ETV Bharat / state

৯৩৬ জন প্ৰাক্তন আলফা সদস্যক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ - Srimanta Sankaradeva Kalakshetra

শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন আলফা সদস্যক আৰ্থিক সাহায্য প্ৰদান কৰে ৷

CM distributes financial aid to 936 former ULFA members at Kalakshetra
আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 3:51 PM IST

আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান

গুৱাহাটী, ২ মাৰ্চ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত শনিবাৰে অনুষ্ঠিত হয় প্ৰাক্তন আলফা সদস্য, সন্ত্ৰাস নিৰ্মূল অভিযানত আঘাতপ্ৰাপ্তসকল, নিৰ্যাতিত পৰিয়াল আৰু নিৰুদ্দিষ্ট সদস্যৰ নিকটাত্মীয়সকলক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান । অনুষ্ঠানত সৰ্বমুঠ ৯৩৬ জন সদস্যক পুনৰ সংস্থাপনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

CM distributes financial aid to 936 former ULFA members at Kalakshetra
আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান

শনিবাৰৰ এই অনুষ্ঠানত ৪৫ জন সন্ত্ৰাস নির্মূল অভিযানত আঘাতপ্ৰাপ্ত সদস্যক ৩ লাখ টকাকৈ, ৮ গৰাকী নির্যাতিতাক ৫ লাখ টকাকৈ, ৩১ জন নিৰুদ্দিষ্ট সদস্যৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰু ৮৫২ জন প্ৰাক্তন সদস্যক ভাৰত চৰকাৰৰ উত্তৰ-পূবৰ উগ্ৰপন্থী সদস্যসমূহৰ মুলসুঁতিলৈ প্ৰত্যাৱৰ্তন আৰু পুনৰ সংস্থাপন আঁচনিৰ অধীনত চাৰি লাখ টকা আৰু ৩ লাখ টকা অসম চৰকাৰৰ বিশেষ পুঁজিৰ অধীনত এককালীন সাহায্য হিচাপে প্ৰদান কৰা হয় ।

আনহাতে সংগ্ৰামৰ মাজতে মৃত্যুবৰণ কৰা আন ২৩০০ আলফা সদস্যৰ পৰিয়ালক আগন্তুক লোকসভা নিৰ্বাচনৰ পিচতে আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে । উল্লেখ্য যে, আলফা সংগঠনৰ চৰকাৰৰ সৈতে হোৱা কেইবালানিও আলোচনাৰ অন্তত ২০২৩ চনৰ ২৯ ডিচেম্বৰ দিনা ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হৈছিল । শান্তি চুক্তি অনুসৰি আলফাই সংগঠনটো ভংগ কৰাৰ ঘোষণা কৰিছিল আৰু মনোনীত শিবিৰসমূহ খালী কৰি দিছিল ।

আজিৰ এই অনুষ্ঠানত প্ৰদান কৰা এককালীন সাহায্যৰ যথোপযুক্ত ব্যৱহাৰৰ অৰ্থে প্ৰতিজন সদস্যৰ বাবে দক্ষতা বিকাশ কাৰ্য্যক্ৰমৰ অধীনত বিভিন্ন বৃত্তিগত প্ৰশিক্ষণৰ আঁচনি গ্ৰহণ কৰা হয়, যাতে তেওঁলোক স্বাৱলম্বী হোৱাত সফল হ’ব পাৰে । স্মৰ্তব্য যে ২০২১ চনৰ পৰা বৰ্তমানলৈকে সৰ্বমুঠ ৯৫৮৩ জন প্ৰাক্তন উগ্ৰপন্থী সদস্যক পুনৰ সংস্থাপনৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হৈছে । ইয়াৰে ভিতৰত NDFB সংগঠনৰ- 4203 জন, চাৰিটা Karbi উগ্ৰপন্থী সংগঠনৰ -1926 জন, পাঁচটা আদিবাসী সংগঠনৰ - 1182 জন, DNLA সংগঠনৰ- 181, ULFA সংগঠনৰ- 936 জন আৰু অনান্য সংগঠনৰ- 1155 জন (UGPO, TLA, NLFB, UPRF, KLF, Maoist)। আজিৰ এই আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও মন্ত্ৰী যোগেন মোহন, অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথে প্ৰমুখ্যে বহুকেইগৰাকী প্ৰাক্তন আলফা নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : ওদালগুৰি জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.