত হৈ মৃত্যু হৈছিল । লগতে জয়পুৰ চাহ বাগিচাত চলিত সপ্তাহৰ ভিতৰত ৭৫ জন কলেৰাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে দুজনৰ মৃত্যু হৈছে । শুকুৰবাৰে ডিব্ৰুগড়ত ভয়ংকৰ ৰূপ লোৱা কলেৰাৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয়, "স্বাস্থ্য বিভাগৰ তৎপৰতাত ৪-৫ দিনৰ ভিতৰত এই ৰোগ নিয়ন্ত্ৰণলৈ আহিব ।"
আজি ডিব্ৰুগড়ৰ নামৰূপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ডিব্ৰুগড়ত আৰম্ভ হোৱা কলেৰাক লৈ পৰ্যালোচনা কৰা হৈছে । ডিব্ৰুগড়ৰ কলেৰা ৰোগীৰ সম্পৰ্ক আছে বহিঃৰাজ্যৰ সৈতে । ডিব্ৰুগড়ৰ চাহ বাগিচাৰ কিছুলোকে পশ্চিম বংগৰ হাওৰাত কাম কৰিবলৈ গৈ এই ৰোগৰ বীজাণু কঢ়িয়াই আনিছে । ইয়াৰ পৰাই চাহ বাগিচা সমূহত কলেৰাৰ প্ৰাদুৰ্ভাৱ হৈছে ।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় লগতে কয়, "স্বাস্থ্য বিভাগে জনোৱা মতে আজি পৰ্যন্ত ডিব্ৰুগড়ত চাৰিজন লোকৰ কলেৰাত আক্ৰান্ত হৈ মৃত্যু হৈছে । কলেৰাৰ প্ৰাদুৰ্ভাৱ হোৱা চাহ বাগিচা সমূহৰ পানী পৰিস্কাৰ কৰা হৈছে । পৰিস্কাৰ পানী ব্যৱহাৰ কৰা হৈছে । স্বাস্থ্য বিভাগৰ তৎপৰতাত ৪-৫ দিনৰ ভিতৰত এই ৰোগ নিয়ন্ত্ৰণলৈ আহিব ।"
ইপিনে, মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী চিকিৎসালয় সমূহত ঔষধৰ নাটনিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "লোকসভা নিৰ্বাচনৰ বাবে ব্যৱস্থাপনাত অলপ খেলিমেলি হৈছিল । অহা এমাহৰ ভিতৰত সকলো ব্যৱস্থা হৈ উঠিব ।" ৰাজ্যখনলৈ এক স্বাভাৱিক পৰিবেশ আহিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।