গুৱাহাটী, ১১ মাৰ্চ : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ চি আই ডিয়ে জাৰি কৰিছে তৃতীয়খন চমন । ১২ মাৰ্চত ১১.৩০ বজাত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ । অন্যথা গ্ৰেপ্তাৰ কৰিব ভূপেন বৰাক । কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ সভাৰ বাবে ১১, ১২ তাৰিখে দিল্লীত থাকিব লাগিব ভূপেন বৰা । উল্লেখ্য যে, ৫ মাৰ্চত ভূপেন বৰালৈ CID য়ে দ্বিতীয়খন চমন জাৰি কৰিছিল । ৭ মাৰ্চত CID ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল । কিন্তু ভূপেন বৰা উপস্থিত নহ’ল । যাৰ বাবে চি আই ডি য়ে পুনৰ চমন জাৰি কৰে তেওঁলৈ ।

প্ৰথমখন চমনত ভূপেন বৰাক ২ মাৰ্চত ১১.৩০ বজাত CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল যদিও ভূপেন বৰা হাজিৰ হোৱা নাছিল । উল্লেখ্য যে, বিগত ২৩ জানুৱাৰীত ৰাহুল গান্ধীৰ নেতৃত্বত গুৱাহাটীৰ খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল । মহানগৰ আৰক্ষীয়ে খানাপাৰাত বেৰিকেড স্থাপন কৰি ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা প্ৰদান কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ নেতা-কর্মীয়ে বেৰিকেড ভাঙে । ইয়াকে লৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি হয় । আৰক্ষীয়ে লাঠীচালনা কৰাত ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰসহ কেইবাজনো নেতা-কর্মী আহত হয় ।
ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনুমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক বৈধ কৰ্তব্য পালন কৰাৰ সময়ত বাধা দিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ওপৰত আক্ৰমণৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, কে.চি. ভেনুগোপাল, জয়ৰাম ৰমেশ, শ্ৰীনিবাস বি ভি, কানহাইয়া কুমাৰ, গৌৰৱ গগৈ, দেবব্ৰত শইকীয়া, ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মাৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পিডিপিপি আইনৰ ৩ নং ধাৰাত ৫৫/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰৱৰ্তী সময়ত গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰা হয় ।
লগতে পঢ়ক : চিআইডিৰ কাৰ্যালয়ত হাজিৰ নহয় ভূপেন বৰা; দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া