গুৱাহাটী: চিলনী চোৰৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে গুৱাহাটীবাসী । স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকাৰ সময়তেই চিলনী চোৰৰ টাৰ্গেট হৈ পৰিছে কলেজীয়া ছাত্রীৰ পৰা আৰম্ভ কৰি প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাসকল । আৰক্ষীৰ চকুৰ সন্মুখতেই সংঘটিত হৈ আছে এনে অপৰাধজনিত ঘটনা ।
গুৱাহাটীত অপৰাধীক কঠোৰ হাতেৰে দমন কৰিবলৈ আৰক্ষীয়ে গ্ৰহণ কৰিছে পদক্ষেপ । অপৰাধীক কৰায়ত্ব কৰাৰ পিছত সংঘটিত ঘটনাৰ পুনৰ দৃশ্য়ায়ন কৰিবলৈ নিয়াৰ সময়তেই অপৰাধীয়ে পলাবলৈ চেষ্টা কৰিলে গৰজি উঠে আৰক্ষীৰ বন্দুক । এনে এক ঘটনাই ঘটিল মহানগৰীত ।
গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হ'ল এটা চিলনী চোৰ । চিলনী চোৰটোৰ নাম জুৱেল খান । এই ঘটনাৰ বিষয়ে সদৰী কৰি উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "যোৱা ২৭ জানুৱাৰীত বিজু শৰ্মা নামৰ এগৰাকী বয়স্ক মহিলাৰ পৰা বনফুল পথত থপিয়াই নিছিল এটা বেগ । বয়জ্য়েষ্ঠ মহিলাগৰাকী আঘাতপ্ৰাপ্ত হৈছিল । এই ঘটনাৰ তদন্ত কৰি অভিযান চলোৱা হৈছিল । মঙলবাৰে নিশা হাতীগাওঁ আৰক্ষীৰ এটা দলে সন্দেহৰ ভিত্তিত অভিযান চলাইছিল জুৱেলৰ সিজুবাৰীৰ নৱজ্যোতি পথৰ ঘৰত । এই ঘৰত উদ্ধাৰ হয় বিজু শৰ্মাৰ পৰা লৈ যোৱা দুখনকৈ এ টি এম কাৰ্ডৰ লগতে এখন চুৰী স্কুটীও । "
তেওঁ পুনৰ কয়, "আৰক্ষীয়ে চুৰি সামগ্ৰী উদ্ধাৰ কৰাত ঘৰৰ গাধোৱা ঘৰৰ খিড়িকীৰে পলাই সাৰিছিল জুৱেল খানে । আৰক্ষীয়ে তেওঁৰ সন্ধান চলোৱাত দোৱাত নগৰত হাতীগাঁও আৰক্ষীৰে মুখামুখি হয় জুৱেল । হাতত চোকা অস্ত্ৰ লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয় জুৱেল খান । তাৰ পিছতেই নিশা ১:৩০ বজাত আত্মৰক্ষাৰ স্বাৰ্থত জুৱেলক গুলীয়াই আৰক্ষীয়ে । আৰক্ষীৰ গুলী ভৰিত লাগি আহত হয় চিলনী চোৰটো । বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন হৈ আছে জুৱেল ।"
উল্লেখ্য যে জুৱেলৰ বিৰুদ্ধে হাতীগাঁও আৰু দিছপুৰ আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে । জুৱেল বহুতো চেইন চুৰি, বাইক চুৰি ঘটনাৰ সৈতেও জড়িত বুলি কয় উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই ।