ETV Bharat / state

ভাতৃ-ভগ্নীৰ একতা সুদৃঢ় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীক ৰাখী পিন্ধালে ভগ্নীয়ে - Raksha bandhan 2024 - RAKSHA BANDHAN 2024

CM Sarma celebrates Rakhi: দেশৰ লগতে ৰাজ্যজুৰি পালন ৰাখী বন্ধন । ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্ক অটুট ৰখাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উলহ-মলহেৰে অনুষ্ঠিত কৰা হ'ল ৰাখী বন্ধনৰ কাৰ্যসূচী ।

CM Sarma celebrates Rakhi
মুখ্যমন্ত্ৰীক ৰাখী পিন্ধালে ভগ্নীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 4:20 PM IST

গুৱাহাটী, ১৯ আগষ্ট: আজি পৱিত্ৰ ৰাখী বন্ধন । শাওনৰ পূৰ্ণিমাৰ দিনটো দেশজুৰি পালন কৰা হয় ৰাখী পূৰ্ণিমা হিচাপে । আজিৰ এই পৱিত্ৰ দিনটোত ভাতৃৰ হাতত ৰাখী পিন্ধাই প্ৰতিগৰাকী ভগ্নীয়ে বঢ়াই আত্মবিশ্বাস । ভাতৃয়েও ভগ্নীক দিয়ে আজীৱন সুৰক্ষাৰ প্ৰতিশ্ৰুতি । সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি ৰাজনীতিবিদ, তাৰকা আদি সকলোৱে আজি অৰ্থাৎ সোমবাৰে উদযাপন কৰিলে ভাতৃ-ভগ্নীৰ এই পৱিত্ৰ দিনটো । এই ৰাখীডালতেই লুকাই থাকে ভগ্নীৰ প্ৰতি মৰম, চেনেহ, ভালপোৱা আৰু ভাতৃৰ প্ৰতি থকা মঙ্গলকামনা । ৰাখী বন্ধনৰ এই পৱিত্ৰ দিনটো প্ৰতিবছৰৰ দৰে এইবর্ষও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উলহ-মলহেৰে অনুষ্ঠিত কৰা হ'ল ।

মুখ্যমন্ত্ৰীক ৰাখী পিন্ধালে ভগ্নীয়ে (ETV Bharat Assam)

বিজেপি মহিলা মৰ্চাৰ নেতৃত্বত বিভিন্ন দল-সংগঠনৰ মহিলাসকলে মুখ্যমন্ত্ৰীক পিন্ধালে ৰাখী:

ভাতৃ-ভগ্নীৰ একতা সুদৃঢ় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীক ৰাখী পিন্ধালে বিজেপি মহিলা মৰ্চাৰ নেতৃত্বত বিভিন্ন দল-সংগঠনৰ মহিলাসকলে । মুখ্যমন্ত্ৰীগৰাকীক ৰাখী পিন্ধাই ভগ্নীয়ে নিজ হাতেৰে খুৱালে মিঠাই, প্ৰদান কৰিলে বিভিন্ন আকৰ্ষণীয় উপহাৰ । মুখ্যমন্ত্ৰীয়েও ৰাখী বন্ধনৰ উপহাৰ দিলে ভগ্নীসকলক ।
ৰাখীবন্ধনৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিলে মন্ত্ৰী অশোক সিংহল, পীযুষ হাজৰীকাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে ।

মুখ্যমন্ত্ৰীয়ে ৰাখী বন্ধনৰ কি উপহাৰ দিলে ভগ্নীসকলক:

মুখ্যমন্ত্ৰীয়ে ৰাখী বন্ধন উপলক্ষে অসমৰ প্ৰতিগৰাকী ভগ্নীলৈ জনালে শুভেচ্ছা আৰু আশীৰ্বাদ । সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,
"আজি পবিত্ৰ ৰাখীবন্ধন । প্ৰতি বছৰৰ দৰে এইবাৰো আমি সকলোৱে পৱিত্ৰ ৰাখী উৎসৱ পালন কৰিছো । মই আশা কৰিছো ৰাখীৰ পৱিত্ৰ দিনত অসমত যাতে সকলো মা, সকলো ভন্টি, সকলো বাইদেউ সুৰক্ষিত হৈ থাকে আৰু সকলোৱে যাতে সম অধিকাৰৰ সৈতে সমাজৰ বহল বুকুত আগবাঢ়ি যাব পাৰে ।"

আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী কাৰ্যসূচী :

আজিৰ দিনটোৰ পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আজি মই সোণাপুৰলৈ যাম আৰু গুৱাহাটী বৃদ্ধা আশ্ৰমৰ সকলো আবাসীক আজিৰ পৰা অৰুণোদয় আঁচনি, আধাৰ কাৰ্ড, বিনামূলীয়া চাউল, চৰকাৰী গোটেইবোৰ আঁচনি আজিৰ পৰা দিয়াৰ আৰম্ভ কৰিম । লাহে লাহে গুৱাহাটী বাহিৰতো যিবোৰ বৃদ্ধা আবাস আছে তাতো যাতে এনেকুৱা সুবিধা পায় তাৰ বাবে আমি ব্যৱস্থা হাতত লম ।"

কলকাতা ঘটনাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া:

চিকিৎসকৰ সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমি ইতিমধ্যে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত যাতে কোনো কাৰণতে কোনো চিকিৎসক অসুৰক্ষিত হৈ থাকিব নোৱাৰে তাৰ বাবে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছো । কলকাতাৰ ঘটনাটোক ইতিমধ্যে আমি নিন্দা কৰিছো । আমি আশা কৰিছো অপৰাধীয়ে যাতে উচিত শাস্তি পায় আৰু পিতৃ-মাতৃয়ে যাতে অলপ হ’লেও ন‍্যায় পায় ।"

অসমত এনেকুৱা ঘটনা সংঘটিত হ'লে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব ?

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসমত এনেকুৱা কৰিলে আমি কি কৰো যোৱা তিনিটা বছৰৰ ৰেকৰ্ডত সেয়া স্পষ্ট হৈ আছে । বিৰোধী পক্ষই কি কৰে সেয়াও ৰেকৰ্ডত আছে । আমি যেতিয়া নাৰীৰ ওপৰত কোনোবাই অত্যাচাৰ কৰে, ধৰ্ষণ কৰে লাগে লগে লগে ন‍্যায় প্ৰদান কৰো আৰু বিৰোধী পক্ষই সেই ন্যায় কৰিলে বেয়া পায় ।"

লগতে পঢ়ক: মহিলা চিকিৎসকৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা : কলকাতাকাণ্ডৰ পিচতে GMCHৰ তৎপৰতা - Gauhati Medical College Hospital

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.