গুৱাহাটী, 25 ফেব্ৰুৱাৰী: নুনমাটি থানা চৌহদত প্ৰচণ্ড মাৰপিটৰ ঘটনা । শনিবাৰে নিশা দুটা পক্ষৰ মাজত সংঘটিত হয় এই প্ৰচণ্ড মাৰপিটৰ ঘটনাটো । দোকানৰ বাকী বিচাৰি যোৱাৰ বাবেই মাৰপিটৰ ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
ঠিকাদাৰ অখিল কলিতাৰ ঘৰলৈ যোৱাৰ বাবেই এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয় বুলি তথ্য লাভ কৰা হৈছে । জানিব পৰা মতে, নাৰেংগীৰ বজৰং ষ্টীল নামৰ হাৰ্ডৱেৰৰ দোকানখনত বস্তু ক্ৰয় কৰাৰ বিনিময়ত টকা দিবলৈ আছিল অখিল কলিতা নামৰ ঠিকাদাৰজনে । দোকানখনৰ গৰাকীয়ে অনাদায় ধন আদায় দিবৰ বাবে অখিল কলিতাক কেবাবাৰো কৈছিল আৰু সেই অনুসৰি দোকানৰ বাকী বিচাৰি শনিবাৰে অখিল কলিতাৰ ঘৰলৈ গৈছিল বজৰং ষ্টীলৰ গৰাকী ।
কিন্তু প্ৰাপ্য ধন আদায় দিয়াৰ বিপৰীতে মাৰপিট কৰি চোকা অস্ত্ৰৰে চোঁচা লোৱাৰ অভিযোগ উত্থাপন হৈছে ছিকাদাৰ অখিল কলিতাৰ বিৰুদ্ধে । অভিযোগ অনুসৰি 70 হাজাৰ টকা পৰিশোধ কৰিবলগীয়া আছিল অখিল কলিতাৰ । অখিল কলিতাৰ এই ব্যৱহাৰ সন্দৰ্ভত নুনমাটি থানাত গোচৰ দিবৰ দোকান কৰ্তৃপক্ষ যোৱাৰ সময়তে পুনৰ অখিল কলিতা বাহিনীয়ে থানাত উপস্থিত হৈ গোটৰীয়াক আক্ৰমণ কৰাৰ অভিযোগ তোলে ভুক্তভোগীয়ে ।
তাৰ পিচতেই দুই পক্ষৰ মাজত নুনমাটি থানা চৌহদতে চলে আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণৰ ফলস্বৰূপে দোকানৰ স্বত্বাধিকাৰী দীপক দে’ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । মূৰত আঘাত পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হয় দীপক দে’ । একেদৰে আঘাতপ্ৰাপ্ত হয় টকা বিচাৰি যোৱা নৱজিৎ দে’ ।
এই আক্ৰমণৰ ফলত অখিল কলিতাও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । অখিল কলিতাৰ মতে পূৰ্বে আক্ৰমণ কৰিছিল নৱজিত দে’ই । কিন্তু থানা চৌহদত হোৱা এনে প্ৰচণ্ড মাৰ-পিটৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে নুনমাটি আৰক্ষীৰ বিৰুদ্ধে ৷
বৰ্তমান পৰ্যন্ত ঘটনা সন্দৰ্ভত এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই নুনমাটি আৰক্ষী ৷
লগতে পঢ়ক: Clash at Silapathar: ৰণস্থলীলৈ পৰিণত হ’ল ধেমাজি চিলাপথাৰ; প্ৰচণ্ড মাৰ-পিটত আহত কেবাজনো