ETV Bharat / state

হাউলী ৰাস মহোৎসৱৰ লটাৰীত এইবাৰ কেইখন বিলাসী বাহন ? - Hawli Raas Festival - HAWLI RAAS FESTIVAL

Raas Festival 2024: হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সংবাদমেল । ১৫ ৰ পৰা ২৯ নৱেম্বৰলৈ পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব হাউলী ৰাস মহোৎসৱ । লটাৰীত থাকিব আকৰ্ষণীয় পুৰস্কাৰ ।

Raas Festival 2024
প্ৰতিনিধিত্বমূলক ছবি (Getty Images)
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 6:44 PM IST

Updated : Sep 27, 2024, 6:56 PM IST

বৰপেটা,২৭ ছেপ্টেম্বৰ : শৰতৰ আগমনৰ লগে লগে আৰম্ভ হৈছে শাৰদীয় পূজাৰ বতৰ । পূজাৰ পিছতে আৰম্ভ হ'ব শাৰদীয় জ্যোৎস্না বিধৌত ৰাতি গোপীনীৰ সৈতে শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়া । পূজাৰ সমান্তৰালভাৱে ৰাজ্যত আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰো প্ৰস্তুতি । অহা ১৫ ৰ পৰা ২৯ নৱেম্বৰলৈ পোন্ধৰদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে বৰপেটাৰ হাউলী চহৰত অনুষ্ঠিত হ'ব ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ ।

৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পর্কে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাসে সংবাদমেল সম্বোধন কৰি ইতিমধ্যে মূল সমিতিৰ লগতে ৫ শতাধিক সদস্যৰে ২৪ খন উপ-সমিতিৰ গঠন কৰি ৰাসৰ প্ৰস্তুতি চলাই থকাৰ কথা অবগত কৰে ।

হাউলী ৰাস মহোৎসৱ (ETV Bharat Assam)

সংবাদমেলত সভাপতি হেমেন দাসে কয়,"এইবেলি হাউলী ৰাস মহোৎসৱত মৃন্ময় মুৰ্ত্তিৰ লগতে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে লেজাৰ শ্ব' আৰু এনিমেছনৰ জৰিয়তে দৰ্শনাৰ্থীক মনোৰঞ্জন প্ৰদানৰ প্ৰয়াস কৰা কৰা হ'ব । লেজাৰ শ্ব' আৰু এনিমেছনৰ জৰিয়তে আধ্যাত্মিক আৰু দেশপ্রেমমূলক বিষয়ৰ উপৰিও হাউলীৰ ৰাসৰ বিভিন্ন দিশ উপস্থাপনৰ প্ৰয়াস চলোৱা হ'ব ।"

হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ পাঠক আৰু নিপামণি কলিতাৰ লগতে সমিতিৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰা সংবাদমেলত এইবেলি কিছু ব্যতিক্রমী চিন্তাৰে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ কথা উল্লেখ কৰা হয় । আনহাতে বৰপেটাৰ হাউলী ৰাস মহোৎৱৰ বহুচৰ্চিত উপহাৰ কুপন খেলত এইবেলি প্রথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা হব ৰেঞ্জ ৰ'ভাৰ বেলাৰ । ১০০ টকাৰ উপহাৰ কুপন খেলত গ্ৰাহকে লাভ কৰিব ৰেঞ্জ ৰ'ভাৰ বেলাৰ বিলাসী বাহন ।

হাউলী ৰাস উদযাপন সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি হাউলী ৰাস মহোৎৱৰ বহুমূখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহাৰ্যাৰ্থে আয়োজিত উপহাৰ কুপন খেলখনৰ পুৰস্কাৰ সম্পৰ্কে প্ৰকাশ কৰে সবিশেষ । ৰাস উদযাপন সমিতিৰ সভাপতি হেমেন দাসে জনোৱা মতে, এইবেলি ৰাস মহেৎসৱৰ উপহাৰ কুপন খেলখনৰ পুৰস্কাৰসমূহ এনেধৰণৰ-

  • প্ৰথম পুৰস্কাৰ-Range Rover Velar
  • দ্বিতীয় পুৰস্কাৰ-Mercedes Benz A class
  • তৃতীয় পুৰস্কাৰ-Toyota Fortuner
  • চতুৰ্থ পুৰস্কাৰ- Toyota Innova Crysta
  • চতুর্থ পুৰস্কাৰ- Isuzu Escape
  • পঞ্চম পুৰস্কাৰ- Tata Safari
  • ষষ্ঠ পুৰস্কাৰ- Hyundai Alcazar
  • সপ্তম- Skoda Slavia
  • অষ্টম পুৰস্কাৰ- Tata Curve
  • নৱম পুৰস্কাৰ-Hyundai Venue কে ধৰি মুঠ ২১ খন বিলাসী বাহন উপহাৰ হিচাপে আগবঢ়োৱা হ'ব ।

আয়কৰ বিভাগৰ যাবতীয় নীতি-নিয়মৰ মাজেৰে আৰু আয়কৰ পৰিশোধ কৰি উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'ব । সংবাদমেলত সভাপতি হেমেন দাসে সদৰী কৰা মতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অনলাইন যোগেও বিক্ৰী কৰিব উপহাৰ কুপন ।

কমেও প্ৰায় ২৫ শতাংশ টিকট অনলাইন যোগে টিকট বিক্ৰী কৰা হ'ব । আনহাতে গ্ৰাহকৰ অত্যধিক ভিৰ নিয়ন্ত্রণৰ বাবে পূৰ্বৰ তুলনাত কুপন বিক্ৰীৰ কাউণ্টাৰ বৃদ্ধি কৰাৰ লগতে কাউন্টাৰসমূহত ডিজিটেল লেনদেনত গুৰুত্ব দি কেচলেচ টিকট বিক্ৰী কৰিব সমিতিয়ে ।

লগতে পঢ়ক: হাউলী ৰাস মহোৎসৱ উদ্বোধন মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগুৰ

যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীলৈ "হাউলী বঁটা ২০২৩"

Last Updated : Sep 27, 2024, 6:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.