ETV Bharat / state

সুৰক্ষাৰ খাতিৰত বাংলাদেশৰ পৰা অসমলৈ হ’ব নেকি অনুপ্ৰৱেশ ? চিন্তিত নাগৰিক - Bangladesh violence

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 7:42 PM IST

Infiltration from Bangladesh to Assam : অগ্নিগৰ্ভা বাংলাদেশৰ নাগৰিক অসমত প্ৰৱেশৰ সম্ভাৱনাই শংকিত কৰিছে একাংশ লোকক ৷ সীমান্তত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ আহ্বান ৷ মানৱতাৰ খাতিৰত শৰণাৰ্থী হিচাপে স্থান দিয়াৰো সম্ভাৱনা ব্যক্ত নাগৰিকৰ ৷

BANGLADESH VIOLENCE
লখিমপুৰৰ সচেতন নাগৰিকৰ মন্তব্য (ETV Bharat Assam)

লখিমপুৰ, ১৭ জুলাই : প্ৰতিনিয়ত ভাৰতীয়, বিশেষকৈ অসমবাসী শংকিত হৈ থাকে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত ৷ বাংলাদেশী অনুপ্ৰৱেশকাৰী এটা ৰাজনৈতিক ইচ্ছ্যু হিচাপেও ব্যৱহৃত হৈ আহিছে ৷ শেহতীয়াকৈ বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে বাংলাদেশত অব্যাহত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ ফলত ৷

উল্লেখ্য যে আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষই তীব্ৰৰূপ ধাৰণ কৰিছে বাংলাদেশত ৷ এই সংঘৰ্ষত প্ৰায় 115 গৰাকী লোকৰ মৃত্যুৰ খবৰ লাভ কৰা গৈছে ৷ দেশখনৰ উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থা হ্ৰাস কৰাৰ ফলত দেশজুৰি অব্যাহত আছে অশান্তজৰ্জৰ পৰিৱেশ ৷

বাংলাদেশত অব্যাহত ৰাষ্ট্ৰজোৰা আন্দোলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত দেশখনৰ নাগৰিক চুবুৰীয়ালৈ দেশলৈ পলাই যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশই ৷ সেয়া বাস্তৱ হ’লে ভাৰতলৈ বাংলাদেশৰ নাগৰিকৰ পুনৰ অনুপ্ৰৱেশ নুই কৰিব নোৱাৰি ৷ এইক্ষেত্ৰত বাংলাদেশ সীমান্তৰ অসমলৈও বাংলাদেশীৰ আগমনৰ সম্ভাৱনা আছে ।

এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰৰ একাংশ সচেতন নাগৰিকে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো সীমান্তত কঠোৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে আহ্বান জনায় ৷ যদি বাংলাদেশৰ পৰিস্থিতি অধিক অৱনতি ঘটে আৰু সেই দেশৰ পৰা যদিহে প্ৰাণৰক্ষাৰ বাবে নাগৰিকে অসমত প্ৰৱেশ কৰে তেন্তে চৰকাৰীভাৱে মানৱতাৰ খাতিৰত শৰণাৰ্থী হিচাপে আশ্ৰয় দিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে একাংশ লোকে ৷

পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিচতো সম্ভাব্য বাংলাদেশী শৰণাৰ্থীসকল দেশলৈ ঘূৰি নগৈ অসম তথা ভাৰতত থাকি যোৱাটো মংগলজনক নহ’ব বুলি মন্তব্য কৰিছে লখিমপুৰৰ সচেতন লোকে ৷ সেয়ে সীমান্তত সুৰক্ষা ব্যৱস্থা পূৰ্বতকৈয়ো কটকটীয়া কৰাৰ আহ্বান জনাইছে লোকসকলে ৷

লগতে পঢ়ক : কৰিমগঞ্জ হৈ বাংলাদেশৰ পৰা নিৰাপদে উভতি আহিছে ভাৰতীয় ছাত্ৰ-ছাত্ৰী

লগতে পঢ়ক : প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক

লগতে পঢ়ক : অনুপ্ৰৱেশকাৰীক ভাৰতত প্ৰৱেশত বাধা প্ৰদানত সমস্যাৰ সন্মুখীন BSF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.