ETV Bharat / state

HIV ত আক্ৰান্ত যুৱকৰ মৃত্যুৰ পাছতে চৰাইদেউ স্বাস্থ্য বিভাগত হাহাকাৰ - HIV Positive Case

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 9:22 PM IST

HIV Positive Case in Charaideo: ড্ৰাগছ আসক্ত যুৱক HIV ত আক্ৰান্ত হৈ মৃত্যু হোৱা পাছতে হাহাকাৰ লাগিছে চৰাইদেউ স্বাস্থ্য বিভাগত । বৰ্তমানলৈ জিলাখনত HIV ত আক্ৰান্ত লোকৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে । চিকিৎসকৰ পেছক্ৰিপচন অবিহনে কোনো লোককে চিৰিঞ্জকে আদি কৰি ঔষধ বিক্ৰী নকৰিবলৈ নিৰ্দেশ চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ ।

Charaideo Health Department worried about death of a youth with HIV Positive
HIV ত আক্ৰান্ত যুৱকৰ মৃত্যুৰ পাচতে চৰাইদেউ স্বাস্থ্য বিভাগত হাহাকাৰ (ETV BHarat Assam)

চৰাইদেউ,২২ মে': ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে চৰাইদেউ জিলাখনতো ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে HIV ত আক্ৰান্ত লোকৰ সংখ্যা । শেহতীয়া তথ্য অনুসৰি ১৯ জন লোকৰ দেহত ধৰা পৰিছে HIV পজিটিভ । ইয়াৰে এজন লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

আনহাতে এই সকলৰ বেছিভাগেই নিষিদ্ধ ড্ৰাগছ সেৱন কৰাৰ ফলতেই HIV ত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ভূপেন্দ্ৰ দাসে । তথ্য অনুসৰি শেহতীয়াকৈ কেইদিনমানৰ পুৰ্বে ধোদৰ আলিত ড্ৰাগছ সেৱন কৰা এজন লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হোৱাত তেজ পৰীক্ষা কৰোঁতে ধৰা পৰে HIV ত আক্ৰান্ত হোৱাৰ কথা ।‌

ইফালে চিকিৎসাধীন অৱস্থাতে যুৱকজনে মঙলবাৰে মৃত্যুক আঁকোৱালি লয় । যুৱকজনৰ মৃত্যু হোৱাৰ পাছতে এতিয়া যুৱকজনৰ সৈতে সম্পৰ্ক থকা লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ইতিমধ্যে মৃত যুৱকজনৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলৰো তেজৰ নমুনা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ।

জানিব পৰা অনুসৰি মৃত যুৱকজনে চিৰিঞ্জৰ সহায়ত ড্ৰাগছ গ্ৰহণ কৰিছিল । ইয়াৰ পৰাই HIVত আক্ৰান্ত হোৱা বুলি অনুমান কৰা হৈছে । যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে চৰাইদেউ জিলাখনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । কিয়নো চৰাইদেউ জিলাখনৰ বিশেষকৈ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ভয়ানকভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ সংখ্যা ।

তেনেস্থলত চৰাইদেউ জিলাখনত HIV পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে । এই ঘটনাৰ পাছতে চৰাইদেউ জিলাখনত চিকিৎসকৰ পেছক্ৰিপচন অবিহনে কোনো লোককে চিৰিঞ্জকে আদি কৰি ঔষধ বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে ।

লগতে পঢ়ক: তেজপুৰত যৌনকৰ্মীৰ মাজত সজাগতা সৃষ্টিৰ আলোচনা-চক্ৰ

ৰাজ্যত ২০২৩ লৈ চিনাক্ত হৈছে ১৩,৭২৯ গৰ‍াকী HIV ৰোগী

কাৰাগাৰত বন্দী ৩৮ কয়দীৰ দেহত এইছ আই ভি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.