গুৱাহাটী, 29 মার্চ : অসমত কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য আৰু ব্যয়বহুল নোহোৱাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ ইয়াৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে টাটা ট্ৰাষ্টৰে চুক্তি কৰি অসম চৰকাৰে নিৰ্মাণ কৰিছে কেইবাখনো কৰ্কট হাস্পতাল ৷ আনহাতে কেইবাখনো নিৰ্মীয়মান অৱস্থাত আছে ৷
![ASSAM CANCER CARE MODEL](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-03-2024/21101897_nn.jpg)
কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰই কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আন ৰাজ্য সমূহক অনুসৰণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে ৷ অসমৰ বাবে ভাল খবৰ যে ৰাজ্য চৰকাৰে সুনিৰ্দিষ্ট পৰিকল্পনাৰে কৰ্কট ৰোগৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখনক উচ্চ প্ৰশংসা কৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ আন ৰাজ্যসমূহক অসম মডেল অনুসৰণ কৰিবৰ বাবে পৰামর্শ দিছে ৷ এই সন্দৰ্ভত ভাৰত চৰকাৰৰ জ্যেষ্ঠ অর্থনৈতিক উপদেষ্টা ইন্দ্ৰাণী কৌশলে সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব, চিকিৎসা শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব আৰু চিকিৎসা শিক্ষা বিভাগৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
পত্ৰত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসা সুবিধা শক্তিশালী কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ কেন্সাৰ কেয়াৰৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত সমগ্ৰ দেশতে 39 খন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, কেন্সাৰ কেয়াৰ চেণ্টাৰক নানা ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে ৷ এই প্ৰকল্পসমূহৰ ভিতৰত মাত্ৰ এঘাৰটা প্ৰকল্পহে বৰ্তমানলৈকে সম্পূর্ণ হৈ উঠিছে ৷ অসমে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰশংসনীয় কাম কৰা বুলি অভিহিত কৰি জ্যেষ্ঠ অর্থনৈতিক উপদেষ্টা ইন্দ্ৰাণী কৌশলে 27 মাৰ্চত সকলো ৰাজ্যলৈ পত্ৰখন প্ৰেৰণ কৰিছিল ৷
পত্ৰখনত কোৱা হৈছে যে অসমে তিনিটা পৰ্যায়ত কেন্সাৰ কেয়াৰ মডেল ৰূপায়ণ কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অলপতে অনুষ্ঠিত কৰা এখন পৰ্যালোচনা বৈঠকত অসম চৰকাৰে কিদৰে তিনিটা পৰ্যায়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে সুনিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰি তাক ৰূপায়ণ কৰিছে সেয়া আলোচনা কৰি আন ৰাজ্যই যাতে এই মডেল গ্ৰহণ কৰে, তাৰ প্ৰতি আহ্বান জনোৱা হৈছিল ৷ পত্ৰখনত লগতে কোৱা হয় যে শেহতীয়াভাৱে বিভাগ সম্পর্কীয় সংসদীয় স্থায়ী কমিটীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ওপৰত প্ৰস্তুত কৰা প্ৰতিবেদনত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰসমূহত যথোপযুক্ত মানৱ সম্পদ নিয়োগ কৰাৰ ওপৰত গুৰুত্ব দিছে ৷ কিদৰে প্ৰয়োজনীয় মানৱ সম্পদ নিয়োগ কৰি কৰ্কট ৰোগৰ চিকিৎসা কৰিব পাৰি তাৰ যথোপযুক্ত আভাস অসমৰ পৰা পাব পাৰি আৰু সেয়ে অসমৰ কেন্সাৰ কেয়াৰ মডেলক গ্ৰহণ কৰিবলৈ আন ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছে ৷
ইফালে অসম চৰকাৰৰ সফলতাক লৈ কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰশংসা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় - 'এটা সময় আছিল, আমাৰ অসমৰ কৰ্কট ৰোগীসকলে ৰাজ্যৰ বাহিৰৰ কৰ্কট প্ৰতিষ্ঠানলৈ গৈ চিকিৎসা গ্ৰহণ কৰিব লগা হৈছিল ৷ স্বচক্ষে দেখিছিলোঁ তেনে ভুক্তভোগী সকলৰ বেদনাৰ কাহিনী ৷ কিন্তু আজি তাৰ বিপৰীত ছবি এখন আমি আঁকিছো ৷ পূৰ্বৰে পৰা দেখি অহা এটি সপোনৰ পম খেদি অসমক উন্নত স্বাস্থ্য খণ্ডৰ এক 'হাব' হিচাপে গঢ়ি তোলাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িব পাৰিছোঁ ৷"
মুখ্যমন্ত্ৰীয়ে লগতে কয় - 'আজি সঁচাকৈয়ে আনন্দিত হৈছোঁ যে ভাৰত চৰকাৰে আন ৰাজ্যসমূহক অসমৰ 'কেন্সাৰ কেয়াৰ মডেল' গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে ৷ অতি ভাল লাগিছে এইবাবেই যে আমি 3,600 কোটি টকাতকৈও অধিক বিনিয়োগ কৰি 17 খন বিশ্বমানৰ কৰ্কট চিকিৎসালয় নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্য 9 খন কাৰ্যকৰীকৰণ কৰিবলৈ সক্ষম হৈছোঁ ৷ যাৰ জৰিয়তে আৰ্তজনে অতি উচ্চমানসম্পন্ন চিকিৎসা সেৱা ক্ৰয়সাধ্য সেৱা মূল্যত পাব পাৰিছে ৷'
লগতে পঢ়ক : মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা - Pollution In Guwahati