ETV Bharat / state

সম্পত্তিৰ উইল জনোৱাৰ পৰিৱৰ্তে বিৰোধীৰ সম্পত্তিৰ হিচাপ বিচাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই - Property Controversy of CM Wife

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 2:13 PM IST

Assam CM facebook live : মঙলবাৰৰ নিশা মুখ্যমন্ত্রীৰ ফেচবুক লাইভ ৷ পত্নীৰ সম্পত্তিৰ ইচ্ছাপত্ৰ সন্দৰ্ভত ওলোটা খৰ দিলে মুখ্যমন্ত্ৰীয়ে ৷ ইচ্ছাপত্ৰ সন্দৰ্ভত ক’বলৈ গৈ বিৰোধীক নীতিশিক্ষা দিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৷ USTM ৰ প্ৰসংগ পুনৰ তুলি পাহাৰ কটাৰ বিৰোধ কৰাৰ লগতে পাহাৰ নকটাকৈও নিৰ্মাণ কাৰ্য কৰিব পাৰি বুলি কয় মুখ্যমন্ত্রী শৰ্মাই ৷

cm himanta biswa sarma attacks oppositions regarding his wife riniki bhuyan sarmas properties controversy
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, 14 আগষ্ট: শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাইছে গুৱাহাটীৰ কৃত্রিম বান আৰু মেঘালয়স্থিত ইউ এছ টি এমৰ প্ৰসংগই । এই সন্দৰ্ভত মঙলবাৰৰ নিশা মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

কংগ্ৰেছক কটাক্ষ

কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্রীয়ে কয়, "বিগত দুদিন ধৰি কংগ্ৰেছৰ বন্ধুসকলে নতুন চিন্তা আৰম্ভ কৰিছে । যোৰাবাটৰ পাহাৰ খননে পাৰিপাৰ্শ্বিকতাত আঘাত কৰিছে । অলপ বৰষুণ দিলেই খানাপাৰাত পানী হয় । গুৱাহাটীৰ বাকী অঞ্চলত নহয় । অলপ বৰষুণ দিলেই দিছপুৰ চাৰ্কলত পানী হয় । ইয়াৰ কাৰণ হৈছে যোৰাবাটৰ পৰা পানীৰ ঢল নামি আহে । বিগত সময়ত ইউ এছ টি এম কৰ্তৃপক্ষই ধাৰাষাৰ পাহাৰ কাটিছে । কোনো সীমা আৰু সংখ্যা নাই পাহাৰ কটাৰ । মই সঁচা কথা ক'লো । কংগ্ৰেছ দলৰ মোৰ ওপৰত খং উঠিল । ইয়াৰ প্ৰথম আৱিষ্কাৰক মই নহয় । গুৱাহাটীৰ কৃত্রিম বানৰ বাবে 2005 চনৰ পৰা 2014 চনলৈ যোৰাবাটৰ পাহাৰ খননক দোষাৰোপ কৰিছিল প্ৰয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়েও । কংগ্ৰেছৰ নেতাসকলে আনকি তৰুণ গগৈৰ পুত্রইয়ো তাক নসাৎ কৰিব বিচাৰিছে ।"

নাগৰিকৰ প্ৰতি আহ্বান

ইউ এছ টি এমৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে নাগৰিকৰ প্ৰতি আহ্বান জনাই কয়, "গুৱাহাটীৰ নাগৰিকৰ প্ৰতি আহ্বান যে সেউজ ন্যায়াধিকৰণত আবেদন কৰিব পাৰি নেকি ? ইয়াৰ বাবে সমৰ্থনযোগ্য তথ্য চৰকাৰে দিব । কোনোৱা এন জি অ' তথা ব্যক্তিয়ে যাব খুজিলে চৰকাৰীভাৱে সহায় কৰিম । এইক্ষেত্রত মেঘালয়ৰ মুখ্যমন্ত্রীলৈ পত্র দিছো । দৃষ্টি ৰখাৰ আহ্বান জনাইছো ।"

ৰিণিকি ভূঞাৰ সম্পত্তি সন্দৰ্ভত মুখ্যমন্ত্রী

মুখ্যমন্ত্রীয়ে লগতে কয়, "কংগ্ৰেছ দলে সকলো সময়তে ৰিণিকি ভূঞাৰ নাম লয় । কংগ্ৰেছ দলে খাওতে-শুওতে সকলো সময়তে ৰিণিকি ভূঞাক দেখে । তেওঁলোকে ৰিণিকি ভূঞাৰ উইল চাব বিচাৰিছে । জীয়াই থাকোতে উইল নাচায় । মৃত্যুৰ পাছতেহে উইল চায় । ৰাজনীতি কৰা মানুহসকলে জীৱনত পোৱাখিনি দি যাব পাৰে ।"

"আজি মই গৌৰৱৰে কওঁ যে মোৰ পত্নী বুলি নহয় সকলো লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে । দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে । এটা শিশু লাইব্ৰেৰী চলাই আছে । কেইদিনমান আগতে সাইবাবাৰ মন্দিৰ এটা স্থাপন কৰিছে । অহা মাহত মোৰ মাৰ জু-ৰোডত থকা এডোখৰ মাটিত এটা শিৱমন্দিৰ স্থাপন কৰিম । কাৰণ মই বিশ্বাস কৰো কাপোৰ নিপিন্ধাকৈ আহিছিলো আৰু কাপোৰ নিপিন্ধাকৈ যাব লাগিব । কেৱল মই এটাই আহ্বান জনাম যে যিসকলে আজি মোৰ পিছত লাগি আছে তেওঁলোকে অলপ সাহস দেখুওৱাক । তেওঁলোকেও নিজৰ নিজৰ দান-বৰঙণি আগবঢ়াওক " - মুখ্যমন্ত্রীয়ে কয় ৷

মুখ্যমন্ত্রীয়ে লগতে কয় - "আজিও মোৰ মনত আছে 2009 চনত মই এখন গাড়ী লৈছিলো । সেই সময়ত এজন বিধায়কে মোক দুবছৰ শুব দিয়া নাছিল । এতিয়া সকলোৰে গাড়ী আছে যদিও কোনেও প্ৰশ্ন নকৰে । এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ বাবে আইন বেলেগ আৰু আন ৰাজনীতিকৰ বাবে আইন বেলেগ । নিউজ লাইভৰ মালিকৰ সম্পত্তি কাক দি যাব বুলি যদি সোধা হয় প্ৰতিদিনৰ, প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয় । দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে যে ৰিণিকি ভূঞাই সম্পত্তি কাক দি থৈ যাব । তোমাৰ সম্পত্তিখিনি কাক দি থৈ যাবা সেইটোও প্ৰকাশ কৰা । সাহস কাৰো নাই ।"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মুখত হজৰত মহম্মদৰ নাম

হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটোৰ প্ৰসংগৰে মুখ্যমন্ত্রীয়ে কয়, "হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনত বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাৱলৈ বাধা দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই । পুৱাৰ পৰা কংগ্ৰেছ দলৰ সভাপতিসকলে, প্ৰাক্তন মন্ত্রীসকলে, অখিল গগৈয়ে কৈ আছে সোনকালে সোনকালে দি দিয়ক । আপোনালোকৰ কথা মতেই কাম কৰিম । কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ বাধা দিয়াৰ আগতে নিজে মিঠাই খাবলৈ বাদ দিলে নে নাই । আপোনাৰ কোনটো সম্পত্তি ৰাইজক দিবলৈ সিদ্ধান্ত ল'লে । অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক দিব তাৰ সিদ্ধান্ত লওঁক ।"

"একোটা গঁড়ৰ খৰ্গৰ মূল্য গ্ৰে মাৰ্কেটত এক কোটি টকাৰ পৰা দুই কোটি টকা । কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গঁড়ৰ খৰ্গৰ টকা ক’লৈ গৈছিল ? সেই টকাবোৰেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজক দিব নে নিদিয়ে । তাৰ উত্তৰ আমি নিদিও " - তেওঁ পুনৰ কয় ৷

কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয়, "ইউ এছ টি এমৰ মালিকক বচাবৰ বাবে কংগ্ৰেছ নামি পৰিছে । মুছলমানৰ ভোটৰ বাবে ৰাজনীতি কৰিলে নহ'ব । মহান ব্যক্তিৰ মহান কথা মানি চলিব লাগে । তাত ধৰ্মৰ কথা নাই ।"

পাহাৰ কটা বন্ধ কৰক

ইউ এছ টি এমৰ কিছু কথা বেয়া পাওঁ বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "মিনাৰ এটা নিৰ্মাণ কৰা হৈছে । মিনাৰটোৰ লগত বটদ্ৰৱাৰ নামঘৰৰ সচিত্র এটাও নিৰ্মাণ কৰিব পাৰিলে হয় । গীৰ্জা এটাও নিৰ্মাণ কৰিব পৰা হ'লহেতেন । ধৰ্মনিৰপেক্ষতাৰ আমি পৰিচয় দিব লাগে । আমি মিনাৰৰ তলেদি যাম যেতিয়া আমাৰ বাবে নামঘৰ এটাও বনাই দিয়ক । আমি নামঘৰেদিও যাম । ইউ এছ টি এমত ময়ো দুবাৰ গৈছো । আমাৰ ডাঙৰ ডাঙৰ বুদ্ধিজীৱীয়ে তেওঁলোকৰ ডাঙৰ এটা অডিটৰিয়াম থকা বাবে গুৱাহাটীৰ সভাসমূহো তাতে লৈ গৈছে । মই জাতিটোৰ বাবে ইয়াক অপমান বুলি ভাবিছো । যাৰ বাবে খানাপাৰাত সমান ডাঙৰ এটা অডিটৰিয়াম এটা নিৰ্মাণৰ কাম আৰম্ভ কৰিছো । ইউ এছ টি এমৰ অডিটৰিয়ামতকৈ বহুগুণে ভাল অডিটৰিয়াম হ'ব । জাতীয় চেতনা আমি ক'ৰবাত নহয় ক'ৰবাত ধৰি ৰাখিব লাগিব । ইউ এছ টি এম কৰ্তৃপক্ষই সাক্ষাৎ কৰিব বিচাৰিছে । সাক্ষাৎ কৰি কথা পতাত কোনো আপত্তি নাই। কিন্তু কথা হ'ল যে আপোনালোকে পাহাৰ কটা কমাই দিয়ক । পাহাৰ নাকাটি নিৰ্মাণকাৰ্য কৰিব পাৰি ।'

মুখ্যমন্ত্রীয়ে পুনৰ কয়, "মই নাজানো কংগ্ৰেছ দলৰ বেমাৰ কি আছে । কিবা এটা মই ক'লেই ওলোটাই বাজিবলৈ আৰম্ভ কৰে । ওলোটাই বজাৰ প্ৰয়োজন নাই ৰাইজৰ কিছুমান স্বাৰ্থত আমি একেলগেও কথা ক'ব পাৰো । পৰিৱৰ্তনৰ বাবে আমি যুঁজি থাকিম । হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো সকলোৱে যাতে নিজৰ জীৱনত সমাহিত কৰে । কাৰোবাৰ ফালে আঙুলি টোৱাবলৈ বৰ সহজ যদিও নিজৰ ফালে টোৱাবলৈ বৰ কঠিন । মৃত গঁড়ৰ শিঙৰ আত্মাবিলাকে মোৰ সমষ্টিত পৃথানিৰ নামত নিৰ্মাণ হোৱা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখনে বহু কথা আজিও আমাক কৈ যায় ।"

বৃদ্ধাশ্ৰমৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, " 19 আগষ্টত ৰক্ষা বন্ধনৰ দিনা গুৱাহাটীৰ বৃদ্ধাশ্ৰমসমূহলৈ গৈ আইতাসকলক অৰুণোদয়ৰ অনুমোদন পত্র দিম । যাতে আইতাসকলে সুন্দৰ ৰাখীবন্ধন উৎসৱ উদযাপন কৰিব পাৰে ।"

ৰাজ্যত 1 লাখ নিযুক্তি প্ৰদান

এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, " 2021 চনৰ নিৰ্বাচনৰ সময়ত এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলো । সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিম বুলি বিৰোধীৰ এজন বিধায়কে এক লাখ চাকৰি নিদিয়াকলৈ আন্দোলন কৰাৰ কথা কৈছিল । চৰকাৰে নকৰিলে আন্দোলন হ’ব লাগে ভাল কথা। কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰিলে ধন্যবাদো দিব লাগে । অৱশ্যে মোক ধন্যবাদ নালাগে । আজি 99 হাজাৰ 98 টা নিযুক্তি সম্পূৰ্ণ কৰিলো । এই মাহত নহ’লে অহা মাহত এক লাখ নিযুক্তি সম্পূৰ্ণ কৰিম । পূৰ্বে কোনো এখন চৰকাৰে এনেদৰে নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল । পৰৱৰ্তী লক্ষ্য আৰু 50 হাজাৰ নিযুক্তি দিয়া ।"

বদলিৰ ক্ষেত্রত সংস্কাৰ অনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, " 2 অক্টোবৰত এটা প'ৰ্টেল মুকলি কৰা হ'ব । য'ত পাৰস্পৰিক বদলিৰ বাবে আবেদন কৰিব পাৰিব । প্ৰতি দুমাহৰ মূৰে মূৰে সেইসমূহ আবেদন নিষ্পত্তি কৰি বদলি কৰা হ'ব ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "2017 এপ্ৰিলৰ পাছত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ চাকৰি বাকী থকা সময়লৈকে পত্নীক দৰমহা দি থকা হৈছে । পেঞ্চন বিধৱা পত্নীয়ে পায় । বহু সময়ত শাহু-শহুৰ বহু অসুবিধাৰ সন্মূখীন হয় । যাৰ বাৰে পেঞ্চনৰ 80 শতাংশ বিধৱা পত্নী আৰু 20 শতাংশ বৃদ্ধ মা-দেউতাকক দিম । মানুহৰ সমস্যা সমাধান কৰা আমাৰ জীৱনৰ লক্ষ্য হোৱা উচিত ।"

মুখ্যমন্ত্রীগৰাকীয়ে ঘৰ ঘৰ তিৰংগা কাৰ্যসূচীত ভাগ লোৱাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক: গুৱাহাটীত ইউ এছ টি এমৰ পানী, ডিব্ৰুগড়ত কাৰ পানী ? ৰকিবুল হুছেইনৰ প্ৰশ্ন - Rakibul Hussain Slams Assam CM

প্ৰসংগ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি : ৰাজ্যৰ বিভিন্ন বিৰোধী দলৰ তীব্ৰ প্ৰতিক্ৰিয়া - Assam CM Himanta Biswa Sarma

ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.