ETV Bharat / state

শ্ৰমিক নেতা গংগাৰাম ক’ল হত্যাকাণ্ডৰ ফাইল পুনৰ খুলিলে চি বি আয়ে - GANGARAM KOUL MURDER CASE

চি বি আয়ে পুনৰ খুলিছে পানীতোলাৰ শ্ৰমিক নেতা গংগাৰাম ক’ল হত্যাকাণ্ডৰ ফাইল ৷ তিনিচুকীয়াত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছে চি বি আইৰ দলে ৷

Gangaram Koul murder case
শ্ৰমিক নেতা গংগাৰাম ক’লৰ হত্যাকাণ্ডৰ ফাইল পুনৰ খুলিলে চি বি আয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 3:22 PM IST

তিনিচুকীয়া : ১১ বছৰে ৰহস্যৰ আৱৰ্তত আছে তিনিচুকীয়া জিলাৰ পানীতোলাৰ শ্ৰমিক নেতা গংগাৰাম ক’লৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । আনহাতে, এতিয়াও মুকলি আকাশৰ তলত হত্যাকাণ্ডৰ মূল অভিযুক্ত ৷ ফটোখনকে বুকুত সাৱটি ন্যায়ৰ অপেক্ষাত ৰৈ আছে গংগাৰাম ক’লৰ পত্নী তথা সন্তান ।

২০১৩ চনত তিনিচুকীয়া জিলাৰ পানীতোলাত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডৰ ৰহস্য আজিও উদঘাটন হোৱা নাই ৷ ঘটনা অনুসৰি, ২০১৩ চনৰ ২৫ মাৰ্চত দলীয় কামৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে নিশা প্ৰায় ৯ বজাত পানীতোলাত বাগানৰ মাজৰ ৰাস্তাত ৰছী বান্ধি পথটো বন্ধ কৰি দুৰ্বৃত্তই বাট আগচি ধৰি পৰিকল্পিতভাৱেই হত্যা কৰিছিল চি পি আই এম এলৰ নেতা গংগাৰাম ক’লক ।

শ্ৰমিক নেতা গংগাৰাম ক’লৰ হত্যাকাণ্ডৰ ফাইল পুনৰ খুলিলে চি বি আয়ে (ETV Bharat Assam)

পৰৱৰ্তী সময়ত আৰক্ষীয়ে গংগাৰাম ক’ল হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে । কিন্তু গোচৰ নং 191/13 u/s 341/302/34 IPC ধাৰা সন্নিৱিষ্ট হৈ থকা পঞ্জীয়নভুক্ত গোচৰটোত হত্যাকাণ্ডৰ তদন্তত আৰক্ষীয়ে কোনো তথ্য লাভ নকৰাত চি বি আয়ে তদন্ত অব্যাহত ৰাখে ।

কিন্তু আজিলৈকে এই হত্যাৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি চি বি আয়ে গোচৰটো বন্ধ কৰিছিল ৷ কিন্তু ক’লৰ পৰিয়ালে বিগত বৰ্ষত পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটোৰ তদন্তৰ বাবে লেখ আবেদন দাখিল কৰে ৷ যাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ চি বি আইৰ এটা তিনিজনীয়া দলে তিনিচুকীয়াত পাঁচদিনকৈ বাহৰ পাতি ঘটনাৰ বহুকেইজন অভিযুক্তক সোধা-পোছা কৰে ।

উল্লেখ্য যে চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ৰাজু চাহুৰ উপৰি এই হত্যাকাণ্ডৰ আন অভিযুক্তসকল হৈছে পানীতোলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিজয় গোঁহাই, বজালতলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মৃদুল নেওগ, মহেশ গোৱালা, দীপক ঠাকুৰীয়া আৰু পুৰুষোত্তম ঠাকুৰীয়া । সেই সময়ত গংগাৰাম ক’লে বিভিন্ন দুৰ্নীতি, কেলেংকাৰী সন্দৰ্ভত সততে সৰৱ ভূমিকা গ্ৰহণ কৰিছিল ।

ইফালে চৰ্চা অনুসৰি চি বি আইৰ তদন্তত প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে উপ-নিৰ্বাচনৰ দোহাই দি বিহালীত উপস্থিত থকা বুলি কৈ চি বি আইৰ দলটোৰ পৰা কৌশলেৰে আঁতৰি থাকে । সমান্তৰালভাৱে সেই সময়ৰ আটছা নেতা ক্ৰমে বৰ্তমানৰ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালা, সাংসদ ৰামেশ্বৰ তেলী, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই বৰ্তমান নীৰৱ ভূমিকা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালৰ নিৰ্দেশত বিগত বৰ্ষতো ঘটনাৰ তদন্তৰ বাবে চি বি আইৰ এটা দুজনীয়া দল তিনিচুকীয়াত উপস্থিত হৈ তদন্ত কৰিছিল যদিও তদন্ত কি পৰ্যায়ত আছে সেয়া বৰ্তমানো অন্ধকাৰত আছে ৷

এতিয়া চি বি আইৰ দৰে বিয়াগোম তদন্তকাৰী সংস্থাই এটা দশক ধৰি হত্যাকাণ্ডটোৰ ৰহস্য উদঘাটন কৰিব নোৱৰাটোৱে অতি লজ্জাজনক বিষয় হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ বুকুত সামুদ্ৰিক বিমানৰ অৱতৰণ; পৰ্যটন উদ্যোগলৈ আশাৰ ৰেঙণি
লগতে পঢ়ক :ঈশ্বৰৰ দেশলৈ গ’লগৈ বিস্ময় পাতৰ জনপ্ৰিয় চৰিত্ৰ চেণ্টু দা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.